Vastu Tips: বাস্তু শাস্ত্ৰ এক প্ৰাচীন বিজ্ঞান। ইয়াত বহুতো নিয়মৰ বিষয়ে দাঙি ধৰা হৈছে, যিবোৰ আমি মানি চলিব লাগে। ঘৰৰ আটাইতকৈ পবিত্ৰ ঠাই পাকঘৰ। ধৰ্মীয় আৰু বাস্তু শাস্ত্ৰ বিশ্বাস অনুসৰি দেৱী অন্নপূৰ্ণা পাকঘৰত বাস কৰে। সেয়ে জোতা বা চেণ্ডেল পৰিধান নকৰিবলৈও পৰামৰ্শ দিয়ে।
বাস্তু শাস্ত্ৰৰ মতে, জোতা বা চেণ্ডেল পিন্ধি পাকঘৰত প্ৰৱেশ কৰিলে আপোনাৰ ঘৰটো বাস্তুৰ দোষত পৰে। সেই কাৰণেই জোতা বা চেণ্ডেল পিন্ধি পাকঘৰত ৰন্ধা-বঢ়া কৰাটো নিষেধ। জোতাক অশুদ্ধ বুলি ধৰা হয়। মানুহে জোতা আৰু চেণ্ডেল পিন্ধি ঘূৰি ফুৰে, য’ত লেতেৰা বস্তু বা মলি জমা হ’ব পাৰে। গতিকে পাকঘৰত সোমোৱাৰ পূৰ্বে জোতা-চেণ্ডেল খুলিব লাগে।
আৰ্থিক কষ্ট আৰু স্বাস্থ্যজনিত সমস্যা
পাকঘৰত জোতা-চেণ্ডেল পিন্ধিলে আৰ্থিক অসুবিধা আৰু স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ ফলত পৰিয়ালৰ ভিতৰতো অশান্তিৰ সৃষ্টি হ’ব পাৰে। বাস্তু বিশ্বাস অনুসৰি জোতা পিন্ধি পাকঘৰত প্ৰৱেশ কৰিলে দেৱী অন্নপূৰ্ণা আৰু দেৱী লক্ষ্মী ক্ষুব্ধ হৈ পৰে। ফলস্বৰূপে জীৱনত অশুভ প্ৰভাৱ পৰে।
অস্বীকাৰ: এই বাতৰিত প্ৰকাশিত তথ্য ধৰ্মীয় বিশ্বাস আৰু সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। Assam Live 24 এ ইয়াক সমৰ্থন নকৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ












