আগন্তুক ১৭ এপ্ৰিলৰ পৰা শনিয়ে উত্তৰভাদ্ৰা নক্ষত্ৰত গোচৰ আৰম্ভ কৰিব৷ এই গোচৰে সমস্ত ৰাশিক প্ৰভাৱিত কৰিলেও ৪টা ৰাশিৰ বাবে প্ৰকৃত পৰীক্ষাৰ সময়৷ কাৰণ ন্যায়ৰ দেৱতাই তেওঁলোকৰ ধৈৰ্য্য আৰু অধ্যবসায়ৰ কঠোৰ পৰীক্ষা ল’ব৷ শনিৰ প্ৰভাৱ কোন কোন ৰাশিৰ ওপৰত পৰিব?

জ্যোতিষশাস্ত্ৰত শনিৰ গোচৰক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰা হয়৷ কাৰণ ইয়াক কৰ্ম আৰু ন্যায়বিচাৰৰ গ্ৰহ হিচাপে গণ্য কৰা হয়৷ ১৭ এপ্ৰিলত উত্তৰভাদ্ৰা নক্ষত্ৰত ইয়াৰ প্ৰৱেশে জীৱনৰ বহু ক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে৷ ইয়াৰ প্ৰভাৱ কৰ্মজীৱন, চাকৰিৰ স্থায়িত্ব, ব্যৱসায়, আৰ্থিক অৱস্থা আৰু সম্পৰ্কৰ ক্ষেত্ৰত অনুভূত হয়৷ বহুতৰে বাবে এই সময়ে চেলেঞ্জ আৰু বিলম্বৰ ইংগিত দিয়ে৷ আকৌ বহুতৰে বাবে ই কঠোৰ পৰিশ্ৰমৰ ফলো কঢ়িয়াই আনে৷ গুৰুত্বপূৰ্ণভাৱে শনিৰ প্ৰভাৱ শৃঙ্খলা, ধৈৰ্য্য আৰু দায়িত্ববোধ শিকায় যিয়ে দীৰ্ঘম্যাদত স্থায়ী সাফল্যক পৰিচালিত কৰে৷ জানি থওক কোন কোন ৰাশিৰ জাতক জাতিকাৰ জীৱন সংগ্ৰামৰ সময় আৰম্ভ হৈছে?

মেষ ৰাশি

শনিৰ ৰোষৰ প্ৰথম চিকাৰ হয় মেষ ৰাশিৰ জাতক জাতিকা৷ শনিৰ গোচৰৰ কাৰণে মেষ ৰাশিৰ জাতক জাতিকা গুৰুতৰ সমস্যাৰ সন্মুখীন হব পাৰে৷ যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ জীৱনত আকস্মিক পৰিবৰ্তন আহিব পাৰে৷ যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকে সাফল্য অৰ্জন কৰিব নোৱাৰিব পাৰে৷ অৰ্থ, সম্পদৰ লেনদেনৰ ক্ষেত্ৰত অত্যন্ত সতৰ্কতা অৱলম্বন কৰা উচিত৷ শনিয়ে আপোনাৰ ওপৰত যিমানেই পৰীক্ষা নলওক কিয় আপুনি ভাৱিচিন্তি বিচক্ষণতাৰ সৈতে কাম কৰক৷ তেতিয়া ইয়াৰ প্ৰভাৱ এৰাব পাৰিব৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতক জাতিকাই শনিৰ প্ৰভাৱত বিশেষভাৱে প্ৰভাৱিত হব৷ বহুবিধ ক্ষতিৰ সন্মুখীন হব পাৰে৷ পাৰিবাৰিক সম্পৰ্কত মতবিৰোধে দেখা দিয়াৰ সম্ভাৱনা আছে৷ কৰ্মক্ষেত্ৰত আপোনাৰ ঊৰ্ধ্বতন কৰ্মকৰ্তাসকলে আপোনাৰ কথাৰ ভিন্ন বাখ্যা কৰিব পাৰে৷ শনিৰ কাৰণে গুৰুতৰ মানসিক চাপ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে৷ কোনো অৱস্থাতেই আৱেগপ্ৰৱণ হোৱাৰ পৰা বিৰত থাকক৷ খৰধৰকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক৷ ভাৱিচিন্তি কাম কৰক৷

মকৰ ৰাশি

শনিৰ প্ৰভাৱত মকৰ ৰাশিৰ জাতক জাতিকা সমস্যাৰ সন্মুখীন হব৷ তেওঁলোকৰ বাবেও কঠিন দিন আহিছে৷ মানসিক চাপ বাঢ়িব আৰু স্বাস্থ্য সমস্যাই দেখা দিব৷ ইয়াৰ ফলত চিকিৎসাৰ খৰচ উল্লেখযোগ্যভাৱে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ অপ্ৰত্যাশিত পাৰিবাৰিক খৰচ মূৰৰ বিষৰ কাৰণ হৈ থিয় দিব৷ কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ দায়িত্ব বাঢ়িব৷ সৰ্বোত্তম ফলাফলৰ বাবে আপুনি ধৈৰ্য্য ধৰিব লাগিব৷ আৰ্থিক লেনদেনত অত্যন্ত সতৰ্কতা অৱলম্বন কৰক৷ যদি আপুনি আত্মবিশ্বাসৰ সৈতে আগুৱাই যায় তেন্তে শনিৰ প্ৰতিবন্ধকতা কাটি সাফল্য অৰ্জন কৰিব পাৰিব৷

তুলা ৰাশি

শনিৰ প্ৰভাৱত তুলা ৰাশিৰ জাতক জাতিকা বহু সমস্যাৰ সন্মুখীন হব৷ এই সময়ত আপুনি যিমানেই কঠোৰ পৰিশ্ৰম নকৰক কিয় সাফল্য পাবলৈ দেৰী নহয়৷ এই ৰাশিৰ জাতক জাতিকাই অফিচত তেওঁলোকৰ সহকৰ্মীসকলৰ কামো কৰিব লগা হব৷ তেওঁলোকে মানসিক চাপ আৰু হতাশাৰ সন্মুখীন হব পাৰে৷ তেওঁলোকৰ আত্মবিশ্বাসো কমিব পাৰে৷ শনি কেৱল ধৈৰ্য্যশীলক সাফল্য দান কৰে৷ যদি আপুনি কঠোৰ পৰিশ্ৰম কৰে তেন্তে অৱশ্যে ভাল ফলেই পাব৷

উল্লেখ কৰা প্ৰয়োজন যে শনিৰ প্ৰভাৱ কমাবলৈ শনিবাৰে ভগৱান হনুমানৰ পূজা কৰক৷ পুৱাই অশ্বত্থ গছত পানী অৰ্পন কৰক আৰু সন্ধিয়া প্ৰদীপ দান কৰক৷ ইয়াৰোপৰি শনিবাৰে ভগৱান শনিদেৱক প্ৰদীপ দান কৰক৷ ইয়াৰোপৰি দৰিদ্ৰক খাদ্য আৰু কলা সামগ্ৰী দান কৰক৷ ইয়াৰ ফলত শনিৰ প্ৰভাৱ কমিব৷