আকৌ গুৰুতৰভাৱে অসুস্থ ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি৷ ডেৰবছৰ পূৰ্বে অসুস্থ হৈ হাস্পতালত ভৰ্তি হৈছিল কাম্বলি৷ আকৌ তেওঁ অসুস্থ হোৱাৰ খবৰ প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় সংবাদমাধ্যমত৷ তেওঁৰ মস্তিষ্কত তেজ গোট মৰা বুলি ৰিপৰ্টত প্ৰকাশ পাইছে৷
বিগত কেইবাবছৰ ধৰি শাৰীৰিক আৰু মানসিক সমস্যাত জৰ্জৰিত হৈ আছে কাম্পলি৷ আৰ্থিক সমস্যাও আছে৷ কাম্বলিৰ স্মৃতিশক্তি দুৰ্বল হৈ পৰিছে ক্ৰমশ৷ ফলত তেওঁ এতিয়া স্মৃতিশক্তি প্ৰায় হেৰুৱাই পেলাইছে৷ চিকিৎসকে জনাইছে যে কাম্বলিৰ ব্ৰেইন ষ্ট্ৰোকৰ আশংকা আছে৷ তেওঁৰ মস্তিষ্কত কিছু তেজ গোট বান্ধি আছে৷ অস্ত্ৰোপচাৰ সম্পন্ন হ’ব নে সেয়াও বৰ্তমান চিকিৎসকে স্পষ্টকৈ জনোৱা নাই৷
কাম্বলিৰ বন্ধুৱে এই সন্দৰ্ভত দিয়া মন্তব্যত কৈছে, ‘তেওঁৰ বন্ধুসকলক লৈ এটা হোৱাটছএপ গ্ৰুপ তৈয়াৰ কৰিছো৷ প্ৰাক্তন ক্ৰিকেটাৰসকলো সেই গ্ৰুপত আছে৷ বহুতে নাম প্ৰকাশ নকৰাকৈ নিয়মিত তেওঁক আৰ্থিক সহায় আগবঢ়াই আছে৷ তেওঁৰ স্মৃতিশক্তি প্ৰায় হেৰাই গৈছে৷ কিন্তু এটা ভাল খবৰ যে বিগত ছমাহত সেই অৱস্থাৰ আৰু অৱনতি হোৱা নাই৷ কেতিয়াবা কিছু কথা তেওঁৰ মনতো পৰে৷ কিন্তু বেছিভাগ সময়ত তেওঁ কথা পাহৰিয়েই থাকে৷’
উল্লেখ্য যে ভাৰতৰ হৈ ১০৪খন ৱানডে আৰু ১৭টা টেষ্ট খেলিছে তেওঁ৷ টেষ্টত তেওঁ দুটা দ্বিশতৰান কৰিছিল তেওঁ৷ ২০১৩ চনত কাম্বলিৰ এক অস্ত্ৰোপচাৰ হৈছিল৷ তাৰবাবে আৰ্থিক সাহায্য কৰিছিল তেওঁৰ বাল্য বন্ধু শচীন তেণ্ডুলকাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ