বেংকসমূহত সাধাৰণতে মানুহৰ চাহিদা পূৰণৰ বাবে নানান ধৰণৰ ঋণ দিয়ে৷ ইয়াৰ মাজত আছে গৃহঋণ, বাহন ঋণ, শিক্ষা ঋণ আদি৷ এই সমস্ত ঋণৰ মাজত আৰু এটা ঋণ আছে৷ সেয়া হৈছে পাৰ্ছনেল ঋণ৷ সাধাৰণতে গ্ৰাহকে নিজৰ ব্যক্তিগত চাহিদা পূৰণ কৰাৰ বাবে বেংকৰ পৰা এই ঋণ লয়৷ এই পৰিস্থিতিত কোনো গ্ৰাহকে যদি নিজৰ ব্যক্তিগত চাহিদা দূৰ কৰিবলৈ বেংকৰ পৰা পাৰ্ছনেল ঋণ লোৱাৰ পৰিকল্পনা কৰে তেন্তে প্ৰথমে বিভিন্ন বেংকৰ পাৰ্ছনেল ঋণৰ সুদৰ তুলনা কৰি চোৱাটো প্ৰয়োজন৷

আমি আজি আলোচনা কৰিব খুজিছো দেশৰ অন্যতম চৰকাৰী বেংক বিঅবি বা বেংক অফ বৰোদাৰ পাৰ্ছনেল ঋণ সম্পৰ্কে৷ বেংক অফ বৰোদাৰ গ্ৰাহকসকলে খুবেই ভাল সুদৰ হাৰত পাৰ্ছনেল ঋণ প্ৰদান কৰে৷ সেয়ে এই বেংকৰ সুদৰ হাৰ সম্পৰ্কে বিশদভাৱে জানি থওক৷

বেংক অফ বৰোদাৰ পাৰ্ছনেল ঋণ

বেংক অফ বৰোদা অৰ্থাৎ বিঅবি এটা চৰকাৰী বেংক৷ BOB য়ে তেওঁলোকৰ গ্ৰাহকক খুবেই ভাল সুদৰ হাৰত পাৰ্ছনেল ঋণ প্ৰদান কৰে৷ গ্ৰাহকে এই বেংকৰ পৰা পাৰ্ছনেল ঋণ গ্ৰহণ কৰিব পাৰে৷ বেংক অফ বৰোদাই গ্ৰাহকক ১০.৪০ শতাংশ প্ৰাথমিক সুদৰ হাৰত পাৰ্ছনেল ঋণ প্ৰদান কৰে৷ এই সুদৰ হাৰ অৱশ্যে গ্ৰাহকৰ CIBIL স্কোৰ, আয় আৰু ঋণৰ পৰিমানৰ ওপৰত নিৰ্ভৰ কৰি পৰিবৰ্তিত হব পাৰে৷

BOBৰ পৰা ১০ লাখ পাৰ্ছনেল ঋণত মাহিলী EMI কিমান হ’ব?

কোনো গ্ৰাহকে যদি বেংক অফ বৰোদাৰ পৰা ৭ বছৰৰ বাবে ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব খোজে আৰু তেওঁ এই ঋণ ১০.৪০ শতাংশ সুদৰ হাৰত পায় তেতিয়া তেওঁ প্ৰতিমাহে EMI হিচাপে দিব লাগিব ১৬,৮০৯ টকা৷ এনেকৈ তেওঁ ৭ বছৰৰ বাবে বেংকক মুঠ ১৪,১১,৯২২ টকা পৰিশোধ কৰিব লাগিব৷ ইয়াৰ মাজত ৪,১১,৯২২ টকা গ্ৰাহকে সুদ হিচাপে দিব লাগিব৷

বেংক অফ বৰোদাৰ পাৰ্ছনেল ঋণৰ প্ৰচেছিং ফি কিমান?

এই ফি ঋণৰ পৰিমাণৰ ১ ৰ পৰা ২ শতাংশ হব পাৰে৷ অৰ্থাৎ ফি সৰ্বোচ্চ ১০,০০০ টকা হব পাৰে৷ অৱশ্যে মূৰত এই কথা ৰখাটো প্ৰয়োজন যে বেংক অফ বৰোদাৰ পৰা পাৰ্ছনেল ঋণ পাবলৈ এজন গ্ৰাহকৰ বয়স ২১ বছৰতকৈ বেছি হব লাগিব৷