বুধৰ নক্ষত্ৰত সূৰ্যৰ প্ৰৱেশে চাৰি ৰাশিৰ জাতকৰ জীৱনলৈ আমূল পৰিবৰ্তন আনি দিব৷ আগন্তুক ৩১ মাৰ্চ মঙ্গলবাৰে নিশা ৮ বাজি ১৬ মিনিটত সূৰ্যই তাৰ নক্ষত্ৰ পৰিবৰ্তন কৰি বুধৰ অধীন ৰেৱতী নক্ষত্ৰত প্ৰৱেশ কৰিব৷ সূৰ্যই ১৪ এপ্ৰিল পৰ্যন্ত তাতেই অৱস্থান কৰিব৷ ৰেৱতী নক্ষত্ৰত সূৰ্যৰ প্ৰৱেশে ৪টা ৰাশিৰ জাতকৰ মনত আত্মবিশ্বাস জগাই তুলিব৷ তেওঁলোকৰ নেতৃত্বদানৰ ক্ষমতা আৰু কৰ্মশক্তিক বঢ়াই তুলিব৷ কোন ৪ৰাশিৰ ভাগ্য সলনি হ’ব?
মেষ ৰাশি
সূৰ্যৰ এই গোচৰ মেষ ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ প্ৰমাণিত হব৷ তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িব আৰু কৰ্মশক্তি বৃদ্ধি পাব৷ অসমাপ্ত কাম সম্পন্ন কৰিব পাৰিব৷ ভাগ্যই এই ৰাশিৰ জাতকক সহায় কৰিব৷ কৰ্মজীৱনত উন্নতিৰ নতুন পথ উন্মোচিত হব৷ গুৰুত্বপূৰ্ণ আৰ্থিক সিদ্ধান্ত ল’ব পাৰে৷ ডাঙৰ বিনিয়োগৰ পৰা লাভৱান হব আৰু প্ৰেমৰ সম্পৰ্কৰ বন্ধন আৰু উন্নত হব৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকৰ বাবে সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনে বিশেষ সুফল কঢ়িয়াই আনিব৷ তেওঁলোকৰ আৰ্থিক অৱস্থা শক্তিশালী হব৷ কৰ্মক্ষেত্ৰত উচ্চতৰ পদ লাভ কৰিব৷ দায়িত্বৰ সৈতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰিব৷ অনায়াসে গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম শেষ কৰিব পাৰিব৷ সমাজ আৰু পৰিয়ালত জাতকৰ সন্মান বৃদ্ধি পাব৷ ব্যক্তিত্বৰ উন্নতি ঘটিব৷ বিচক্ষণতাৰ সৈতে পৰিস্থিতিক বিশ্লেষণ কৰিব পাৰে৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতকৰ বাবে সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তন নানানভাৱে ইতিবাচক হব পাৰে৷ তেওঁলোকৰ বোধশক্তি বৃদ্ধি পাব আৰু চিন্তাভাৱনা আৰু স্বচ্ছ হব৷ কৰ্মজীৱনত উন্নতিৰ অসংখ্য সুযোগ আহিব৷ আৰ্থিক লাভ সম্ভৱ হব৷ বিনিয়োগৰ পৰা ভাল মুনাফা কৰিব পাৰে৷ পঢ়াশুনাত মনোযোগ বাঢ়িব৷ আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষণ বাঢ়িব৷
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকৰ বাবে সূৰ্যৰ এই গোচৰে সাফল্যৰ দ্বাৰ উন্মুক্ত কৰিব৷ কৰ্মক্ষেত্ৰত উন্নতি কৰিব পাৰিব৷ কঠোৰ পৰিশ্ৰমৰ পূৰ্ণ ফল লাভ কৰিব৷ দীৰ্ঘদিন ৰৈ থকা ধন পুনৰুদ্ধাৰ কৰিব পাৰিব৷ ব্যৱসায়ত লাভৰ নতুন পথ খুলি যাব৷ জাতকে নতুন চাকৰিৰ অফাৰ পাব পাৰে৷ ভৱিষ্যতৰ পৰিকল্পনাক লৈ কাম আৰম্ভ কৰিব পাৰে৷ আৰ্থিক অৱস্থাৰ উন্নতি হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















