অত্যাধিক গৰমত সাধাৰণ ৰাইজৰ চলাটো কঠিন হৈ পৰে। এই সময়ত ঘামৰ লগতে আন এটা সমস্যাই মানুহক প্ৰায়ে অশান্তি কৰিবলৈ আৰম্ভ কৰে, সেয়া হাত-ভৰি ফুলি যোৱা। গৰমৰ দিনত আপুনি কেতিয়াবা আঙুলি, গোৰোহা বা ভৰিৰ এই গধুৰতা আৰু ফুলা অনুভৱ কৰিছে নেকি? যদি হৈছে, তেন্তে জানক এই কাৰণ…
নতুন দিল্লীৰ শলিমাৰ বাগস্থিত ফৰ্টিছ হাস্পতালৰ কনচালটেণ্ট নেফ্ৰ’লজী ডাঃ ভানু মিশ্ৰই এই বিষয়ত বিতং তথ্য আগবঢ়াইছে। এই লেখাটোত আমি বুজি পাওঁ কিয় এনেকুৱা হয় আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি।
এই ফুলা কিয় হয়?
ডাঃ মিশ্ৰই বুজাইছে যে গৰমৰ দিনত হাত-ভৰি ফুলাটো অতি সাধাৰণ সমস্যা। ইয়াৰ আঁৰৰ মূল কাৰণ হ’ল উষ্ণতা বৃদ্ধি।
ৰক্তবাহী নলী প্ৰসাৰিত হোৱা: প্ৰচণ্ড তাপৰ বাবে আমাৰ শৰীৰৰ সিৰা বা ৰক্তবাহী নলী প্ৰসাৰিত হ’বলৈ ধৰে। ইয়াৰ ফলত শৰীৰৰ কিছুমান অংশত তৰল পদাৰ্থ জমা হয়, যাৰ ফলত হাত, ভৰি, আঙুলি, ভৰিৰ গোৰোহা ফুলি উঠে।
সমস্যাটো আৰু বেছি বেয়া হ’ব পৰা আন কাৰকসমূহ: যদি আপুনি এটা ঠাইত বেছি সময় থিয় হৈ থাকে, পানী কমকৈ খায়, খাদ্যত অধিক নিমখ ব্যৱহাৰ কৰে , বা শাৰীৰিকভাৱে সক্ৰিয় নহয়, তেন্তে এই সমস্যা আৰু বেছি বেয়া হ’ব পাৰে।
কেতিয়া সাৱধান হ’ব লাগে?
গৰমৰ ফলত হোৱা এই সাধাৰণ ফুলা সাধাৰণতে কিছু জিৰণি লোৱাৰ পিছত নিজে নিজে ভাল হয় যদিও ডাঃ মিশ্ৰই সকীয়াই দিয়ে যে ই কেতিয়াবা কোনো গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে। যদি আপুনি ফুলাৰ লগতে তলত দিয়া কোনো লক্ষণ দেখা দিয়ে, তেন্তে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক:
- প্ৰদাহ হোৱা ঠাইত বিষ
- উশাহ-নিশাহ লোৱাত যিকোনো ধৰণৰ অসুবিধা হোৱা
- ছালখন ৰঙা হৈ পৰে বা স্পৰ্শ কৰিলে গৰম অনুভৱ হয়
- হঠাৎ ওজন বৃদ্ধি
- দুয়োখন ভৰিৰ সলনি মাত্ৰ এখন ভৰিতে অত্যধিক ফুলা
চিকিৎসকৰ মতে এই লক্ষণসমূহ আপোনাৰ হৃদযন্ত্ৰ, বৃক্ক, যকৃত বা শৰীৰৰ ৰক্ত সঞ্চালনৰ সৈতে জড়িত কোনো গুৰুতৰ সমস্যাৰ বাবে হ’ব পাৰে।
পেট ফুলা প্ৰতিৰোধৰ সহজ আৰু ফলপ্ৰসূ উপায়
এই সমস্যাৰ পৰা হাত সাৰিবলৈ আপোনাৰ দৈনন্দিন জীৱনত কিছুমান সৰু কিন্তু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰক:
প্ৰচুৰ পৰিমাণে পানী খাব, শৰীৰত পানীৰ অভাৱ হ’বলৈ নিদিব ৷
এই সমস্যাৰ পৰা হাত সাৰিবলৈ আপোনাৰ দৈনন্দিন জীৱনত কিছুমান সৰু কিন্তু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰক:
- প্ৰচুৰ পৰিমাণে পানী খাব: শৰীৰত পানীৰ অভাৱ হ’বলৈ নিদিব
- নিমখৰ পৰিমাণ নিয়ন্ত্ৰণ কৰক: খাদ্য লঘু আৰু সুষম কৰি ৰাখক। খাদ্যত অধিক নিমখ ব্যৱহাৰ নকৰিব
- অৱস্থান সলনি কৰি থাকিব: এটা অৱস্থাত বেছি সময় থিয় বা বহি নাথাকিব, মাজতে অলপ খোজ কাঢ়িব
- নিয়মিতভাৱে ব্যায়াম কৰক: শৰীৰ সক্ৰিয় কৰি ৰাখক আৰু লঘু ব্যায়াম কৰক
- ভৰি দুখন ওপৰলৈ তুলি ৰাখক: যেতিয়াই আপুনি জিৰণি লয় তেতিয়াই ভৰি দুখন তলত আঠুৱা এখন ৰাখি অলপ
- ওপৰলৈ তুলি ৰাখক, ইয়াৰ ফলত ফুলাৰ পৰা বহুখিনি সকাহ পোৱা যায়
- স্বাস্থ্যৰ যত্ন লওক আৰু কোনো অস্বাভাৱিক লক্ষণক আওকাণ নকৰিব
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















