সস্তাত পোৱা পুষ্টিকৰ খাদ্য হৈছে কণী৷ বজাৰত সহজলভ্য, তৈয়াৰ কৰাও সহজ আৰু পুষ্টিকৰ ব্ৰেকফাষ্ট হিচাপে সিজোৱা কণী বহুতেই খায়৷ একো নাপালে ৰন্ধনশালত কণীয়ে গুৰুত্ব লাভ কৰে৷ এটা সিজোৱা কণীত ৬ গ্ৰাম প্ৰটিন থাকে আৰু ইয়াত ভিটামিন এ, বি১২, ডি, ই, লুটেইন আৰু জিয়াজেন্থিনৰ দৰে যৌগ থাকে৷ যিয়ে শৰীৰৰ বিভিন্ন অংগক সহায়তা কৰে৷ একাধিক স্বাস্থ্য সংক্ৰান্তিয় ৱেবচাইটৰ দাবী, এজন ব্যক্তিয়ে প্ৰতিদিনে দুটাকৈ সিজোৱা কণী খালে উল্লেখযোগ্য উপকাৰ পাব পাৰে৷ জানি থওক দুটাকৈ সিজোৱা কণী খালে আপোনাৰ শৰীৰে কি কি উপকাৰ লাভ কৰে?
হজমশক্তি আৰু ওজন কমায়
হেলথলাইনৰ মতে কণীত উচ্চমানৰ প্ৰটীন থাকে যিয়ে পেশী গঠন আৰু ওজন কমোৱাত সহায় কৰে৷ ই মেটাবলিজমো বঢ়ায়৷ কণী খালে খাদ্যৰ থাৰ্কিম এফেক্ট বৃদ্ধি পায়৷ ফলত শৰীৰে দ্ৰুত কেলৰি পুৰে৷ পুৱাই দুটাকৈ কণী খালে দীৰ্ঘ সময় পেট ভৰি থাকে৷ যিয়ে অতিৰিক্ত খাদ্য গ্ৰহণৰ পৰা ব্যক্তিক দূৰৈত ৰাখে৷
মস্তিষ্কৰ শক্তি আৰু স্মৃতিশক্তিৰ বাবে আশীৰ্বাদ
কণীৰ কুহুমত কোলিন থাকে যিয়ে মস্তিষ্কৰ কোষ গঠন আৰু সংকেত আদান প্ৰদানত অপৰিহাৰ্য৷ প্ৰতিদিনে দুটাকৈ কণী খালে আপোনাৰ শৰীৰে পৰ্যাপ্ত পৰিমাণে কোলিন পায় যিয়ে স্মৃতিশক্তি আৰু মনোযোগ উন্নত কৰে৷ ই আলঝাইমাৰ্ছৰ দৰে ৰোগৰ আশংকা কমোৱাত সহায় কৰিব পাৰে৷
দৃষ্টিশক্তি আৰু ছালৰ ওপৰত প্ৰভাৱ পেলায়
কণীত লুটেইন আৰু জিয়াজেন্থিনৰ দৰে এণ্টিঅক্সিডেণ্ট থাকে৷ এই যৌগসমূহে ৰেটিনাক ৰক্ষা কৰে আৰু ছানি পৰাৰ আশংকা কমায়৷ ইয়াৰোপৰি কণীত থকা ছালফাৰ আৰু ভিটামিন বি১২ য়ে আপোনাৰ চুলি আৰু নখৰ উজ্জ্বলতা বঢ়ায় যিয়ে আপোনাক তৰুণ আৰু প্ৰাণৱন্ত কৰি ৰাখে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















