• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এদিনতে সফলতা অহা নাই! ধাপে ধাপে যাত্ৰা, কাউন্সিলাৰ, বিধায়ক, সাংসদ, মন্ত্ৰীৰ পৰা, বংগত তেওঁ বিজেপি শাসনৰ আৰম্ভণিতে প্ৰথম মুখ্যমন্ত্ৰী, জানি থওক শুভেন্দুৰ ৰাজনৈতিক উত্থানৰ কাহিনী

এদিনতে সফলতা অহা নাই! ধাপে ধাপে যাত্ৰা, কাউন্সিলাৰ, বিধায়ক, সাংসদ, মন্ত্ৰীৰ পৰা, বংগত তেওঁ বিজেপি শাসনৰ আৰম্ভণিতে প্ৰথম মুখ্যমন্ত্ৰী, জানি থওক শুভেন্দুৰ ৰাজনৈতিক উত্থানৰ কাহিনী

2 hours ago
ন’ন-এলক’হলিক ফেটি লিভাৰত ভূগি আছে নেকি? কি কি লক্ষণ দেখিলে বুজিব আপুনিও এই সমস্যাত ভূগি আছে?

ন’ন-এলক’হলিক ফেটি লিভাৰত ভূগি আছে নেকি? কি কি লক্ষণ দেখিলে বুজিব আপুনিও এই সমস্যাত ভূগি আছে?

24 minutes ago
লক্ষ্মী নাৰায়ণৰ বিশেষ প্ৰিয় এই ৪ৰাশি, সমগ্ৰ জীৱনেই অৰ্থ সমৃদ্ধিৰ অভাৱ নহয় এওঁলোকৰ

লক্ষ্মী নাৰায়ণৰ বিশেষ প্ৰিয় এই ৪ৰাশি, সমগ্ৰ জীৱনেই অৰ্থ সমৃদ্ধিৰ অভাৱ নহয় এওঁলোকৰ

50 minutes ago
শনিবাৰেই শপত থালাপতি বিজয়ৰ, ১৯৫২ চনৰ পাছত প্ৰথমবাৰৰ বাবে ত্ৰিশংকু বিধানসভা, কি কি প্ৰত্যাহ্বান এতিয়াও আছে TVKৰ সন্মুখত?

শনিবাৰেই শপত থালাপতি বিজয়ৰ, ১৯৫২ চনৰ পাছত প্ৰথমবাৰৰ বাবে ত্ৰিশংকু বিধানসভা, কি কি প্ৰত্যাহ্বান এতিয়াও আছে TVKৰ সন্মুখত?

1 hour ago
‘এনেকুৱা মানসিকতা হ’লে আমি আপোনাক আমাৰ মাননি সম্পূৰ্ণ কৰাৰ মানসিকতা নাথাকিব!’ অভিনেত্ৰী পাপৰি বৰাক মুকলিকৈ প্ৰত্যাহ্বান কিয় জনাইছে ৰাজধানী থিয়েটাৰে?

‘এনেকুৱা মানসিকতা হ’লে আমি আপোনাক আমাৰ মাননি সম্পূৰ্ণ কৰাৰ মানসিকতা নাথাকিব!’ অভিনেত্ৰী পাপৰি বৰাক মুকলিকৈ প্ৰত্যাহ্বান কিয় জনাইছে ৰাজধানী থিয়েটাৰে?

2 hours ago
হাজাৰ হাজাৰ যুৱতীৰ হৃদয় ভাঙি থালাপতি বিজয়ে কেনেকৈ বিচাৰি পাইছিল জীৱন লগৰী?

হাজাৰ হাজাৰ যুৱতীৰ হৃদয় ভাঙি থালাপতি বিজয়ে কেনেকৈ বিচাৰি পাইছিল জীৱন লগৰী?

11 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

12 hours ago
‘গৌৰৱ গগৈৰ নেতৃত্বত বিধ্বস্ত কংগ্ৰেছ!’ সলনি হ’ব নেকি অসম কংগ্ৰেছৰ সভাপতি?

‘গৌৰৱ গগৈৰ নেতৃত্বত বিধ্বস্ত কংগ্ৰেছ!’ সলনি হ’ব নেকি অসম কংগ্ৰেছৰ সভাপতি?

12 hours ago
ৰীল লাইফৰ নহয়, ৰিয়েল লাইফৰো হিৰো বিজয়! কাইলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কৰিব শপত গ্ৰহণ

ৰীল লাইফৰ নহয়, ৰিয়েল লাইফৰো হিৰো বিজয়! কাইলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কৰিব শপত গ্ৰহণ

13 hours ago
আকোঁৰগোজ মমতা, বৰ্খাস্তৰ পিছতো ক’ব খোজে নিজকে বংগৰ ৰাণী বুলি!

আকোঁৰগোজ মমতা, বৰ্খাস্তৰ পিছতো ক’ব খোজে নিজকে বংগৰ ৰাণী বুলি!

13 hours ago
ভাৰতীয় কৰ্মচাৰীহে পছন্দ ডুবাইৰ বুৰ্জ খালিফাৰ মালিকৰ! ভাইৰেল অদ্ভুত মন্তব্য

ভাৰতীয় কৰ্মচাৰীহে পছন্দ ডুবাইৰ বুৰ্জ খালিফাৰ মালিকৰ! ভাইৰেল অদ্ভুত মন্তব্য

14 hours ago
বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী

বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী

14 hours ago
বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ ‘মণি বৌ’ খ্যাত পাপৰি বৰাৰ ক্ষোভ, কোনে লগালে জগৰ?

বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ ‘মণি বৌ’ খ্যাত পাপৰি বৰাৰ ক্ষোভ, কোনে লগালে জগৰ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এদিনতে সফলতা অহা নাই! ধাপে ধাপে যাত্ৰা, কাউন্সিলাৰ, বিধায়ক, সাংসদ, মন্ত্ৰীৰ পৰা, বংগত তেওঁ বিজেপি শাসনৰ আৰম্ভণিতে প্ৰথম মুখ্যমন্ত্ৰী, জানি থওক শুভেন্দুৰ ৰাজনৈতিক উত্থানৰ কাহিনী

ছাত্ৰনেতাৰ পৰা এই যাত্ৰা, ধাপে ধাপে যাত্ৰা, কাউন্সিলাৰ, বিধায়ক, সাংসদ, মন্ত্ৰীৰ পৰা, বংগত তেওঁ বিজেপি শাসনৰ আৰম্ভণিতে প্ৰথম মুখ্যমন্ত্ৰী, জানি থওক শুভেন্দুৰ ৰাজনৈতিক উত্থানৰ কাহিনী

editor by editor
May 9, 2026
in জীৱনশৈলী, ভাৰত, ৰাজনীতি, লেখা
0
এদিনতে সফলতা অহা নাই! ধাপে ধাপে যাত্ৰা, কাউন্সিলাৰ, বিধায়ক, সাংসদ, মন্ত্ৰীৰ পৰা, বংগত তেওঁ বিজেপি শাসনৰ আৰম্ভণিতে প্ৰথম মুখ্যমন্ত্ৰী, জানি থওক শুভেন্দুৰ ৰাজনৈতিক উত্থানৰ কাহিনী
0
SHARES
268
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যুদ্ধ, যুদ্ধ আৰু যুদ্ধ৷ অৱশেষত যুদ্ধজয়৷ পশ্চিমবংগৰ ৰাজনীতিত এক বিৰাট পৰিবৰ্তনৰ কাৰিগৰেই হৈছে শুভেন্দু অধিকাৰী৷ সেয়ে বিজেপি নেতৃত্বই পশ্চিমবংগৰ বিজেপি শাসনৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে তেওঁক বিশেষ সন্মানো দিছে৷ আজি পশ্চিমবংগৰ বিজেপি চৰকাৰে শপতগ্ৰহণ কৰিব৷ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব শুভেন্দু অধিকাৰীয়ে৷ ইতিমধ্যেই বিজেপিৰ কেইবাজনো ৰথী মহাৰথী উপস্থিত থাকিব এই শপতগ্ৰহণ অনুষ্ঠানত৷ অসমতো তৃতীয়বাৰৰ বাবে বিজেপি কাৰ্যকাল আৰম্ভ হ’ব৷ নতুন মন্ত্ৰীসভা গঠন হ’ব ১২ মেত৷ ১২ৰ পূৰ্বেই ইতিমধ্যেই সকলোৱে নিশ্চিত যে অসমত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ’ব হিমন্ত বিশ্ব শৰ্মাই৷ নিজে শপত গ্ৰহণ কৰাৰ পূৰ্বে শুভেন্দু অধিকাৰীক বিজেপি কাৰ্যকালৰ আৰম্ভণিতে শুভেচ্ছা জনাবলৈ পশ্চিমবংগত উপস্থিত হৈছে হিমন্ত বিশ্ব শৰ্মাও৷ কিয় ইমান ৰথী মহাৰথী আহিছে পশ্চিমবংগলৈ? কিয় নতুন মন্ত্ৰীসভা বিজেপি দলৰ বাবে অতি বিশেষ হৈ পৰিছে? শুভেন্দু অধিকাৰীকেই কিয় মুখ্যমন্ত্ৰী হিচাপে বাচি ল’লে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই? থোৰতে জানি থওক শুভেন্দু অধিকাৰীৰ কিছু তথ্য৷

অবিভক্ত মেদিনীপুৰৰ কাঁথিৰ এক ৰাজনৈতিক পৰিয়ালত জন্মগ্ৰহণ কৰা শুভেন্দুৰ ৰাজনৈতিক জীৱন প্ৰায় চাৰে তিনি দশকজোৰা৷ ৰাজনৈতিক জীৱনত নিজকে ধাপে ধাপে উন্নয়নৰ দিশত লৈ গৈ শুভেন্দু আজি মুখ্যমন্ত্ৰী হোৱাৰ পথত৷ মেদিনীপুৰৰ প্ৰভাৱশালী কংগ্ৰেছ নেতা শিশিৰ কুমাৰ অধিকাৰীৰ সন্তান হিচাপে তৃণমূল স্তৰৰ ৰাজনীতিৰ পৰা উঠি অহা এই নেতাৰ ৰাজনৈতিক জীৱন আৰম্ভ হৈছিল ১৯৯৫ চনৰ কাঁথি পৌৰসভাৰ কাউন্সিলাৰ হিচাপে৷

১৯৯৯ চনৰ পৰা তৃণমূলৰ হৈ কাম কৰি আহিছিল শুভেন্দুৱে৷ লগত আছিল তেওঁৰ পিতৃ শিশিৰ অধিকাৰীও৷ ১৯৯৯ চনৰ কাঁথি কেন্দ্ৰৰ পৰা লোকসভা নিৰ্বাচনত জয়ী হয় তৃণনূল কংগ্ৰেছৰ প্ৰাৰ্থী নীতিশ সেনগুপ্ত৷ সেই জয়ত বৃহৎ অবদান আছিল অধিকাৰী পৰিয়ালৰো৷ ইয়াৰপাছতেই ২০০১ চনত মুগবেড়িয়া বিধানসভা কেন্দ্ৰত শুভেন্দুক প্ৰাৰ্থী কৰে তৃণমূল নেতৃত্বই৷ কিছু তৎকালীন বামপন্থী মৎস্যমন্ত্ৰী কিৰণময় নন্দৰ হাতত পৰাস্ত হয় শুভেন্দু৷ পৰবৰ্তী সময়ত ২০০৪ চনৰ লোকসভা নিৰ্বাচনত তমলুক কেন্দ্ৰৰ পৰা যুদ্ধ কৰি জয়ী হয় শুভেন্দু অধিকাৰী৷ কিন্তু সেইবাৰো চিপিআইএমৰ লক্ষ্মণ শেঠৰ হাতত আকৌ এবাৰ পৰাজিত হয়৷

ইয়াৰপাছতেই ২০০৬ চনৰ দক্ষিণ কাঁথিৰ পৰা প্ৰথমবাৰ বিধানসভাত পদাৰ্পণ কৰে তেওঁ৷ সেইয়া আছিল ২০০৭ চনৰ কথা৷ নন্দীগ্ৰাম ভূমি আন্দোলনক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যত ব্যাপকভাৱে পৰিচিত হৈ পৰে শুভেন্দু অধিকাৰী৷ ২০০৭ চনৰ ২৫ নৱেম্বৰত নন্দীগ্ৰামত তৃণমূল কৰ্মীসকলৰ ওপৰত আক্ৰমণৰ অভিযোগ উঠে চিপিআইমৰ বিৰুদ্ধে৷ সেই সময়তে নন্দীগ্ৰামত সকলোৰে সাহস হৈ থিয় দিছিল অধিকাৰী পৰিয়াল৷

২০০৮ চনত পঞ্চায়ত নিৰ্বাচনত শুভেন্দুৰ নেতৃত্বত মেজিক হয়৷ প্ৰৱল পৰাক্ৰমশালী বামপন্থীসকলক হৰুৱাই পূৰ্ব মেদিনীপুৰ জিলা পৰিষদ দখল কৰে তৃণমূল কংগ্ৰেছে৷ সেই বছৰেই শুভেন্দু অধিকাৰীক যুৱ তৃণমূলৰ সভাপতি কৰে মমতা বেনাৰ্জীয়ে৷ তাৰপিছতেই ২০০৯ চনৰ লোকসভা নিৰ্বাচনত তমলুকৰ পৰা লক্ষ্মণ শেঠক হৰুৱাই প্ৰথমবাৰৰ বাবে সাংসদ হয় শুভেন্দু অধিকাৰী৷ সেই বছৰ কাঁথি পৌৰসভাৰ চেয়াৰমেল পদত শিশিৰ অধিকাৰীৰ ঠাইত আহে শুভেন্দু৷

২০১১ চন৷ পশ্চিমবংগৰ ৰাজপাটত ৰজাৰ আসন সলনি হ’ল৷ মমতা বেনাৰ্জীৰ নেতৃত্বত ৩৪ বছৰৰ ক্ষমতাসীন বামপন্থীসকলক হৰুৱাই দিয়ে তৃণমূল কংগ্ৰেছে৷ মেদিনীপুৰত প্ৰতাপো স্বাভাৱিকতে বাঢ়ে অধিকাৰী পৰিয়ালৰ৷ ২০১৪ চনৰ লোকসভাত প্ৰত্যাশা মতেই পূৰ্ব মেদিনীপুৰৰ কাঁথি তমলুক কেন্দ্ৰৰ পৰা জয়ী হয় শুভেন্দু অধিকাৰী৷ কিন্তু সেই বছৰেই যুৱ তৃণমূলৰ সভাপতি পদৰ পৰা শুভেন্দুক আঁতৰাই দিয়া হয়৷ তেওঁৰ স্থানত বহে সৌমিত্ৰা খাঁ৷ ইয়াৰোপৰি অভিষেক বেনাৰ্জীৰ নেতৃত্বত তৈয়াৰ হয় তৃণমূল যুৱা৷ যাক লৈ অসন্তুষ্ট আছিল শুভেন্দু৷

২০১৬ চনৰ বিধানসভা নিৰ্বাচন৷ নন্দীগ্ৰামৰ পৰা বিধায়ক নিৰ্বাচিত হয় শুভেন্দু অধিকাৰী৷ মমতা বেনাৰ্জীৰ মন্ত্ৰীসভাত শুভেন্দুৱে ঠাইয়ো পায়৷ ২০১৯ চনৰ লোকসভা নিৰ্বাচন আহিল৷ সেইবাৰ পশ্চিম মেদিনীপুৰ জিলাত তৃণমূল কংগ্ৰেছে ভাল ফল নাপালে৷ উত্থান ঘটে বিজেপি দলৰ৷ ফলত মমতা বেনাৰ্জীয়ে দলৰ পৰ্যবেক্ষকৰ দায়িত্বৰ পৰা শুভেন্দুক আঁতৰাই দিয়ে৷ ফাঁটিবলৈ ধৰে শুভেন্দু আৰু তৃণমূলৰ মাজৰ সম্পৰ্ক৷

ইয়াৰপাছতেই ২০২০ চনৰ আগষ্টত তৃণমূলৰ ৰাজ্যৰ চৰকাৰী কৰ্মী সংগঠনৰ দায়িত্বৰ পৰা আঁতৰাই দিয়া হয় শুভেন্দুক৷ আঁতৰাই দিয়া হয় জিলা পৰ্যবেক্ষকৰ পদৰ পৰাও৷ উল্লেখ্য যে সেই সময়ত একাধিক জিলাৰ পৰ্যবেক্ষকৰ পদত আছিল শুভেন্দু অধিকাৰী৷ ফলত তেওঁ পদসমূহো হেৰুৱাই৷ দলৰ সৈতে সম্পৰ্ক ফাটিলেও মন্ত্ৰীসভা, বিধায়ক পদ আৰু তৃণমূলৰ সকলো দায়িত্ব এৰি দিয়ে শুভেন্দু অধিকাৰীয়ে৷ ইয়াৰপাছতেই ২০২০ চনৰ ১৯ ডিচেম্বৰত তৃণমূল এৰি বিজেপিত যোগ দিয়ে শুভেন্দু অধিকাৰীয়ে৷

ইয়াৰপাছতেই ২০২১ চনৰ বিধানসভা নিৰ্বাচত পদ্ম প্ৰতীকত নন্দীগ্ৰামৰ পৰা জয়ী হয় শুভেন্দু অধিকাৰী৷ হৰুৱাই দিয়ে এসময়ৰ তেওঁৰেই নেত্ৰী মমতা বেনাৰ্জীক৷ কিন্তু সেইবাৰ বিজেপিয়ে আশা কৰাধৰণে ফল লাভ নকৰিলে৷ ফলত বিৰোধী দলনেতাৰ ভূমিকাত থাকে শুভেন্দু৷

ইয়াৰপাছতেই মমতা চৰকাৰ আৰু তৃণমূলৰ বিৰুদ্ধে তীব্ৰ যুঁজ চলাই যায় শুভেন্দুৱে৷ ৰাজ্যজুৰি প্ৰচাৰ অভিযান চলালে শুভেন্দু৷ সেইয়ে এইবাৰ ফল হাতে হাতে৷ বিপুল ভোটত বিজেপিক আদৰি আনিছে বংগবাসীয়ে৷ শুভেন্দুৱে নিজেও নন্দীগ্ৰাম আৰু ভৱানীপুৰ দুই বিধানসভা কেন্দ্ৰতেই জয়ী হৈছে৷ ভৱানীপুৰত মমতাক হৰুৱাই বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত একপ্ৰকাৰে হিৰ’ হৈ পৰিছে শুভেন্দু অধিকাৰী৷ যাৰবাবে সাংগঠনিক দক্ষতালৈ নজৰ দি অভিজ্ঞতাসম্পন্ন শুভেন্দুকেই বংগৰ পৰবৰ্তী মুখ্যমন্ত্ৰী হিচাপে বাচি ল’লে অমিত শ্বাহ আৰু বিজেপি নেতৃত্বই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ন’ন-এলক’হলিক ফেটি লিভাৰত ভূগি আছে নেকি? কি কি লক্ষণ দেখিলে বুজিব আপুনিও এই সমস্যাত ভূগি আছে?
খাদ্য

ন’ন-এলক’হলিক ফেটি লিভাৰত ভূগি আছে নেকি? কি কি লক্ষণ দেখিলে বুজিব আপুনিও এই সমস্যাত ভূগি আছে?

May 9, 2026
লক্ষ্মী নাৰায়ণৰ বিশেষ প্ৰিয় এই ৪ৰাশি, সমগ্ৰ জীৱনেই অৰ্থ সমৃদ্ধিৰ অভাৱ নহয় এওঁলোকৰ
জীৱনশৈলী

লক্ষ্মী নাৰায়ণৰ বিশেষ প্ৰিয় এই ৪ৰাশি, সমগ্ৰ জীৱনেই অৰ্থ সমৃদ্ধিৰ অভাৱ নহয় এওঁলোকৰ

May 9, 2026
শনিবাৰেই শপত থালাপতি বিজয়ৰ, ১৯৫২ চনৰ পাছত প্ৰথমবাৰৰ বাবে ত্ৰিশংকু বিধানসভা, কি কি প্ৰত্যাহ্বান এতিয়াও আছে TVKৰ সন্মুখত?
জীৱনশৈলী

শনিবাৰেই শপত থালাপতি বিজয়ৰ, ১৯৫২ চনৰ পাছত প্ৰথমবাৰৰ বাবে ত্ৰিশংকু বিধানসভা, কি কি প্ৰত্যাহ্বান এতিয়াও আছে TVKৰ সন্মুখত?

May 9, 2026
‘এনেকুৱা মানসিকতা হ’লে আমি আপোনাক আমাৰ মাননি সম্পূৰ্ণ কৰাৰ মানসিকতা নাথাকিব!’ অভিনেত্ৰী পাপৰি বৰাক মুকলিকৈ প্ৰত্যাহ্বান কিয় জনাইছে ৰাজধানী থিয়েটাৰে?
অসম

‘এনেকুৱা মানসিকতা হ’লে আমি আপোনাক আমাৰ মাননি সম্পূৰ্ণ কৰাৰ মানসিকতা নাথাকিব!’ অভিনেত্ৰী পাপৰি বৰাক মুকলিকৈ প্ৰত্যাহ্বান কিয় জনাইছে ৰাজধানী থিয়েটাৰে?

May 9, 2026
Next Post
শনিবাৰেই শপত থালাপতি বিজয়ৰ, ১৯৫২ চনৰ পাছত প্ৰথমবাৰৰ বাবে ত্ৰিশংকু বিধানসভা, কি কি প্ৰত্যাহ্বান এতিয়াও আছে TVKৰ সন্মুখত?

শনিবাৰেই শপত থালাপতি বিজয়ৰ, ১৯৫২ চনৰ পাছত প্ৰথমবাৰৰ বাবে ত্ৰিশংকু বিধানসভা, কি কি প্ৰত্যাহ্বান এতিয়াও আছে TVKৰ সন্মুখত?

লক্ষ্মী নাৰায়ণৰ বিশেষ প্ৰিয় এই ৪ৰাশি, সমগ্ৰ জীৱনেই অৰ্থ সমৃদ্ধিৰ অভাৱ নহয় এওঁলোকৰ

লক্ষ্মী নাৰায়ণৰ বিশেষ প্ৰিয় এই ৪ৰাশি, সমগ্ৰ জীৱনেই অৰ্থ সমৃদ্ধিৰ অভাৱ নহয় এওঁলোকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.