নেপালৰ বৰ্তমান আইন অনুসৰি ১৮ বছৰতকৈ কম বয়সীয়া কোনো কিশোৰ বা কিশোৰীৰ মাজত যিকোনো ধৰণৰ যৌনসম্পৰ্কক ধৰ্ষণ হিচাপে গণ্যা কৰা হয়৷ কিন্তু এই আইন এতিয়া অতীত হ’ব৷ নতুন আইনৰ প্ৰস্তাৱনাত কিশোৰ কিশোৰীৰ পাৰস্পৰিক সন্মতিত গঢ়ি ওঠা সম্পৰ্কক আইনী জটিলতা আৰু শাস্তিৰ পৰা বচাই ৰাখিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে জেন জি আন্দোলনৰ পৰা প্ৰধানমন্ত্ৰী হোৱা বালেন্দ্ৰ শ্বাহে৷
কিশোৰ কিশোৰীৰ মাজত পাৰস্পৰিক সন্মতিত হোৱা যৌনসম্পৰ্কত ছিলমোহৰ দিবলৈ আগুৱাইছে নেপাল চৰকাৰ৷ ১৮ বছৰতকৈ কম বয়সীয়াসকলৰ সন্মতিসূচক শাৰীৰিক সম্পৰ্কৰ ক্ষেত্ৰত এতিয়া লঘু শাস্তিৰ বিধানৰ প্ৰস্তাব আগবঢ়াইছে বালেন্দ্ৰ শ্বাহ চৰকাৰে৷
সমবয়সীয়া কিশোৰ কিশোৰীৰ মাজত পাৰস্পৰিক সন্মতিত হোৱা যৌনসম্পৰ্কক অপৰাধ হিচাপে গণ্য কৰিব নোখোজে নেপালৰ নতুন চৰকাৰে৷ এই ধৰণৰ সম্পৰ্কক নিৰ্যাতন বা শোষণৰ ঘটনাৰ পৰা পৃথককৈ চাব খোজে নেপালৰ সৰ্বকনিষ্ঠ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















