প্ৰতিমাহে দৰমহাৰ অলপ অংশ সঞ্চয় কৰি সঠিক ঠাইত আপুনিও বিনিয়োগ কৰিব পাৰে। আৰু যদি আপুনি ধনৰ সম্পূৰ্ণ নিৰাপত্তা বিচাৰে, তেন্তে ডাকঘৰৰ সঞ্চয় আঁচনি আপোনাৰ বাবে এক উত্তম বিকল্প হ’ব পাৰে।

মাত্ৰ ১০০ টকাৰে আৰম্ভ কৰক ডাকঘৰ RD ৰেকাৰিং ডিপোজিট৷ এই একাউণ্ট ডাকঘৰত খুলিব পাৰে। ইয়াত প্ৰতিমাহে নূন্যতম ১০০ টকা বিনিয়োগ কৰিব পাৰি আৰু সৰ্বোচ্চ বিনিয়োগৰ কোনো সীমা নাই। এইটো এটা সৰু সঞ্চয় আঁচনি। এই আঁচনিৰ সুদৰ হাৰ তিনিমাহৰ মূৰে মূৰে চৰকাৰে নিৰ্ধাৰণ কৰে।

ইয়াক অতি নিৰাপদ বিনিয়োগ আঁচনি বুলি গণ্য কৰা হয়। এই আঁচনিখনত প্ৰতিমাহে নিৰ্দিষ্ট পৰিমাণৰ ধন জমা কৰিব লাগে। বৰ্তমান ডাকঘৰৰ আৰ ডি আঁচনিত বছৰি ৬.৭ শতাংশ সুদৰ হাৰ প্ৰদান কৰা হৈছে।

যৌথ একাউণ্টো খুলিব পাৰিব। ডাকঘৰৰ RDত যৌথ একাউণ্ট খোলাৰ সুবিধাও আছে। সৰ্বাধিক তিনিজন প্ৰাপ্তবয়স্কই যৌথ একাউণ্ট খুলিব পাৰে। বিবাহিত হ’লে স্বামী-স্ত্ৰীয়ে একেলগে এই আঁচনিখনত বিনিয়োগ কৰিব পাৰে। যদি দুয়োজনে প্ৰতিমাহে দৰমহাৰ পৰা ১২ হাজাৰ টকা জমা দিয়ে, তেন্তে বৃহৎ পুঁজি সৃষ্টি কৰা সম্ভৱ।

মেচিউৰিটি পিৰিয়ড কিমান?

ডাকঘৰৰ RD একাউণ্ট ৫ বছৰত মেচিউৰ হয়। অৱশ্যে আবেদন কৰি এই সময়সীমা আৰু ৫ বছৰ বৃদ্ধি কৰিব পাৰি। অৰ্থাৎ মুঠ ১০ বছৰলৈকে বিনিয়োগ কৰিব লাগিব৷ ডাকঘৰৰ আৰ ডি আঁচনিত ঋণৰ সুবিধা উপলব্ধ।

একাউণ্ট খোলাৰ ১ বছৰৰ পিছত বা মাহিলী ১২টা কিস্তি জমা কৰাৰ পিছত একাউণ্টধাৰীয়ে জমা ধনৰ ৫০ শতাংশ পৰ্যন্ত ঋণ ল’ব পাৰে।

৪১ লাখ টকা কেনেকৈ জমা কৰিব?

স্বামী-স্ত্ৰীয়ে ডাকঘৰৰ আৰ ডিত যৌথ একাউণ্ট খুলিব পাৰে। তাৰ পিছত প্ৰতিমাহে দুয়োজনে দৰমহাৰ পৰা ১২ হাজাৰকৈ মুঠ ২৪ হাজাৰ টকা আৰ ডি একাউণ্টত জমা কৰিব পাৰে। ৫ বছৰ সম্পূৰ্ণ কৰাৰ পিছত আঁচনিৰ সময়সীমা আৰু ৫ বছৰলৈ বৃদ্ধি কৰিবলৈ আবেদন কৰক। একেৰাহে ১০ বছৰ এনেদৰে বিনিয়োগ কৰিলে মুঠ পুঁজি হ’ব প্ৰায় ৪১,০০,৫০৯ টকা। ইয়াৰে মুঠ বিনিয়োগৰ পৰিমাণ- ২৮,৮০,০০০ টকা সুদৰ পৰা আয় -১২,২০,৫০৯ টকা অৰ্থাৎ নিয়মীয়াকৈ সৰু সৰু সঞ্চয়ে ভৱিষ্যতে এক বৃহৎ পুঁজি গঢ়ি তোলাত সহায় কৰিব পাৰে।