কুকুৰ প্ৰভুভক্ত জীৱ আমি সকলোৱে এই কথা জানো৷ কিন্তু প্ৰভু নাথাকিলেও কুকুৰে যে ৰক্ষা কৰিব পাৰে প্ৰাণ তাৰ বাস্তৱ উদাহৰণ কালী নামৰ এটা পথকুকুৰ৷ ঘটনাতো ওড়িশাৰ ময়ূৰভঞ্জৰ উদলা ব্লকৰ ধিৰাকুলা গাঁৱৰ৷ এই গাওঁৰ ৩০ জনতকৈ বেছি শিশুৰ প্ৰাণ ৰক্ষা কৰিলে পথৰ কুকুৰ কালীয়ে৷ এডাল বিষাক্ত সাপে চোঁচা লৈছিল শিশুদলটোক৷ সাঁপৰ পৰা শিশুকেইটিৰ প্ৰাণ ৰখা কৰিবৰ বাবে ঢাল হৈ থিয় দিয়ে কালী৷
সূত্ৰৰ খবৰ অনুসৰি সোমবাৰে পুৱা প্ৰায় ৮ বাজি ৩০ মিনিটত শ্ৰী জগন্নাথ শিশু বিদ্য মন্দিৰৰ ৩০ৰো বেছি কিণ্ডাৰগাৰ্টেনত পঢ়ি থকা স্কুলে বাহিৰত বহি আছিল৷ সেই সময়তে এক বিষধৰ সাপে শিশুকেইটিৰ চোঁচা লৈছিল৷ কালীয়ে বিপদৰ উমান পায় লগে লগে জঁপিয়াই পৰে বিষধৰ সাঁপটোৰ ওপৰত৷ ,সূত্ৰৰ খবৰ অনুসৰি কালীক কেইবাবাৰো খুঁটিয়াই বিষধৰ সাপটোৱে৷ কালীয়েও প্ৰাণেপণে যুঁজ দিয়ে সাপডালৰ সৈতে৷ সাপটিক মাৰি পেলাবলৈ সক্ষম হয় কালী৷ কিন্তু যুদ্ধৰ সময়ত কেইবাবাৰো কালীক খুটিছিল সাপডালে৷ সেই বিষতেই জৰ্জৰিত হৈ পৰে কালী৷ শত্ৰুক শেষ কৰাৰ পাছত নিজৰ জীৱনো হেৰুৱাই কালীয়ে৷
কালীৰ মৃত্যুত গাওঁখনকৈ শোকৰ ছায়া নামি আহিছে৷ গাওঁবাসীয়ে মিলি কালীৰ শেষকৃত্যও কৰিছে৷ এজন মানুহৰ শেষকৃত্যত যিসমূহ নিয়ম মানি চলা হয় সকলোবোৰ কালীৰ শেষকৃতত কৰিছে গাওঁবাসীয়ে৷ ফুল আৰু বগা কাপোৰেৰে ঢাকি কালীৰ মৃতদেহ সমগ্ৰ গাওঁত প্ৰদক্ষিণো কৰোৱা হয়৷ তাৰপিছতেই সমাধিস্থ কৰা হৈছে৷ গাওঁবাসীয়ে কয়, কালী আছিল সকলোৰে প্ৰিয়৷ কালীৰ এই আত্মত্যাগ চিৰকাল গাওঁবাসীয়ে মনত ৰাখিব৷ কালীয়ে আমাৰ সন্তানসকলৰ প্ৰাণ ৰক্ষা কৰি নিজৰ জীৱন দিলে কালী আমাৰ হৃদয়ত চিৰকাল অমৰ হৈ থাকিব৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















