• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

1 month ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

23 minutes ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

44 minutes ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

2 hours ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

2 hours ago
‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

5 hours ago
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

5 hours ago
অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

6 hours ago
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

6 hours ago
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

7 hours ago
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

8 hours ago
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

9 hours ago
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

দোষী সাব্যস্ত হ'লে ১০ বছৰ পৰ্যন্ত হ'ব পাৰে কাৰাবাস

editor by editor
August 11, 2026
in অপৰাধ, ক্ৰীড়া, বিনোদন, বিবিধ, ভাৰত, লেখা
0
ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

IPLত দিল্লী কেপিটেলছৰ হৈ খেলা বংগৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক ধ*ৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। মঙলবাৰে কলকাতাত গ্ৰেপ্তাৰ কৰা হয় ২৩ বছৰীয়া ক্ৰিকেটাৰজনক। এগৰাকী মেডিকেলৰ ছাত্ৰীৰ অভিযোগৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে ধ*ৰ্ষণ, ভাবুকি প্ৰদানসহ একাধিক অভিযোগত গোচৰ ৰুজু কৰা হৈছিল। অভিযোগকাৰী মহিলাগৰাকীয়ে বিগত জুনত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল। এই গোচৰটো ইতিমধ্যে কলকাতা উচ্চ ন্যায়ালয়তো চলি আছিল। আদালতে ২০ জুলাইত অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়াৰ লগতে তেওঁৰ ইলেক্ট্ৰনিক ডিভাইচসমূহ জব্দ কৰাৰ নিৰ্দেশ দিছিল। অৱশ্যে ক্ৰিকেটাৰগৰাকীয়ে আৰম্ভণিৰে পৰাই তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰি আহিছে।

অভিযোগ অনুসৰি, যুৱতীগৰাকীয়ে দাবী কৰিছে যে তেওঁ আৰু অভিষেক পোৰেল বিগত প্ৰায় তিনিবছৰ ধৰি সম্পৰ্কত আছিল। কিন্তু যোৱা বছৰৰ পৰা দুয়োৰে মাজত মতানৈক্য আৰম্ভ হয়। অভিযোগকাৰীৰ মতে, ইয়াৰ পিছৰে পৰা ক্ৰিকেটাৰগৰাকীয়ে তেওঁৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰে। যুৱতীগৰাকীয়ে অভিযোগ কৰিছে যে অভিষেক পোৰেলে তেওঁক বিয়াৰ প্ৰতিশ্ৰুতি দিছিল। সেই প্ৰতিশ্ৰুতিৰ ভিত্তিতেই দুয়োৰে মাজত শাৰীৰিক সম্পৰ্ক স্থাপন হৈছিল বুলি অভিযোগত উল্লেখ কৰা হৈছে। কিন্তু পিছত অভিষেকে বিয়াত সন্মতি নিদিয়া বুলি যুৱতীগৰাকীয়ে দাবী কৰিছে।

বাওঁহতীয়া টপ অৰ্ডাৰ বেটাৰ তথা উইকেটকীপাৰ অভিষেক পোৰেল ২০২৩ চনৰ পৰা IPLত দিল্লী কেপিটেলছৰ হৈ খেলি আহিছে। দলটোৱে তেওঁক ৪ কোটি টকা মূল্যত ৰিটেইন কৰিছিল। বিগত ছিজনত দিল্লী কেপিটেলছৰ হৈ পোৰেলে চাৰিটা ইনিংছত মুঠ ১০৮ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ পূৰ্বে অভিষেকে ইণ্ডিয়া ‘এ’ দলৰ সৈতেও ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছিল। ২০২১-২২ ছিজনত বংগৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটোৱা পোৰেলে এতিয়ালৈকে ৩২খন ফাৰ্ষ্ট ক্লাছ আৰু ২৩খন লিষ্ট-এ মেচ খেলিছে।

বিৱাহৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ অভিযোগৰ ক্ষেত্ৰত ভাৰতীয় ন্যায় সংহিতা (BNS)ৰ ধাৰা ৬৯ প্ৰযোজ্য হ’ব পাৰে। এই ধাৰা তেতিয়াহে প্ৰযোজ্য হয়, যেতিয়া অভিযোগ অনুসৰি অভিযুক্ত ব্যক্তিজনৰ আৰম্ভণিৰ পৰাই বিয়া কৰাৰ কোনো প্ৰকৃত উদ্দেশ্য নাছিল, কিন্তু বিয়াৰ প্ৰতিশ্ৰুতি দি মহিলাগৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। দোষী সাব্যস্ত হ’লে এই ধাৰাৰ অধীনত ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু জৰিমনাৰ ব্যৱস্থা আছে।

অৱশ্যে বিয়াৰ প্ৰতিশ্ৰুতি পূৰণ নোহোৱা প্ৰতিটো ঘটনাকেই ধ*ৰ্ষণ বুলি গণ্য কৰা নহয়। আদালতে ঘটনাটোৰ সময়ত অভিযুক্তজনৰ প্ৰকৃত উদ্দেশ্য কি আছিল, সম্পৰ্কটো কেনেদৰে গঢ় লৈছিল আৰু শাৰীৰিক সম্পৰ্কৰ ক্ষেত্ৰত সন্মতিৰ পৰিস্থিতি কেনে আছিল—এই সকলোবোৰ বিষয় বিবেচনা কৰে। দুয়োৰে সন্মতিত সম্পৰ্ক স্থাপন হোৱাৰ পিছত পৰৱৰ্তী সময়ত কোনো কাৰণত বিয়া নহ’লে, কেৱল সেই কাৰণতেই ঘটনাটো ধ*ৰ্ষণ হিচাপে গণ্য নহ’বও পাৰে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: abhishek porelasom live24ipl
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক
জীৱনশৈলী

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

September 12, 2026
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!
জীৱনশৈলী

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

September 12, 2026
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা
বাণিজ্য

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

September 12, 2026
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…
সমীক্ষণ (আলোচনী)

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

September 12, 2026
Next Post
অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

ভাৰতত আঁতৰোৱা হ'ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.