এণ্টিবায়’টিকৰ ব্যৱহাৰে বেক্টেৰিয়াৰ সংক্ৰমণ দূৰ কৰাত সহায় কৰে যদিও ইয়াৰ কিছুমান সাধাৰণৰ পৰা মাৰাত্মক পাৰ্শ্বক্ৰিয়া (side effects) দেখা যাব পাৰে। এণ্টিবায়টিকে শৰীৰৰ অপকাৰী বেক্টেৰিয়াবোৰ ধ্বংস কৰাৰ লগতে হজম প্ৰক্ৰিয়াত সহায় কৰা উপকাৰী বেক্টেৰিয়াবোৰকো নষ্ট কৰি পেলায়, যাৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হয়।
এণ্টিবায়’টিকৰ ক্ৰমবৰ্ধমান ব্যৱহাৰ দেশৰ বাবে এক ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিছে। ভাৰতত বিগত কেইবছৰমানৰ পৰা এই ঔষধসমূহৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে। অত্যধিক ব্যৱহাৰেও স্বাস্থ্যৰ যথেষ্ট ক্ষতি কৰিব পাৰে। এণ্টিবায়’টিক দীৰ্ঘদিন ধৰি উচ্চ মাত্ৰাত ব্যৱহাৰ কৰাৰ ফলত অন্ত্ৰত বসতি কৰা বহুতো অণুজীৱ ধ্বংস হয়, সেই অণুজীৱসমুহ শৰীৰৰ বাবে প্ৰয়োজনীয় আৰু উপকাৰী। অন্ত্ৰত বাসকৰা কৰা কিছুমান অণুজীৱই শৰীৰৰ ভিতৰতে ভিনভিন খাদ্যপ্ৰাণ গঠন কৰে, অন্ত্ৰত থকা অণুজীৱ এণ্টিবায়’টিক ব্যৱহাৰৰ ফলত বিনষ্ট হ’লে শৰীৰটো প্ৰয়োজনীয় বহুতো খাদ্যপ্ৰাণৰ পৰা বঞ্চিত হয় আৰু দেহৰ পুষ্টি সাধনত ব্যাঘাত জন্মে। বহুদিন এণ্টিবায়’টিক ব্যৱহাৰ কৰি থাকিলে পাছলৈ অণুজীৱৰ ওপৰত তাৰ ক্ৰিয়া নাইকীয়া হয়।
এন্টিবায়টিক অত্যধিক ব্যৱহাৰ কৰাৰ পৰা সাৱধান। সুস্থ বেক্টেৰিয়াৰ ওপৰত এন্টিবায়’টিকৰ প্ৰভাৱ বন্ধ হৈ যায়। এনে অৱস্থাত এই ঔষধ যেতিয়া ৰোগীক দিয়া হয় তেতিয়া তাৰ কোনো প্ৰভাৱ শৰীৰত নপৰে। এনে পৰিস্থিতিত চিকিৎসকে কোনো সহায় কৰিব নোৱাৰে আৰু ৰোগীৰ মৃত্যু হয়।
এণ্টিবায়টিকৰ পাৰ্শ্বক্ৰিয়া কি কি?
- ভেঁকুৰজাতীয় সংক্ৰমণ
- গেছৰ সমস্যা
- ডায়েৰিয়া
- মানসিক ৰোগৰ লক্ষণে
- উচপ খাই উঠা
- পাচন তন্ত্ৰৰ সমস্যা
- বৃক্ক বিকল হোৱা
- দাঁতৰ ৰং সলনি হোৱা
- হাড়ৰ মজ্জা বেয়া হোৱা
- ছালৰ ক্ষতি
মনত ৰাখিব, চিকিৎসকৰ পৰামৰ্শ অবিহনে বা সঘনাই অপ্ৰয়োজনীয়ভাৱে এণ্টিবায়টিক ব্যৱহাৰ কৰিলে বেক্টেৰিয়াবোৰে সেই ঔষধৰ বিৰুদ্ধে যুঁজিব পৰা ক্ষমতা অৰ্জন কৰে। ইয়াক এণ্টিবায়’টিক ৰেজিষ্টেন্স বুলি কোৱা হয়। ইয়াৰ ফলত পৰৱৰ্তী সময়ত শৰীৰত ডাঙৰ বেমাৰ হ’লে এণ্টিবায়টিকে কাম নকৰা হৈ পৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















