ইৰানৰ সৈতে সংঘাত শেষ কৰিবলৈ এইবাৰ ১৫ দফাৰ এখন প্ৰস্তাৱ হৈ হাজিৰ হৈছে আমেৰিকা৷ এই প্ৰস্তাৱত তেহৰানৰ পৰমাণু কৰ্মসূচীৰ ওপৰত কঠোৰ নিয়ন্ত্ৰণ, প্ৰক্সি গোষ্ঠীসমূহক সমৰ্থন বন্ধ কৰা আৰু হৰমুজ প্ৰণালী পুনৰায় উন্মুক্ত কৰাৰ দৰে গুৰুত্বপূৰ্ণ চৰ্ত অন্তৰ্ভূক্ত কৰা হৈছে৷ ইয়াৰোপৰি আলোচনাৰ সুযোগ তৈয়াৰ কৰিবলৈ এমাহৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱো দিছে ৱাছিংটনে৷
অতীত খুঁচৰিলে দেখা যায় যে এই ধৰণৰ চৰ্তত ইৰাণে সমৰ্থন নিদিয়াৰেই সম্ভাৱনা বেছি৷ বৰ্তমান অৱস্থাত তেহৰানে এই পৰিকল্পনা গ্ৰহণ নকৰিব পাৰে বুলি ধাৰণা আন্তৰ্জাতিক বিশ্লেষকৰ৷ এই প্ৰস্তাৱৰ অন্যান্য গুৰুত্বপূৰ্ণ দিশসমূহৰ মাজত আছে ইৰানৰ ক্ষেপণাস্ত্ৰ সক্ষমতা আৰু সংশ্লিষ্ট সামৰিক পৰিকাঠামো ভাঙি পেলোৱা৷ ইয়াৰ বিনিময়ত আমেৰিকাই আংশিক নিষেধাজ্ঞা শিথিল কৰিব পাৰে৷ ৰাষ্ট্ৰসংঘৰ তত্ত্বাৱধানত এক অসামৰিক পৰমাণু কৰ্মসূচী চলোৱাৰ অনুমতি দিব পাৰে৷ য’ত ইন্ধন উৎপাদন কেন্দ্ৰ ইৰানৰ বাহিৰত থাকিব৷ আৰু সৰ্বোপৰি ইৰানৰ অৰ্থনীতি পুনৰুজ্জীৱিত কৰিবলৈ কিছু অৰ্থনৈতিক সহযোগিতাৰ সম্ভাৱনাও বিবেচনা কৰা হৈছে বুলি জনাইছে ডোনাল্ড ট্ৰাম্পে৷
আনহাতে ইজৰায়েলে যুদ্ধ চলাই যাবৰ বাবেই চাপ দি আছে৷ এই যুদ্ধবিৰতিৰ প্ৰস্তাৱত তেওঁলোকো আচৰিত হৈ পৰিছে৷ একেই সময়ত আমেৰিকা, মধ্যপ্ৰাচ্যত তেওঁলোকে সামৰিক উপস্থিতি বঢ়োৱাৰ প্ৰস্তুতি লৈছে আৰু যুদ্ধবিৰতিৰ প্ৰস্তাৱ কেনেকৈ দিলে আমেৰিকাই তাক লৈ হতবাক হৈছে সংগী ইজৰায়েলো৷ বৰ্তমান প্ৰায় ৫০ হাজাৰ মাৰ্কিন সেনা তাত মোতায়েন আছে আৰু ইয়াৰ সৈতে আৰু অন্তত এহেজাৰ সেনা পঠিওৱাৰ পৰিকল্পনাও আছে আমেৰিকাৰ৷
সূত্ৰৰ খবৰ অনুসৰি আমেৰিকাৰ এই শান্তি পৰিকল্পনা ইৰানৰ কাষ পাইছেগৈ৷ যদিও বিস্তাৰিত প্ৰকাশ্যে জনোৱা হোৱা নাই৷ জনা গৈছে পাকিস্তানৰ মধ্যস্থতাত এই প্ৰস্তাৱ ইৰানৰ ওচৰলৈ পঠিওৱা হৈছে৷ পাকিস্তানে আলোচনাৰ আয়োজন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে আৰু সম্ভাৱ্যভাৱে আগন্তুক সপ্তাহৰ পৰাই আলোচনা আৰম্ভ হব পাৰে৷
বিশ্লেষকে ধাৰণা কৰিছে আমেৰিকাই হয়তো এই সংঘাতৰ পৰা বাহিৰলৈ ওলোৱাৰ পথ বিচাৰি আছে৷ সেয়ে গভীৰ অবিশ্বাস, আমেৰিকাৰ পৰিবৰ্তনশীল অৱস্থান আৰু ৰানৰ আভ্যন্তৰীণ সিদ্ধান্ত গ্ৰহণৰ জটিলতাৰ কাৰণে এই আলোচনাৰ পথ অত্যন্ত কঠিন হব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















