কেলেণ্ডাৰৰ পাতত আগন্তুক ১৬ মে বিশেষ দিন৷ সেই দিনাই পালিত হ’ব শনি জয়ন্তী৷ এইবাৰ শনি জয়ন্তী কেৱল ধৰ্মীয় কাৰণতেই নহয়, জ্যোতিষ শাস্ত্ৰৰ বিচাৰো অত্যন্ত তাৎপৰ্যপূৰ্ণ হ’ব৷ গ্ৰহ নক্ষত্ৰৰ এক অদ্ভূত সমাপতনত সেই দিনাই তৈয়াৰ হৈছে একাধিক ৰাজযোগ৷ শনিৰ সাপেক্ষে বুধ আৰু সূৰ্যৰ বিশেষ অৱস্থানত বুধাদিত্য আৰু ইয়াৰ সৈতে কেদাৰ যোগৰ সৃষ্টি হৈছে৷ জ্যোতিষীৰ মতে এই শুভ সংযোগ সাধাৰণতে দেখা নাযায়৷ ইয়াৰ প্ৰভাৱ বিশেষকৈ ৫ৰাশিৰ জাতক জাতিকাৰ জীৱনত আহিব৷ অৰ্থৰ জোৱাৰ আৰু অভাৱনীয় সাফল্য কাৰ কাৰ জীৱনত?
কেতিয়াৰে পৰা আৰম্ভ হৈছে এই যোগ?
জ্যোতিষ গণনাই কৈছে শনি জয়ন্তীৰ ঠিক এদিন পূৰ্বে অৰ্থাৎ ১৫ মে’ত সূৰ্য আৰু বুধ একত্ৰ হ’ব বৃষ ৰাশিৰ৷ ইয়াৰ ফলত সক্ৰিয় হ’ব বুধাদিত্য ৰাজযোগ৷ আৰু ঠিক পাচৰ দিনা অৰ্থাৎ ১৬ মে’ত শনি জয়ন্তীৰ মাহেন্দ্ৰক্ষণত কেদাৰ যোগৰ মিলনত পৰিস্থিতি আৰু শক্তিশালী হ’ব৷ যাৰ ইতিবাচক প্ৰভাৱ পৰিব কৰ্মজীৱনৰ পৰা স্বাস্থ্যৰ ওপৰতো৷
বৃষ ৰাশি
এই ৰাশিতেই তৈয়াৰ হ’ব বুধাদিত্য যোগ৷ ফলত বৃষ ৰাশিৰ জাতকৰ কৰ্মজীৱনলৈ নতুন দায়িত্ব আহিব পাৰে৷ ইয়াৰ সৈতে বাঢ়িব পাৰে পদমৰ্যাদা৷ ব্যৱসায়ীসকলৰ ওপৰত ডাঙৰ লগ্নিয় সময়৷ পুৰণি গ্ৰাহকৰ পৰা লাভৰ মুখ দেখিব৷ শাৰীৰিক জটিলতাৰ পৰা মুক্তি পাব৷
সিংহ ৰাশি
নেতৃত্ব দিয়াৰ সহজাতচ ক্ষমতা আৰু বিকশিত হ’ব৷ শনি জয়ন্তীৰ কৃপাত নতুন কোনো ব্যৱসায়িক চুক্তিত চহী কৰিব পাৰে৷ সমাজত সন্মান যেনেকৈ বাঢ়িব তেনেকৈ পেছাগত জীৱনত আহিব কাঙ্ক্ষিত সাফল্য৷
তুলা ৰাশি
কেদাৰ যোগৰ আশীৰ্বাদত সকলোতকৈ বেছি পাব পাৰে তুলাৰ জাতকে৷ ঘৰৰ পৰা মাটি কিনা অৰ্থাৎ সম্পত্তি বৃদ্ধিৰ যোগ প্ৰৱল৷ পুৰণি বিনিয়োগৰ পৰা মোটা টকা ৰিটাৰ্ণ পোৱাৰ সম্ভাৱনা আছে৷ ৰৈ থকা কামত গতি পাব৷ মানসিক দুশ্চিন্তা কমিব৷
বৃশ্চিক ৰাশি
আত্মবিশ্বাস তুংগত থাকিব এই ৰাশিৰ৷ কেৰিয়াৰত ইতিবাচক সালসলনি আহিব৷ ভাল কোনো সংস্থাৰ পৰা চাকৰিৰ প্ৰস্তাব পাব পাৰে৷ উচ্চশিক্ষা বা কামৰ প্ৰয়োজনত বিদেশযাত্ৰাৰ সপোনো সফল হব পাৰে৷
কুম্ভ ৰাশি
যিহেতু শনি এই ৰাশিৰ অধিপতি, সেয়ে শনি জয়ন্তী কুম্ভৰ বাবে অত্যন্ত শুভ৷ কৰ্মক্ষেত্ৰত প্ৰত্যাশাতকৈ বেছি উন্নতিৰ সম্ভাৱনা৷ হাতলৈ আহিব অৰ্থ৷ যিসকলে দীৰ্ঘদিন ধৰি অসুস্থতাত ভূগি আছিল তেওঁলোকৰ স্বাস্থ্যৰ দ্ৰুত উন্নতি হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















