আমি সকলোৱে জানো যে ভাৰতীয় পাকঘৰ আয়ুৰ্বেদিক ঔষধৰ ঘৰ হিচাপে জনাজাত৷ এনেদৰে যিকোনো ধৰণৰ ৰোগৰ বাবে পাকঘৰত অৰ্ধেক ঔষধ উপলব্ধ।
ইয়াৰে এটা হ’ল নহৰু৷ যাক অতিশয় শক্তিশালী বুলি গণ্য কৰা হয়। নহৰু হৈছে এক বনৌষধি যি শক্তিশালী এন্টিঅক্সিডেন্ট খাদ্য হিচাপে সমগ্ৰ বিশ্বতে বিখ্যাত। বহু গৱেষণাই দাবী কৰিছে যে ইয়াত ডাঙৰ ডাঙৰ ৰোগবোৰো নিৰাময় কৰাৰ ক্ষমতা আছে।
ইয়াৰ লগতে ইয়াক ঘৰুৱা উপায়তো আয়ুৰ্বেদিক চিকিৎসাৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। কিন্তু বহু উপকাৰিতা থকাৰ পিছতো ই একাংশ লোকৰ বাবে ক্ষতিকাৰক। কিছুমান ৰোগত নহৰু খোৱোতো ক্ষতিকাৰক হ’ব পাৰে। এনে অৱস্থাত আজি আমি আপোনালোকক ক’ম কোন কোন মানুহে নহৰু খাব নালাগে।
এইসকল লোকে নহৰু খাব নালাগে
ডায়েবেটিছ ৰোগী
ডায়েবেটিছ ৰোগীৰ বাবে অতিৰিক্তভাৱে সেৱন কৰাটো ক্ষতিকাৰক৷ ই তেওঁলোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ নহৰু অতিৰিক্তভাৱে খালে তেওঁলোকৰ তেজৰ চেনিৰ মাত্ৰা কমিব পাৰে৷ যাৰ ফলত তেওঁলোকৰ বাবে সমস্যাৰ সৃষ্টি হ’ব পাৰে। যদি ইয়াক কম পৰিমাণত কোৱা হয়, তেন্তে ই চেনি নিয়ন্ত্ৰণ কৰে। কিন্তু অতিৰিক্তভাৱে নহৰু খালে ই ক্ষতিকাৰক হ’ব পাৰে।
যকৃত ৰোগী
যিসকল লোকৰ যকৃত, অন্ত্ৰ বা পেটৰ সমস্যা আছে তেওঁলোকে নহৰু খাব কৰিব নালাগে৷ অৱশ্যে কমাই খাব পাৰে যাতে বিশেষ অসুবিধাৰ সৃষ্টি নকৰে৷ অত্যধিক পৰিমাণে খালে অন্ত্ৰত যিকোনো ধৰণৰ ঘাঁ হ’ব পাৰে।
শেহতীয়াকৈ অস্ত্ৰোপচাৰ কৰা ৰোগী
শেহতীয়াকৈ অস্ত্ৰোপচাৰ কৰা লোকসকলে নহৰু খোৱাৰ পৰা বিৰত থাকিব লাগে। নহৰু তেজ পাতল কৰা কাৰকৰূপে হিচাপে কাম কৰে৷ গতিকে যিসকলে শেহতীয়াকৈ অস্ত্ৰোপচাৰ কৰিছে তেওঁলোকে ইয়াক খোৱাৰ পৰা বিৰত থাকিব লাগে, কাৰণ তেওঁলোকৰ ঘাঁ সতেজ আৰু তেজ পাতল হোৱাৰ বাবে ঘাঁৰ পৰা তেজ ওলোৱাৰ সম্ভাৱনা থাকে৷
(ইয়াত দিয়া তথ্যসমূহ ঘৰুৱা প্ৰতিকাৰ আৰু সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। ইয়াক গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওক।)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















