• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

6 months ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

11 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

11 hours ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

12 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

13 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

13 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

14 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

14 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

15 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

17 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

17 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

17 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

editor by editor
April 13, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লতা মঙ্গেছকাৰ আৰু আশা ভোঁছলে৷ ভাৰতীয় সংগীত জগতৰ দুই উজ্জ্বল নক্ষত্ৰ৷ তেজৰ সম্পৰ্কৰ বান্ধোনেৰে বন্ধা দুয়োৰে সম্পৰ্ক৷ কিন্তু এই দুই নাম উচ্চাৰিত হ’লেই প্ৰতিদ্বন্দ্বিতাৰ প্ৰসংগও প্ৰকট হৈ উঠে৷ তেওঁলোকৰ সম্পৰ্ক আছিল ভালপোৱাৰ, সম্পৰ্ক আছিল প্ৰতিযোগিতাৰ৷ এই সম্পৰ্কত আছিল দূৰত্ব আৰু বিতৰ্কও৷ এক জটিল মেৰপেছেৰে বন্ধা আছিল দুই বায়েক ভনীয়েকৰ সম্পৰ্ক৷

দীননাথ মঙ্গেছকাৰৰ পাঁচ সন্তানৰ ভিতৰত জ্যেষ্ঠ কন্যা লতা মঙ্গেছকাৰৰ কান্ধত খুবেই কম বয়সতে আহিছিল পৰিয়াল চলোৱাৰ দায়িত্বভাৰ৷ পিতৃৰ অকালপ্ৰয়াণৰ পাছতেই তেওঁৰ কান্ধত আহিছিল পৰিয়ালটোক চলোৱাৰ দায়িত্ব৷ কাৰণ তেওঁ যে আছিল জ্যেষ্ঠ কন্যা৷

খুবেই কম বয়সৰ পৰা জীৱনৰ কঠিন বাস্তৱৰ মুখামুখি হোৱা, ভায়েক ভনীয়েকৰ বিষয়ে লতা মঙ্গেছকাৰ আছিল স্বভাৱতেই ৰক্ষণশীল আৰু দায়িত্বশীল৷ সেই কাৰণেই বোধহয় মানি ল’ব পৰা নাছিল সৰু ভনীয়েক আশা ভোঁছলেৰ মাত্ৰ ১৬ বছৰ বয়সত বিবাহ কৰোৱাৰ সিদ্ধান্তক৷ সেই ঘটনাকেই বহুতে ধাৰণা কৰে যে মঙ্গেছকাৰ পৰিয়ালত সাময়িক দূৰত্বৰ সূচনা হিচাপে৷ যাৰ প্ৰভাৱ পৰিছিল দুই ভনীয়েকৰ সম্পৰ্কতো৷

নাছৰিন মুন্নি কবীৰৰ সাক্ষাৎকাৰভিত্তিক গ্ৰন্থ লতা মঙ্গেছকাৰ ইন হাৰ ঔন ভয়েছ (Lata Mangeshkar: In Her Own Voice)-ত আশা ভোঁছলেই উল্লেখ কৰিছে যে, শৈশৱত ভায়েকভনী য়েকসকলৰ মাজত তেওঁ আছিল লতা মঙ্গেছকাৰৰ অতিকৈ মৰমৰ৷ লতা মঙ্গেছকাৰে তেওঁক কোলাত লৈ সকলো সময়তে ফুৰিছিল৷ একেলগে শিল্পী হিচাপে লতা মঙ্গেছকাৰৰ প্ৰতি তেওঁৰ গভীৰ শ্ৰদ্ধাৰ আভাষো সেই গ্ৰন্থত পোৱা যায়৷ লতাজীৰ প্ৰতিভাক সৰ্বোচ্চ আসনত তেওঁ সদায়ে বহুৱাই আহিছে৷

এক সাক্ষাৎকাৰত লতা মঙ্গেছকাৰে নিজেই এক সাক্ষাৎকাৰত জনাইছিল যে সৰু ভনীয়েক আশাৰ প্ৰথম স্বামী গণপতৰাও ভোঁছলেৰ কাৰণেই তেওঁলোকৰ মাজত ভুল বুজাবুজিৰ সূত্ৰপাত৷ শুনা যায় যে গণপতৰাওৰ ধাৰণা আছিল যে লতা মঙ্গেছকাৰৰ জনপ্ৰিয়তাৰ বাবেই কামৰ সুযোগ পোৱা নাই আশাই৷ চল্লিছৰ দশকৰ শেষদিশত দুই ভনীয়েকে একেলগে সংগীতজগতত প্ৰৱেশ কৰিলেও পাঁচ আৰু ছয় দশকত লতাই দ্ৰুত শীৰ্ষলৈ যায়৷ সেই সময়ত আশা ভোঁছলেই নিজৰ স্থান তৈয়াৰ কৰিবৰ বাবে যথেষ্ট সংগ্ৰাম কৰিব লগা হৈছিল৷ সেই পৰিস্থিতিতেই গণপতৰাওৱে আশাক মঙ্গেছকাৰ পৰিয়ালৰ সৈতে যোগাযোগ ৰখাত বাধা দিয়ে৷ আনকি ঘৰলৈ অহা যোৱাও বন্ধ কৰাই দিয়ে৷ ফলত দুই ভনীয়েকৰ মাজৰ দূৰত্ব আৰু বাঢ়ি যায়৷

ইয়াতেই প্রশ্ন হয়, সংগীতজগতত সঁচায়ে লতা আৰু আশা প্ৰতিদ্বন্দ্বী আছিল নেকি? এই জল্পনাক লৈ এক সাক্ষাৎকাৰত নিজেই মুখ খুলিছিল আশাই৷ তেওঁ কৈছিল, বাইদেও লতা মঙ্গেছকাৰে কেৱল তেওঁৰ পৰিয়ালৰ সদস্যই নহয়, তেওঁ মোৰ প্ৰিয় শিল্পীও৷ মানুহৰ মাজত গল্প তৈয়াৰ কৰাৰ প্ৰৱণতা আছে৷ অকাৰণে সমস্যা তৈয়াৰ হৈছিল৷ কিন্তু তেজৰ সম্পৰ্ক সকলোৰে ঊৰ্ধ্বত৷’

এক সাক্ষাৎকাৰত তেওঁ তেওঁ এক অভিজ্ঞতাৰ কথাও উল্লেখ কৰিছে৷ বহুবান এনে হৈছে যে কোনো অনুষ্ঠানত একেলগে গীত গালেও ইণ্ডাষ্ট্ৰিৰ কিছু মানুহে কেৱল লতাৰ সৈতে কথা পাতে আৰু তেওঁক উপেক্ষা কৰে৷ যেনে তেওঁলোকে কামেৰে প্ৰমাণ দিছিল যে তেওঁলোক লতাৰ পক্ষত৷ এই ঘটনাসমূহক লৈ দুই ভনীয়েকৰ মাজত কথাবতৰাও হৈছিল বুলি জনাইছে আশাই৷

কেৱল মঞ্চতেই নহয়, একাধিক গানত একেলগে কণ্ঠ দিছে দুই ভগ্নীয়ে৷ কিয়া হুৱা ইয়ে মুঝে কিয়া হুৱা…, মন কিউ বেহকা ৰে বেহকা আধি ৰাত কো, যব যব তুমহে ভুলায়া, কোই আয়েগা আয়েগা… এনে বহু জনপ্ৰিয় গান শুনা গৈছে দুয়োৰে যুগল কণ্ঠত৷

অন্যহাতে এই প্ৰতিদ্বন্দ্বিতাৰ গুঞ্জনক লৈ প্ৰশ্ন কৰা হ’লে লতাই নিজেও স্পষ্টভাৱে সেয়া নাকচ কৰিছিল৷ তেওঁৰ বক্তব্য আছিল, ভগ্নী আশাৰ সৈতে তেওঁৰ পেছাদাৰ প্ৰতিযোগিতা নাছিল৷ বৰং আশা ভোঁছলেই গানৰ ক্ষেত্ৰত একেবাৰেই পৃথক এক ধাৰা তৈয়াৰ কৰিছিল৷ য’ত তেওঁৰ নিজস্ব স্বাক্ষৰ আছিল স্পষ্ট৷ লতাই এই কথাও স্বীকাৰ কৰিছিল যে লতাই যি ধৰণৰ গান কৰিব নোৱাৰিছিল আশাই তেনে গানো কৰিব পাৰিছিল৷

ব্যক্তিগত জীৱনত কিছু দূৰত্বৰ কথাও অস্বীকাৰ কৰা নাই লতাই৷ তেওঁৰ মতে অতীতত তেওঁলোকৰ মাজত কিছু মতপাৰ্থক্য তৈয়াৰ হৈছিল যি প্ৰায় সকলো ভায়েকভনীয়েকৰ সম্পৰ্কতেই দেখা যায়৷ বিশেষকৈ কম বয়সতে আশাৰ কিছু সিদ্ধান্তই তেওঁৰ মনত কষ্ট দিছিল৷ যেনেকৈ আশাই মাত্ৰ ১৬ বছৰ বয়সতে নিজতকৈ বয়সত বহু ডাঙৰ গণপতৰাও ভোঁছলেক বিয়া কৰায়৷ সেই কথা পৰিয়ালে মানি লব পৰা নাছিল৷ সেই কাৰণেই দুই ভনীয়েকৰ মাজত সম্পৰ্কত সাময়িক দূৰত্ব তৈয়াৰ হৈছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!
জীৱনশৈলী

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

October 3, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

October 3, 2026
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?
অসম

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

October 3, 2026
কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

October 3, 2026
Next Post
১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.