মাহেকীয়া মহিলাসকলৰ প্ৰতিমাহে হোৱা এক স্বাভাৱিক প্ৰক্ৰিয়া। মাহেকীয়াত বহু মহিলাৰ পেটৰ বিষৰ দৰে সমস্যা হয়। যাৰ ফলত তেওঁলোকে অতিষ্ঠ হৈ পৰে। বহু মহিলাই মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ অনুভৱ কৰে, যাৰ পৰা আৰাম পোৱাটো কঠিন হৈ পৰে। কিন্তু এতিয়া এই বিষৰ বাবে বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। ইয়াত আমি কিছুমান ঘৰুৱা উপায় লৈ আহিছোঁ, যিবোৰ অনুসৰণ কৰি আপুনি এই সমস্যাৰ পৰা সকাহ পাব পাৰিব।
গৰম পানীঃ মাহেকীয়াৰ সময়ত গৰম পানী খোৱা অভ্যাস কৰিব লাগে। ইয়াৰোপৰি আপোনাৰ তলপেটত গৰম পানীৰ বেগেৰে সেক দিয়ক বা গৰম ভাপ প্ৰয়োগ কৰক।
জিৰা পানী ব্যৱহাৰ কৰকঃ ঋতুস্ৰাৱৰ সময়ত মহিলাসকলেও গেছৰ সমস্যা বৃদ্ধিৰ সন্মুখীন হ’ব পাৰে, যাৰ ফলত তেওঁলোকৰ পেটত বিষ হোৱাৰ সম্ভাৱণা থাকে। ইয়াৰ পৰা মুক্তি পাবলৈ আপোনাৰ পাকঘৰত থকা জিৰা হৈছে উত্তম বিকল্প। পিৰিয়ডৰ সময়ত বিষৰ পৰা উপশম পাবলৈ আধা চামুচ আজৱাইন নিমখ আৰু কুহুমীয়া পানীৰ সৈতে খাব লাগে। ইয়াৰ দ্বাৰা বিষৰ পৰা সকাহ পাব।
আদা আৰু মৌঃ অসহ্যকৰ বিষৰ বাবে ঋতুস্ৰাৱৰ সময়ত কাম কৰাটো কঠিন হৈ পৰে। গতিকে এই বিষৰ পৰা সকাহ পাবলৈ এচামুচ মৌ আৰু আদাৰ ৰস মিহলাই একেলগে খাব লাগে। ইয়াৰ পৰাও আৰাম পাব পাৰে মহিলাসকলে।
(এই লেখাত দিয়া তথ্যসমূহ সাধাৰণ বিশ্বাসৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। Asom Live 24 এ এইবোৰ নিশ্চিত নকৰে। বিশেষজ্ঞৰ পৰামৰ্শ লৈহে এই কথা অনুসৰণ কৰক।)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















