• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিশোৰ-কিশোৰীৰ মাজত যৌ**ন সম্পৰ্ক এতিয়া আৰু ধ**ৰ্ষণ নহয়! নেপালৰ জেন-জি প্ৰধানমন্ত্ৰীয়ে Gen-Zৰ বাবে অনা ৰোমিঅ’-জুলিয়েট আইনত কি কি আছে?

কিশোৰ-কিশোৰীৰ মাজত যৌ**ন সম্পৰ্ক এতিয়া আৰু ধ**ৰ্ষণ নহয়! নেপালৰ জেন-জি প্ৰধানমন্ত্ৰীয়ে Gen-Zৰ বাবে অনা ৰোমিঅ’-জুলিয়েট আইনত কি কি আছে?

2 months ago
‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

14 minutes ago
‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

1 hour ago
অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

2 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

3 hours ago
উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

16 hours ago
এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

16 hours ago
কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

17 hours ago
ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

18 hours ago
অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

18 hours ago
দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

19 hours ago
স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

19 hours ago
অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

কিশোৰ-কিশোৰীৰ মাজত যৌ**ন সম্পৰ্ক এতিয়া আৰু ধ**ৰ্ষণ নহয়! নেপালৰ জেন-জি প্ৰধানমন্ত্ৰীয়ে Gen-Zৰ বাবে অনা ৰোমিঅ’-জুলিয়েট আইনত কি কি আছে?

কিশোৰ-কিশোৰীৰ মাজত যৌ**ন সম্পৰ্ক এতিয়া আৰু ধ**ৰ্ষণ নহয়! নেপালৰ জেন-জি প্ৰধানমন্ত্ৰীয়ে Gen-Zৰ বাবে অনা ৰোমিঅ’-জুলিয়েট আইনত কি কি আছে?

editor by editor
May 23, 2026
in বিশ্ব, লেখা
0
কিশোৰ-কিশোৰীৰ মাজত যৌ**ন সম্পৰ্ক এতিয়া আৰু ধ**ৰ্ষণ নহয়! নেপালৰ জেন-জি প্ৰধানমন্ত্ৰীয়ে Gen-Zৰ বাবে অনা ৰোমিঅ’-জুলিয়েট আইনত কি কি আছে?
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নেপালৰ বৰ্তমান আইন অনুসৰি ১৮ বছৰতকৈ কম বয়সীয়া কোনো কিশোৰ বা কিশোৰীৰ মাজত যিকোনো ধৰণৰ যৌনসম্পৰ্কক ধৰ্ষণ হিচাপে গণ্যা কৰা হয়৷ কিন্তু এই আইন এতিয়া অতীত হ’ব৷ নতুন আইনৰ প্ৰস্তাৱনাত কিশোৰ কিশোৰীৰ পাৰস্পৰিক সন্মতিত গঢ়ি ওঠা সম্পৰ্কক আইনী জটিলতা আৰু শাস্তিৰ পৰা বচাই ৰাখিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে জেন জি আন্দোলনৰ পৰা প্ৰধানমন্ত্ৰী হোৱা বালেন্দ্ৰ শ্বাহে৷

কিশোৰ কিশোৰীৰ মাজত পাৰস্পৰিক সন্মতিত হোৱা যৌনসম্পৰ্কত ছিলমোহৰ দিবলৈ আগুৱাইছে নেপাল চৰকাৰ৷ ১৮ বছৰতকৈ কম বয়সীয়াসকলৰ সন্মতিসূচক শাৰীৰিক সম্পৰ্কৰ ক্ষেত্ৰত এতিয়া লঘু শাস্তিৰ বিধানৰ প্ৰস্তাব আগবঢ়াইছে বালেন্দ্ৰ শ্বাহ চৰকাৰে৷

সমবয়সীয়া কিশোৰ কিশোৰীৰ মাজত পাৰস্পৰিক সন্মতিত হোৱা যৌনসম্পৰ্কক অপৰাধ হিচাপে গণ্য কৰিব নোখোজে নেপালৰ নতুন চৰকাৰে৷ এই ধৰণৰ সম্পৰ্কক নিৰ্যাতন বা শোষণৰ ঘটনাৰ পৰা পৃথককৈ চাব খোজে নেপালৰ সৰ্বকনিষ্ঠ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে৷

নেপালৰ বৰ্তমান আইনকাঠামো অনুসৰি ১৮ বছৰতকৈ কম বয়সীয়া কোনো কিশোৰ বা কিশোৰীৰ মাজত যিকোনো ধৰণৰ যৌনসম্পৰ্কক ধৰ্ষণ হিচাপে গণ্য কৰা হয়৷ এইক্ষেত্ৰত পাৰস্পৰিক সন্মতিক অপৰাধ বুলি গণ্য নকৰে নতুন চৰকাৰে৷ দুজনৰ অৱশ্যে সন্মতি প্ৰয়োজন৷ সন্মতি অবিহনে সম্পৰ্ক কৰিলে অৱশ্যে ইয়াক নিৰ্যাতন বুলি ধৰা হ’ব৷

১৬ৰ পৰা ১৮ বছৰ বয়সীয়া কিশোৰ কিশোৰীসকলৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য আছিল৷ এই  আইনৰ বিৰুদ্ধে পাৰস্পৰিক দ্বন্দ্বৰো অভিযোগ আছিল৷ কাৰণ নেপালত ১৮ বছৰ বয়সীয়াক প্ৰাপ্তবয়স্ক ধৰিলেও আইনসন্মতভাৱে বিবাহৰ বয়স আকৌ ২০ বছৰ ধৰা হয়৷ ইয়াৰ ফলত বহু বিসংগতিয়ে দেখা দিছিল এই আইনখনক লৈ৷ আইন বিশেষজ্ঞ আৰু দেশৰ যুৱসমাজ সেয়ে দীৰ্ঘদিন ধৰি সৰৱ হৈয়েই আছিল এই আইনক লৈ৷

সমালোচকসকলক বক্তব্য যে বিদ্যমান আইনখনে নাবালকসকলক শোষণৰ পৰা ৰক্ষা কৰাৰ পৰিবৰ্তে প্ৰায়েই কিশোৰ কিশোৰীৰ পাৰস্পৰিক সন্মতিৰ সম্পৰ্ককো অপৰাধ গণ্য কৰি আছিল৷ এই আইনৰ কাৰণেই বহু কিশোৰ বা তৰুণে কেৱল সম্পৰ্কত লিপ্ত হোৱাৰ অপৰাধতে দীৰ্ঘ সময় কাৰাবাস খাটিবলগীয়া হৈছিল৷

সমালোচনাক সেয়ে বালেন্দ্ৰ চৰকাৰে গুৰুত্বসহকাৰে লৈছে৷ নেপালৰ চৰকাৰী টাস্ক ফৰ্ছ আৰু আইন বিশেষজ্ঞসকলে বাস্তৱ পৰিস্থিতি উপলব্ধি কৰি আইন পৰিবৰ্তন কৰাৰ কথা ভাৱিছে৷ নতুন ফৌজদাৰী আইনত এক নতুন ধাৰা যুক্ত কৰাৰ কথা ভাৱিছে নেপালে৷

নেপালৰ আইন, ন্যায়বিভাগৰ সৈতে জড়িত লোক আৰু সাংসদসকলে মিলি এক টাস্ক ফোৰ্ছ গঠন কৰিছে৷ সেই টাস্ক ফৰ্চেই ছুপ্ৰিম কৰ্ট আৰু আইন বিশেষজ্ঞসকলৰ মতামতৰ ভিত্তিত এই সংশোধনী প্ৰস্তুত কৰিছে৷ প্ৰস্তাৱটো বৰ্তমান মন্ত্ৰীসভাই পৰ্যালোচনাও কৰিছে৷ এই আইন সংশোধনৰ ওপৰিও আইনী বিবাহৰ বয়স ২০ৰ পৰা কমাই ১৮ কৰাৰ বিষয়ে সংসদত আলোচনা চলিছে৷

যদি সম্পৰ্কত জড়িত দুজনৰেই বয়স ১৬ৰ পৰা ১৮ বছৰৰ মাজত হয় তেতিয়া তেওঁলোকৰ বয়সৰ পাৰ্থক্য নিৰ্দিষ্ট হয়৷ তেওঁলোকৰ পাৰস্পৰিক সন্মতিক আইনী স্বীকৃতি দিয়া হ’ব৷ ইয়াক আৰু ধৰ্ষণ হিচাপে চোৱা নহয়৷ এই ধাৰাটোৰ প্ৰস্তাবিত নাম ৰোমিঅ’-জুলিয়েট৷

প্ৰস্তাৱিত এই আইনী ৰেহাইত অৱশ্যে কিছু চৰ্তও ৰখা হৈছে৷ সম্পৰ্কত যিকোনো জোৰোজোলোম, ব্লেকমেইল, ক্ষমতাৰ অপব্যৱহাৰ, আৰ্থিক লেনদেন বা শোষণ থাকিলে ইয়াক অপৰাধ বুলি গণ্য কৰা হ’ব৷ সম্পূৰ্ণ স্বেচ্ছাই গঢ়ি ওঠা সম্পৰ্কৰ ক্ষেত্ৰত এই লঘু শাস্তি বা গোচৰৰ পৰা মুক্ত থকাৰ সুযোগ পাব৷

বহু সময়ত এনেকুৱা ঘটনাও ঘটে যে পৰিয়ালে যেতিয়া জানিব পাৰে যে তেওঁলোকৰ ১৮ বছৰতকৈ কম বয়সীয়া কন্যাই নিজৰ ইচ্ছাৰে কাৰোবাৰ সৈতে সম্পৰ্ক গঢ়িছে বা ঘৰৰ পৰা পলাই বিবাহত সোমাইছে তেতিয়া তেওঁলোকে বিষয়টো মানি ল’ব নোৱাৰে৷ সামাজিক মৰ্যদা ৰক্ষা বা প্ৰতিশোধ লোৱাৰ বাবে কন্যাৰ পৰিয়ালে মিছাকৈয়ে লৰাজনৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰি দিয়ে৷ যিহেতু বৰ্তমানৰ আইন অনুসৰি ১৮ বছৰৰ কম বয়সীয়াসকলৰ সন্মতি আইনৰ চকুত বৈধ নহয় সেয়ে সম্পৰ্কটো পাৰস্পৰিক ইচ্ছাৰ হ’লেও ল’ৰাজনক অপৰাধী হিচাপেই গণ্য কৰা হয়৷

বিশেষকৈ অন্তঃবৰ্ণ সম্পৰ্কৰ ক্ষেত্ৰত এইধৰণৰ গোচৰ বেছিকৈ আহে বুলিও জনাইছে৷ বিষয়টো নিৰীক্ষণ কৰি চৰকাৰী টাস্ক ফৰ্চে দিয়া ৰিপৰ্ট অনুসৰি পৰিয়ালসমূহত প্ৰায়েই সন্মতিসূচক সম্পৰ্কৰ কথা জানিব পাৰিলে কিশোৰৰ বিৰুদ্ধে ফৌজদাৰী অভিযোগ দাখিলৰ বাবে বিধিবদ্ধ ধৰ্ষণ আইনৰ অপব্যৱহাৰ হৈ আহিছে৷ কাৰণ নেপালত এতিয়াও আন্তঃবৰ্ণৰ বা ভিন্ন জাতিৰ মাজত প্ৰেম বা বিবাহক সহজভাৱে লোৱা নহয়৷

ৰাষ্ট্ৰপুঞ্জৰ শিশু অধিকাৰ কমিটিৰ আন্তৰ্জাতিক নিৰ্দেশিকা অনুসৰি এই সুৰক্ষা কেৱল তেতিয়াই প্ৰযোজ্য হ’ব যেতিয়া উভয় ব্যক্তিয়েই কিশোৰ-কিশোৰী হ’ব৷ এই আন্তৰ্জাতিক নিয়মৰ মূল উদ্দেশ্য হৈছে সুৰক্ষা যেন কোনোধৰণেই শোষণৰ হাঁথিয়াৰ হৈ নুঠে৷ প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত ইয়াক বিধিবদ্ধ ধৰ্ষণ বা নাবালক নিপীড়ন হিচাপেই গণ্য কৰা হ’ব৷ কাৰণ এজন প্ৰাপ্তবয়স্ক মানুহৰ মানসিক স্থিতি আৰু সামাজিক অৱস্থান এজন নাবালক বা নাবালিকাতকৈ অনেকগুণ শক্তিশালী৷ যিয়ে ক্ষমতাৰ ভাৰসাম্য নষ্ট কৰে৷

সহজ কথাত ক’বলৈ হ’লে ৰাষ্ট্ৰপুঞ্জৰ এই নিৰ্দেশিকাৰ মূল বক্তব্যটো হৈছে কিশোৰ কিশোৰীৰ পাৰস্পৰিক সন্মতিক জামিনদাৰ কৰিব পাৰে৷ কিন্তু প্ৰাপ্তবয়স্ক আৰু কিশোৰ বা কিশোৰীৰ ক্ষেত্ৰত সন্মতিৰ কোনো আইনী বৈধতা নাথাকে৷ নেপাল চৰকাৰে আন্তৰ্জাতিক এই মানদণ্ড বজায় ৰাখি তেওঁলোকৰ নতুন আইনৰ খচৰা তৈয়াৰ কৰিছে বুলি জানিব পৰা গৈছে৷ কোনো প্ৰাপ্তবয়স্ক ব্যক্তিয়ে যদি কোনো নাবালক বা নাবালিকাৰ সৈতে সম্পৰ্কত সোমাই পৰে তেতিয়া পূৰ্বৰ দৰেই কঠোৰ শাস্তিমূলক অপৰাধ হিচাপে ইয়াক গণ্য কৰা হ’ব৷ তাত সন্মতিৰ অজুহাত কামত নিদিব৷ সমবয়সীয়া কিশোৰ-কিশোৰীৰ মাজত যদি সন্মতি নাথাকে আৰু শাৰীৰিক সম্পৰ্ক জোৰকৈ কৰা হয় তেতিয়াও পূৰ্বৰ দৰেই শাস্তিৰ সন্মুখীন হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’
অসম

‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

July 30, 2026
‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?
বিনোদন

‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

July 30, 2026
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?
জীৱনশৈলী

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

July 30, 2026
কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান
অপৰাধ

কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

July 29, 2026
Next Post
বহু যুৱকৰ হৃদয় ভাঙি ঠানবান, IPLৰ মাজতেই বিবাহৰ দিন ঠিক হ’ল কাব্যা মাৰানৰ! হ’বলগীয়া স্বামীও চৰ্চিতই, কোন হ’ব কাব্যাৰ দৰা?

বহু যুৱকৰ হৃদয় ভাঙি ঠানবান, IPLৰ মাজতেই বিবাহৰ দিন ঠিক হ’ল কাব্যা মাৰানৰ! হ’বলগীয়া স্বামীও চৰ্চিতই, কোন হ’ব কাব্যাৰ দৰা?

২৫মেৰ পৰা ৮জুনলৈকে শুভ সময় এই ৩ৰাশিৰ, অৰ্থ আহিব কাৰ কাৰ হাতলৈ?

২৫মেৰ পৰা ৮জুনলৈকে শুভ সময় এই ৩ৰাশিৰ, অৰ্থ আহিব কাৰ কাৰ হাতলৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.