পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। যোৱা ৫ দিনত পুনৰ দ্বিতীয়বাৰৰ বাবে বৃদ্ধি দেখা গৈছে। প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৮৬ পইচা আৰু ডিজেলৰ মূল্য ৮৩ পইচা বৃদ্ধি পাইছে। পাঁচ দিনত প্ৰতি লিটাৰত প্ৰায় ৪ টকাকৈ মূল্য বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে ১৫ মে’ত পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি হৈছিল ৩ টকা।
এই নতুন বৃদ্ধিৰ পিছত দিল্লীত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৯৮.৬৪ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯১.৫৮ টকা হৈছে। নতুনকৈ বৃদ্ধিৰ পূৰ্বে দিল্লীত পেট্ৰ’লৰ মূল্য আছিল ৯৭.৭৭ টকা, আনহাতে ডিজেলৰ মূল্য আছিল ৯০.৬৭টকা প্ৰতি লিটাৰ।
CNG ৰ মূল্য ১ টকা বৃদ্ধি
কিছুদিন পূৰ্বে চিএনজিৰ মূল্যও বৃদ্ধি পায়। দিল্লী-এনচিআৰত চিএনজিৰ মূল্য প্ৰতি কিলোগ্ৰামত ১ টকা বৃদ্ধি। প্ৰথমবাৰৰ বাবে দিল্লীত ৮০ টকা অতিক্ৰম কৰিলে দাম। ১৫ মে’ত চিএনজিৰ দাম ২ টকা বৃদ্ধি পালে। ইয়াৰ পিছতে দিল্লীত চিএনজিৰ মূল্য প্ৰতি কিলোগ্ৰামত ৮০.০৯ টকা হোৱাৰ বিপৰীতে নয়ডাত ৮৮.৭০ টকা হয়।
এই বৃদ্ধিৰ প্ৰত্যক্ষ প্ৰভাৱ এইসকল কাৰ ওপৰত পৰিছে?
মন কৰিবলগীয়া যে, এই বৃদ্ধিয়ে দৈনিক যাতায়ত কৰা, অটো-ৰিক্সা চালক, আৰু এপ ভিত্তিক কেব চালকৰ দৈনন্দিন খৰচত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব। ইৰাণ যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা খাৰুৱা তেলৰ মূল্য ৫০ শতাংশতকৈও অধিক বৃদ্ধি পাইছে। বিগত কিছুদিন ধৰি খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১০০ ডলাৰৰ ওপৰত আছে। ডলাৰৰ বিপৰীতে টকাৰ মূল্য তীব্ৰভাৱে হ্ৰাস পাইছে। ডলাৰৰ বিপৰীতে ৯৬.২৩ৰ নতুন অভিলেখ সৃষ্টি কৰিছে ভাৰতীয় টকা।
বজাৰৰ অৱস্থা বেয়া, টকাৰ অৱস্থা দুৰ্বল
পশ্চিম এছিয়াত বৃদ্ধি পোৱা উত্তেজনা আৰু খাৰুৱা তেলৰ ধাৰাবাহিকভাৱে উচ্চ মূল্যই বজাৰখনক অশান্তি দিছে। ইয়াৰ ফলত অনাগত দিনত সাধাৰণ মানুহৰ পকেটত মুদ্ৰাস্ফীতিৰ বোজা বৃদ্ধি পাব পাৰে। খাৰুৱা তেলৰ মূল্যবৃদ্ধিয়ে ভাৰতৰ দৰে আমদানি নিৰ্ভৰশীল দেশসমূহত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়, যাৰ বাবে বৈদেশিক মুদ্ৰাৰ ব্যয় বৃদ্ধিৰ প্ৰয়োজন হয়। টকা আৰু অধিক দুৰ্বল হ’লে খাৰুৱা তেল আমদানিৰ ব্যয় তীব্ৰভাৱে বৃদ্ধি পাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















