ভাৰত চৰকাৰে শনিবাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ উল্লেখযোগ্য ভাল খবৰ প্ৰদান কৰিছে। সূত্ৰৰ খবৰ অনুসৰি কেন্দ্ৰীয় মন্ত্ৰীসভাই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী, পেঞ্চনাৰ, আৰু কৰ্মচাৰীৰ বাবে ২ শতাংশ মূল্যৰ ভাট্টা বৃদ্ধিত অনুমোদন জনাইছে। এই সিদ্ধান্তৰ ফলত তেওঁলোকৰ ডি এ উল্লেখনীয়ভাৱে বৃদ্ধি পাব।
মুঠ ডিয়াৰনেছ ভাট্টা ৬০ শতাংশলৈ বৃদ্ধি
এই সিদ্ধান্তৰ পিছত এতিয়া কৰ্মচাৰীৰ মুঠ ডিয়াৰনেছ ভাট্টা ৫৮%ৰ পৰা ৬০%লৈ বৃদ্ধি পাইছে। এই বৃদ্ধিয়ে প্ৰায় ৫০ লাখ চৰকাৰী কৰ্মচাৰী আৰু ৬৫ লাখতকৈ অধিক পেঞ্চনাৰক প্ৰত্যক্ষভাৱে লাভৱান কৰিব, যাৰ ফলত তেওঁলোকৰ মাহিলী দৰমহা আৰু পেঞ্চন বৃদ্ধি পাব।
কিমান বৃদ্ধি পাব দৰমহা?
মন কৰিবলগীয়া যে যদি কোনো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ পূৰ্বে দৰমহা ৩৬,৫০০ টা আছিল তেন্তে এতিয়া ৬০% ডি এ বৃদ্ধিয়ে তেওঁলোকৰ দৰমহা ২১,৯০০ টকাহৈ বৃদ্ধি কৰিব। জানুৱাৰী মাহৰ পৰা সকলো কৰ্মচাৰীয়ে লাভ কৰিব বকেয়া ধন। ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিয়ম। ইয়াৰ অৰ্থ হ’ল কৰ্মচাৰীসকলে কেৱল অহা মাহৰ বৃদ্ধি পোৱা দৰমহাই নহয়, পূৰ্বৰ তিনিমাহৰ বকেয়া ধনো- জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চৰ ধন এককালীনভাৱে লাভ কৰিব৷
কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপৰ বাবেই অপেক্ষা কৰি আছিল কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে৷ বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিৰ মাজত আয় বৃদ্ধিৰ দাবীত থকা কৰ্মচাৰীসকলৰ বাবে যথেষ্ট সকাহ দিছে এই সিদ্ধান্তই। অষ্টম দৰমহা আয়োগৰ অধীনত দৰমহা গাঁথনিত বৃহৎ পৰিৱৰ্তনৰ দাবী জনোৱাৰ সময়তে এই বৃদ্ধি হৈছে।
ডিয়াৰনেছ ভাট্টা কিয় বৃদ্ধি কৰা হয়?
মুদ্ৰাস্ফীতিৰ বাবে চৰকাৰী কৰ্মচাৰীৰ খৰচৰ বাবে চৰকাৰে বছৰত দুবাৰকৈ জানুৱাৰী আৰু জুলাই মাহত ডিয়াৰনেছ ভাট্টা বৃদ্ধি কৰে। শ্ৰম মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্যৰ ভিত্তিত ইয়াৰ গণনা কৰা হয়৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ কথা দেখুৱাই শ্ৰম মন্ত্ৰণালয়ৰ তথ্যই। সহজ ভাষাত ক’বলৈ হ’লে বজাৰত সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ লগে লগে দৰমহাৰ মূল্য বজাই ৰাখিবলৈ চৰকাৰে এই ভাট্টা বৃদ্ধি কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















