ফিক্সড ডিপজিট এতিয়া বিনিয়োগকাৰীৰ ওচৰত অন্যতম ভৰষাযোগ্য বিনিয়োগ মাধ্যম৷ কাৰণ ইয়াত নিৰ্দিষ্ট ৰিটাৰ্ণ আৰু আৰু স্থিতিশীল বৃদ্ধি পোৱা যায়৷ বৃহৎ অংকৰ ধন FDত বিনিয়োগ কৰাৰ সময়ত বহু প্ৰশ্ন মনলৈ আহে৷ সমূৰ্ণ ধন এটা এফ ডিতেই ৰখা উচিত যে সৰু সৰু একাধিক এফ ডিত ভাগ কৰি ধন বিনিয়োগ কৰাটো ভাল?
আপুনি যদি ১০ বছৰৰ বাবে ৫ লাখ টকা বিনিয়োগ কৰিব খোজে তেন্তে এটা এফ ডিত ১ লাখকৈ মুঠ পাঁচটা এফ ডি খুলিলে বেছি লাভৱান হ’ব৷ যদিও মুঠ ৰিটাৰ্ণ প্ৰায় একেই থাকিলেও সামগ্ৰিক সুবিধাৰ ক্ষেত্ৰত বৃহৎ পাৰ্থক্যই দেখা দিব পাৰে৷
৫লাখ টকা এটা এফ ডিত ৰাখিলে ১০ বছৰত কিমান ৰিটাৰ্ণ পাব?
ধৰা হ’ল বিনিয়োগৰ পৰিমাণ ৫লাখ টকা৷ সুদৰ হাৰ বাৰ্ষিক ৭শতাংশ, ম্যাদ ১০ বছৰ৷ সুদ গণনা কৰা হয় তিনিমাহৰ ভিত্তিত৷ আনুমানিক সুদ প্ৰায় ৫০০,৭৯৯ টকা৷ মুঠ মেচিউৰিটি ভেল্যু প্ৰায় ১০,০০,৭৯৯ টকা৷ অৰ্থাৎ ৭শতাংশ সুদৰ হাৰত ১০ বছৰত আপোনাৰ বিনিয়োগ প্ৰায় দ্বিগুণ হৈ যাব পাৰে৷
১লাখ টকাকৈ ৫টা FD কৰিলে কিমান পাব?
ধৰা হ’ল একেই ৫লাখ টকা যদি ১ লাখকৈ ৫টা পৃথক এফ ডি ভাগ কৰি বিনিয়োগ কৰিব পাৰে৷ সুদৰ হাৰ আৰু ম্যাদো একেই থাকিব৷ এটা এফ ডিত সম্ভাব্য মেচিউৰিটি ভেল্যু বিনিয়োগৰ পৰিমাণ ১ লাখ৷ আনুমানিক সুদ প্ৰায় ১০০১৬০ টকা৷ মুঠ মেচিউৰিটি ভেল্যু প্ৰায় ২০০,১৬০ টকা৷ অর্থাৎ এটা এফ ডি বা একাধিক এফ ডি দুয়ো ক্ষেত্ৰতেই মুঠ ৰিটাৰ্ণ প্ৰায় একেই থাকে৷
কিয় একাধিক এফ ডি কৰাটো বুদ্ধিমানৰ কাম?
যদিও ৰিটাৰ্ণ একেধৰণৰ তথাপিও বহু আৰ্থিক বিশেষজ্ঞই একাধিক FD কৰাৰ পৰামৰ্শ দিয়ে৷ কাৰণ ইয়াত আপুনি কেইবাটাও সুবিধা পাব পাৰে৷ জৰুৰী পৰিস্থিতিত বেছি সুবিধা৷ ধৰা হ’ল আপোনাৰ ৫০ হাজাৰ টকাৰ প্ৰয়োজন৷ যদি সম্পূৰ্ণ ৫লাখ টকাৰ এটা এফ ডি ভাঙিলে বহু পৰিমাণে লোকচান হয়৷ কিন্তু যদি পৃথক ৫টা এফ ডি থাকে তেন্তে কেৱল এটা এফ ডি ভাঙি প্ৰয়োজনীয় ধন তুলি ল’ব পাৰে৷ বাকীসমূহ এফ ডি আপুনি চলাই থাকক৷
FD Laddering-ৰ সুবিধা৷ একাধিক এফ ডি থাকিলে বিভিন্ন সময়ত মেচিউৰিটিৰ পৰিকল্পনা কৰিব পাৰে৷ এই কৌশলক এফ ডি লেডাৰিং বুলি কোৱা হয়৷ ইয়াৰ মাধ্যমেৰে নিয়মিত নগদ ধন বজায় ৰখা আৰু সুদৰ হাৰৰ পৰিবৰ্তনৰ সুবিধা লোৱা সহজ হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ