ছলমান খান বুলিলেই ফেশ্ব্যন আইকন৷ মাজে মাজে বিতৰ্কৰেও সংবাদ শিৰোনামলৈ আহে ছলমান খান৷ অৱশ্যে এইবাৰ কোনো বিতৰ্ক নহয়৷ এইবাৰ তেওঁ চৰ্চালৈ আহিছে আন এক কাৰণত৷ এইবাৰ সকলোৰে নজৰত পৰিছে ছলমান খানে পিন্ধা এটা আঙুঠিত৷ ভাইজানৰ আঙুঠিক লৈ এইবাৰ সামাজিক মাধ্যমত আৰম্ভ হৈছে চৰ্চা৷
সম্প্ৰতি মুম্বাইৰ এক অনুষ্ঠানত হাজিৰ হৈছিল ছলমান খান৷ তাতেই তেওঁৰ হাতৰ আঙুঠিতোৱে সকলোৰে নজৰ কাঢ়িছে৷ সাধাৰণতে মানুহে আঙুঠি অনামিকা আঙুলিত পিন্ধে৷ কিন্তু ছলমানে আঙুঠি পৰিধান কৰিছে মধ্যমাত৷ যিয়ে নেটিজেনৰ মাজত কৌতূহল তৈয়াৰ কৰিছে৷
ছলমান খান মানেই ষ্টাইল আইকন৷ তেওঁৰ হাতৰ ফিৰোজা পাথৰৰ ব্ৰেছলেটৰ দৰেই আইকনিক এটা আঙুঠি৷ বহুতে ধাৰণা কৰিছে যে এয়া কোনো ফেশ্ব্যন নহয়, বৰং জীৱনৰ নেতিবাচক শক্তি বা নজৰৰ পৰা বাচি থাকিবলৈ ভাইজানে এই পথ বাচি লৈছে৷
ভাৰতীয় সংস্কৃতিত বহুতেই বিশ্বাস কৰে যে অশুভ দৃষ্টি বা নজৰ লাগিলে উন্নতিৰ পথত বাধা আহে৷ কোনোৱে ক’লা ফুট ব্যৱহাৰ কৰে কোনোৱে আকৌ নেমু, জলকীয়া বান্ধে৷ আকৌ কোনোৱে বিশেষ পাথৰ বা আঙুঠি পৰিধান কৰে৷ ছলমানৰ এই আঙুঠি পিন্ধাৰ ধৰণতো সেই বিশ্বাসেই আছে বুলি ধাৰণা কৰিছে বহুজনে৷ ছলমানৰ মতে এজন মেগাষ্টাৰে যেতিয়া বিশ্বাসক অনুসৰণ কৰে তেতিয়া সাধাৰণ মানুহৰ চকুত সেয়া পৰিবই৷
এই বিষয়ক লৈ সামাজিক মাধ্যমত মিশ্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে৷ কোনোৱে ধেমালিৰ চলেৰে প্ৰতিক্ৰিয়া জনাইছে৷ এজন নেটনাগৰিকে লিখিছে, ইমান ডাঙৰ তাৰকাই যদি নজৰ এৰাবলৈ চেষ্টা কৰে তেন্তে বিষয়টো সঁচায়ে ইণ্টাৰেষ্টিং৷ আকৌ কোনো কোনো লোকে ইয়াক কুসংস্কাৰ বুলিও সমালোচনা কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















