ঐশ্বৰ্য ৰায় আৰু অভিষেক বচ্চনৰ বিবাহৰ ১৮ বছৰ সম্পূৰ্ণ হৈছে৷ বিগত কেইবছৰমানৰ পৰা তেওঁলোকৰ সম্পৰ্ক আৰু ব্যক্তিগত জীৱনত বিচ্ছেদ অহা বুলি বহুজনে চৰ্চাও কৰি আহিছে৷ ৰাষ্ট্ৰীয় কিছু কিছু সংবাদমাধ্যমেও তেওঁলোকৰ দূৰত্ব অহা বুলি বাতৰি প্ৰচাৰ কৰিছে৷ বিবাহ বিচ্ছেদৰ উৰাবাতৰি কেইবাবাৰো শুনা গৈছে। কিন্তু তাৰকা দম্পতীয়ে কেতিয়াও এই বিষয়ে কোনো কথা মুকলিকৈ প্ৰকাশ কৰা নাই৷। অৱশেষত এইবাৰ অভিষেক বচ্চনে নিজেই জনাইছে তেওঁলোকৰ বিবাহৰ গোপন কিছু কথা৷
শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিষেকে নিজৰ ব্যক্তিগত জীৱন, পত্নীৰ সৈতে সম্পৰ্ক আৰু কন্যাক ডাঙৰ-দীঘল কৰাৰ বিষয়ে মুকলিকৈ আলোচনা কৰে। বিবাহৰ পিছৰে পৰা তেওঁলোকে বিবাহিত জীৱনত বিভিন্ন ধৰণৰ ট্ৰলিঙৰ সন্মুখীন হ’বলগীয়া হৈছে। এই প্ৰসংগত অভিষেকে কয়, ‘কোন বেছি সফল হ’ব সেই বিষয়ে বহু কথাই চৰ্চা হৈছে। কিন্তু মা-দেউতাৰ বিয়া হোৱাৰ সময়তো মা দেউতাতকৈ ডাঙৰ তাৰকা আছিল। গতিকে, আমাৰ বাবে এইয়া অস্বাভাৱিক নহয়।’
অভিষেকে কেৰিয়াৰৰ আৰম্ভণিৰ পৰাই ঐশ্বৰ্যক লগ পাইছিল। ঐশ্বৰ্যৰ সৈতে তেওঁৰ দ্বিতীয়খন ছবি ‘ধাই অক্ষৰ প্ৰেম কি’তো কাম কৰিছিল। অভিষেকে কয়, ‘তেতিয়া আমাৰ কোনো সম্পৰ্ক নাছিল, আমি মাত্ৰ ভাল বন্ধু আছিলোঁ’। অভিষেকৰ মতে তেওঁলোকৰ সম্পৰ্কৰ মূল ভিত্তি হৈছে অংশীদাৰিত্ব। আৰু তাৰ বাবেই তেওঁলোকৰ সংসাৰে সুখেৰে ১৮ বছৰ অতিক্ৰম কৰিলে৷
অভিষেকে কৈছে, “মই বাহিৰত কাম কৰিম আৰু তুমি ঘৰৰ যত্ন ল’বা বুলি কোনো কথা নাই আমাৰ মাজত।” তেওঁৰ মতে যেতিয়া ‘ইগো’ সম্পৰ্কৰ মাজলৈ আহে তেতিয়া এটা সম্পৰ্ক নষ্ট হৈ যায়। অভিষেকে কয় যে ঐশ্বৰ্যেও সম্পৰ্কত একে ধৰণে চিন্তা কৰে। অভিষেকে ধেমালিতে ক’লে, ‘মোৰ পত্নীয়ে নিজৰ যত্ন ল’ব পাৰে। বেলেগে তেওঁৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন নাই৷’
অভিষেকে অভিভাৱকত্বৰ বিষয়েও মুকলিকৈ আলোচনা কৰিছে৷ তেওঁৰ মতে পিতৃসকল ভাল শিক্ষক নহয়। কাৰণ, বহু সময়ত তেওঁলোকৰ আৱেগ বাধা হৈ পৰে। ইয়াৰ বিপৰীতে মাতৃসকল বহুত বেছি সংবেদনশীল। অৱশ্যে ঘৰত তেওঁ আৰু ঐশ্বৰ্য দুয়োজনে নিজৰ কন্যা আৰাধ্যাৰ সন্মুখত সঠিক আদৰ্শ দাঙি ধৰিবলৈ চেষ্টা কৰে। অভিষেকে কয় যে বচ্চন পৰিয়ালত কোন ‘পুৰুষ’ আৰু কোন ‘মহিলা’ তাৰ কোনো তুলনা নাই। তেওঁলোকৰ পৰিয়ালত সকলো সমান৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















