অসম লাইভ ২৪ঃ পাকিস্তানত হিন্দু বিদ্বেষ নতুন কথা নহয়। এইবাৰ হিন্দু ধর্মগুৰুৰ সমাধি আৰু হিন্দু নেতাৰ বাসগৃহ ধ্বংস কৰিলে মুছলমানে। পাকিস্তানৰ কৰক জিলাৰ তেৰি নামৰ গাঁৱত শ্ৰীপৰম হংসজী মহাৰাজৰ এটা ঐতিহাসিক সমাধি আছিল। এগৰাকী হিন্দু নেতাই সমাধিৰ কাষতে ঘৰ সাজে। উল্লেখ্য এই অঞ্চলটোত নাই কোনো হিন্দু লোক। ইয়াৰ পৰিপ্ৰেক্ষিতত স্থানীয় লোকে হিন্দু নেতাগৰাকীৰ ঘৰৰ লগতে শ্ৰীপৰম হংসজী মহাৰাজৰ সমাধি ধ্বংস কৰি পেলায়। পাকিস্তানৰ মানৱ অধিকাৰ মন্ত্ৰী ডাঃ শিৰিন মঞ্জাৰীয়ে এই ঘটনাক টুইটাৰযোগে গৰিহণা দি দোষীৰ উপযুক্ত শাস্তি দাবী কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ