যদি আপুনি ভাৰতীয় ৰিজাৰ্ভ বেংকত চাকৰি কৰাৰ সপোন দেখিছে, তেন্তে আপোনাৰ বাবে এটা সুন্দৰ সুযোগ। জেনেৰেল, ডি এছ আই এম, ডি ই পি আৰ বিভাগত গ্ৰেড বি বিষয়া নিযুক্তিৰ বাবে আৰ বি আইয়ে এক অধিসূচনা জাৰি কৰিছে। ২৯ এপ্ৰিলৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে, ২০২৬ চনৰ ২০ মে’ৰ অন্তিম তাৰিখ নিৰ্ধাৰণ কৰা হৈছে।যোগ্য আৰু আগ্ৰহী প্ৰাৰ্থীয়ে আৰ বি আইৰ অফিচিয়েল ৱেবছাইট rbi.org.in ৰ জৰিয়তে আবেদন কৰিব পাৰিব।
আৰ বি আইয়ে সাধাৰণ, ডি এছ আই এম আৰু ডি ই পি আৰ বিভাগত মুঠ ৬০টা পদৰ বাবে নিযুক্তি ঘোষণা কৰিছে, য’ত ৪০টা পদৰ ভিতৰত আছে গ্ৰেড বি অফিচাৰ (জেনেৰেল), ১০টা গ্ৰেড বি অফিচাৰৰ ডিপাৰ্টমেণ্ট অৱ ইকনমি এণ্ড পলিচি ৰিচাৰ্চ (ডি ই পি আৰ) আৰু ১০টা গ্ৰেড বি অফিচাৰৰ ডিপাৰ্টমেণ্ট অৱ ষ্টেটিষ্টিকছ এণ্ড ইনফৰ্মেশ্যন মেনেজমেণ্ট (ডি এছ আই এম)।
মন কৰক
- আবেদনৰ আৰম্ভণিৰ তাৰিখ: ২৯ এপ্ৰিল ২০২৬
- আবেদনৰ অন্তিম তাৰিখ: ২০ মে’ ২০২৬
- ১ম পৰ্যায়ৰ পৰীক্ষা (সাধাৰণ): ১৩ জুন ২০২৬
- ১ম পৰ্যায়ৰ পৰীক্ষা (ডিইপিআৰ/ ডিএছআইএম): ১৪ জুন, ২০২৬
- দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা (সাধাৰণ): ২৫ জুলাই ২০২৬
- দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা (ডি ই পি আৰ/ ডি এছ আই এম): ২৬ জুলাই, ২০২৬
যোগ্যতা কি কি?
শিক্ষাগত অৰ্হতাঃ আৰ বি আই গ্ৰেড বি অফিচাৰ (জেনেৰেল) পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীৰ কমেও ৬০ শতাংশ নম্বৰৰ স্নাতক ডিগ্ৰী বা ৫৫ শতাংশ নম্বৰ পোৱা স্নাতকোত্তৰ ডিগ্ৰী থাকিব লাগিব। ডি এছ আই এম আৰু ডি ই পি আৰ বিভাগত গ্ৰেড বি অফিচাৰ নিযুক্তিৰ বাবে প্ৰাৰ্থীৰ অৰ্থনীতি/পৰিসংখ্যা বা আনুষংগিক ক্ষেত্ৰত স্নাতকোত্তৰ ডিগ্ৰী থাকিব লাগিব।
বয়সৰ সীমা: যদি আমি আবেদনকাৰীৰ বয়সৰ সীমাৰ কথা কওঁ, তেন্তে ২১ৰ পৰা ৩০ বছৰৰ ভিতৰৰ প্ৰাৰ্থীয়ে এই নিযুক্তিৰ বাবে আবেদন কৰিব পাৰিব।
বাছনি প্ৰক্ৰিয়া কি?
বাছনি প্ৰক্ৰিয়াৰ কথা ক’বলৈ গ’লে আৰ বি আই গ্ৰেড বি বিষয়া নিযুক্তি প্ৰক্ৰিয়াত তিনিটা পৰ্যায় জড়িত হৈ থাকে, প্ৰাথমিক পৰীক্ষাৰ পৰা আৰম্ভ হয়, য’ত উত্তীৰ্ণসকলেহে মূল পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ যোগ্যতা অৰ্জন কৰে। ইয়াৰ পিছত মূল পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীক সাক্ষাৎকাৰৰ বাবে মাতি অনা হ’ব, য’ত সফল হোৱাসকলকহে চূড়ান্ত প্ৰতিযোগী হিচাপে ঘোষণা কৰা হ’ব। আৰ বি আই গ্ৰেড বি অফিচাৰ পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলে প্ৰতিমাহে ১.৫০ লাখ টকা পৰ্যন্ত দৰমহা লাভ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















