• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক’ৰোনা কাল, ২০২০

ক’ৰোনা কাল, ২০২০

5 years ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

2 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

3 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

4 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

6 hours ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

6 hours ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

7 hours ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

8 hours ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

23 hours ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

23 hours ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

24 hours ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

1 day ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

ক’ৰোনা কাল, ২০২০

ভেকচিনে আনিছে আশাৰ বতৰা

editor by editor
December 31, 2020
in অসম, ক'ভিড-১৯, বিশ্ব, ভাৰত
0
ক’ৰোনা কাল, ২০২০
0
SHARES
152
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ক’ৰোনা কাল, ২০২০

অসম লাইভ ২৪ঃ ২০২০ মানৱ জাতিৰ বাবে এক সংকট কাল। ২০১৯ চনত চীনৰ য়ুহানত কোভিড ১৯ ভাইৰাছ চিনাক্ত হোৱাৰ পাছত ২০২০ত বিশ্বজুৰি মহাত্ৰাসৰ সৃষ্টি কৰিছে এই ভাইৰাছে। বিশ্ব স্বাস্থ্য সংস্থাই মহামাৰী আখ্যা দিলে এই পৰিৱেশ, পৰিস্থিতিক। এই মহাসংকটৰ গৰাহত পৰিল বিশ্বৰ আন আন দেশৰ লগতে ভাৰতবৰ্ষও। মহামাৰীৰ কবলৰ পৰা ৰক্ষা পৰিবলৈ দেশে দেশে চলিল প্ৰতিষেধক উদ্ভাৱনৰ যুদ্ধকালীন তৎপৰতা। প্ৰথম অৱস্থাত চীন, ইটালী, ইংলেণ্ড আদিত ক’ৰোনা ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। পৰৱৰ্তী সময়ত ভাৰততো মহামাৰীয়ে মহা আতংকৰ সৃষ্টি কৰে। মাৰ্চত পৰিস্থিতিৰ অৱনতি লক্ষ্য কৰি চৰকাৰে লকডাউন ঘোষণা কৰে। সমগ্ৰ দেশবাসী চিনাকি হ’ল এক নতুন পৰিৱেশ, পৰিস্থিতিৰ সৈতে। ঘৰতে আবদ্ধ হৈ থাকিবলগা হ’ল দেশবাসী। লকডাউনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন স্থানৰ পৰা ঘৰমুৱা হৈছিল শ্ৰমিক, শিক্ষাৰ্থী তথা নানা বৃত্তিত জড়িত লোকসকল। ঘৰমুৱা হোৱা পৰিস্থিতি এনে পৰ্যায়লৈ গৈছিল যে ইয়ো এক সমস্যা হৈ উঠিছিল। যেনে তেনে নিজৰ ঘৰখনত উপস্থিত হ’বলৈ কোনোবাই শ শ কিলোমিটাৰ খোজকাঢ়ি, কোনোবাই চাইকেল চলাই, কোনোবাই যান-বাহনেৰে যাত্ৰা আৰম্ভ কৰিছিল। ইপিনে বন্ধ হৈ পৰিছিল ৰে’ল, বিমান যাতায়াত। বহিঃৰাষ্ট্ৰত শংকা, সংশয়ৰ মাজত জীৱন অতিবাহিত কৰিবলগা হৈছিল বহুজনে। এই সমগ্ৰ পৰিস্থিতি চৰকাৰ, প্ৰশাসনে অৰ্হনিশে নিয়ন্ত্ৰণৰ চেষ্টা চলায়। ইপিনে, এই পৰিস্থিতিত সমগ্ৰ অৰ্থনীতি ভাগি তচনচ হৈ পৰে। আনকি পোহনীয়া বা ৰাস্তাৰ পশু-পক্ষীকো প্ৰভাৱিত কৰে লকডাউনে। দিল্লী, মুম্বাইৰ দৰে মহানগৰত পথৰ কুকুৰক খাদ্য যোগান ধৰিছিল একাংশ স্বেচ্ছাসেৱী সংগঠনে। এই কোভিডকালত মাস্ক, ছেনিটাইজাৰ, হাতধোৱা আদিক লৈয়ে ব্যস্ত হ’বলগা হ’ল মানৱ জাতি। কোভিড কেয়াৰ চেণ্টাৰ, কোভিড হাস্পতাল, কণ্টেইনমেণ্ট জ’ন, কণ্টেক্ট টেষ্টিং, স্বাৱ টেষ্ট আদি বিভিন্ন নতুন আদব-কায়দাৰে চিনাকি হ’ল দেশবাসী। ক’ৰোনা খেদিবলৈ কোভিড যোদ্ধাক উৎসাহিত কৰাৰ নামত হেলিকপ্টাৰেৰে পুষ্পবৃষ্টি, থাল-বাতি বাদন, বন্তি প্ৰজ্জ্বলন আদিৰ দৰে নাভূত-নাশ্ৰুত কৰ্মকাণ্ডও মহামাৰীৰ মহাতংকত দিগ-বিদিগ হেৰুওৱা চৰকাৰে নিজা প্ৰচেষ্টা চলাইছিল।  আৰম্ভ হ’ল আনলক। পৰ্যায়ক্ৰমে চৰকাৰে ব্যৱসায়, বাণিজ্য, উদ্যোগ, প্ৰতিষ্ঠান, চৰকাৰী কাৰ্যালয় আদি পুনৰ খোলাৰ অনুমতি দিলে। অৱশ্যে এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই আনলক পৰ্যায়। এটা শিক্ষাবৰ্ষ হেৰুৱালে দেশৰ শিক্ষাৰ্থীয়ে। অৱশ্যে শেহতীয়াকৈ বিদ্যালয়সমূহ পৰ্যায়ক্ৰমে খোলা হৈছে। ইয়াৰ মাজতে বিশ্বজুৰি চলিছে কোভিড ১৯ক বশ কৰিব পৰা ভেকচিন উদ্ভাৱনৰ ব্যাপক চিন্তা-চৰ্চা। ব্ৰিটেইনত অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ তত্বাৱধানত ভেকচিন উদ্ভাৱনৰ কাম চলে।  আমেৰিকা, চীন আদিৰ সমান্তৰালকৈ ভাৰততো চলিল গৱেষণা। শেহতীয়াকৈ ব্ৰিটেইনত আৰম্ভ হ’ল কোভিড ভেকচিন প্ৰদানৰ কাম। ভাৰততো চলিছে ট্ৰায়েল। এই ট্ৰায়েলৰ অন্তৰ্ভুক্ত হৈছে অসমৰ শোণিতপুৰ আৰু নলবাৰী জিলা। ৰামদেৱে কোভিডৰ প্ৰতিষেধক উদ্ভাৱনৰ চেষ্টা চলাই তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰে। ক’ৰনীল উদ্ভাৱনেৰে দেশত তোলপাৰ লগাইছিল পতঞ্জলিয়ে। পিছে ন্যায়ালয়ৰ ৰোষত পৰিল পতঞ্জলি। অসমতো ক’ৰোনাই সৃষ্টি কৰিলে অভাৱনীয়  পৰিৱেশ। অসমত প্ৰথম ক’ৰোনা ৰোগী চিনাক্ত হ’ল কৰিমগঞ্জত। আৰু তাৰ পাছত ৰাজ্যজুৰি আতংক, ভয়াৱহ সংক্ৰমণ। গুৱাহাটীতে নিতৌ চিনাক্ত হ’ল প্ৰায় ১০০০ পৰ্যন্ত ক’ৰোনা ৰোগী। বিশ্বজুৰি এই মহামাৰী চলি থকাৰ সময়তো একাংশৰ উদ্ভাৱনিক শক্তিক স্বীকাৰ কৰিব লাগিব। কোনোবাই সাজি উলিয়ালে ছেনিটাইজেচনৰ বিভিন্ন পদ্ধতি। হাতেৰে কোনো চুইছ আদি স্পৰ্শ নকৰাকৈ স্বয়ংক্ৰিয়ভাৱে সম্পূৰ্ণ মানুহগৰাকীক ছেনিটাইজ হ’ব পৰা ব্যৱস্থাও উদ্ভাৱন কৰিলে উত্তৰ-পূৰ্বাঞ্চলৰে কেইবাগৰাকীও উদ্ভাৱকে। বৰ্তমান অসমত পৰিস্থিতি কিছু উন্নতি ঘটিছে। আনহাতে ব্ৰিটেইনত ব্যাপক অৱনতি ঘটিছে পৰিস্থিতিৰ। ক’ৰোনাৰ নতুন ৰূপে ব্ৰিটেইনত পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ক’ৰোনাৰ দ্বিতীয় প্ৰৱাহৰ চোক পূৰ্বৰ তুলনাত ৭০ শতাংশ বেছি বুলি গৱেষকসকলে মন্তব্য কৰিছে। ইমান দ্ৰুতগতিত হোৱা সংক্ৰমণৰ পৰিণতিত ভৰ্তি হৈ পৰিছে ব্ৰিটেইনৰ হাস্পতাল, কোভিড কেয়াৰ চেণ্টাৰ ইত্যাদি। এই কোভিডে আমাৰ মাজৰ পৰা বহুজনক চিৰদিনৰ বাবে লৈ গ’ল। ইপিনে কোভিডে সলাই পেলালে বহুতৰে জীৱনৰ গতি। কোনোবাই হেৰুৱালে জীৱিকা, কোনোবাই সলাব লগা হ’ল জীৱিকাৰ পথ। ইয়াৰ প্ৰভাৱ পৰিল অসমতো। অসমৰ চিনেমা, থিয়েটাৰ, উদ্যোগ ভয়াৱহ ক্ষতিৰ সন্মুখীন হৈছে। অৱশ্যে সম্প্ৰতি পৰিৱেশ, পৰিস্থিতি কিছু উন্নতি ঘটিছে। এই দুৰ্বিসহ বছৰৰ এই অন্তিম দিনটোত সকলোৰে প্ৰাৰ্থনা, আশা ২০২১ত অন্ত পৰিব এই যন্ত্ৰণাৰ। সুখ, সমৃদ্ধিৰে ভৰি পৰিব সকলোৰে জীৱন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24coronacorona vaccine
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব
জীৱনশৈলী

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

February 5, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

February 5, 2026
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ
জীৱনশৈলী

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

February 5, 2026
Next Post
বিধানসভাত কৃষি আইনৰ বিৰোধিতা

বিধানসভাত কৃষি আইনৰ বিৰোধিতা

পাকিস্তানত হিন্দু ধর্মগুৰুৰ সমাধি ধ্বংস

পাকিস্তানত হিন্দু ধর্মগুৰুৰ সমাধি ধ্বংস

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.