জ্যোতিষশাস্ত্ৰত অন্যতম শক্তিশালী হৈছে দেৱগুৰু বৃহস্পতি৷ এই গ্ৰহ গোচৰত ভাগ্য খুলিব একাধিক ৰাশিৰ৷ জুন মাহত কৰ্কট ৰাশিত প্ৰৱেশ কৰিব বৃহস্পতিয়ে৷ কোন কোন ৰাশিৰ কপালত আছে ৰাজসুখ? ২ জুনত মহাগোচৰ কৰিব দেৱগুৰু বৃহস্পতিয়ে৷ জ্যোতিষশাস্ত্ৰত দেৱগুৰু বৃহস্পতিক সকলোতকৈ শুভ আৰু প্ৰভাৱশালী গ্ৰহসমূহৰ মাজত এটা বুলি ধৰা হয়৷ এইদিনটোত বৃহস্পতিয়ে মিথুন ৰাশি এৰি উচ্চ ৰাশি কৰ্কটত প্ৰৱেশ কৰিব৷ ইয়াৰ সৈতে বৃহস্পতিয়েও পুষ্য নক্ষত্ৰত প্ৰৱেশ কৰিব৷ এই যোগ অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ এই গোচৰ হ’ব বছৰৰ অন্যতম ডাঙৰ গ্ৰহ গোচৰ৷ যিয়ে মানুহৰ জীৱনলৈ ডাঙৰ পৰিবৰ্তন আনিব৷ বৃহস্পতিয়ে ৩১ অক্টোবৰ ২০২৬ পৰ্যন্ত কৰ্কট ৰাশিত অৱস্থান কৰিব৷ এই ৫মাহ ৫ ৰাশিয়ে জাতকৰ বাবে কেৰিয়াৰ, অৰ্থ, সম্পৰ্ক আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত অত্যন্ত শুভ হ’ব পাৰে৷
কোন কোন ৰাশি লাকী?
কৰ্কট ৰাশি
বৃহস্পতিয়ে কৰ্কট ৰাশিত প্ৰৱেশ কৰিব৷ ফলত কপাল খুলিব কৰ্কট ৰাশিৰ জাতকৰ৷ এওঁলোকৰ আয় বৃদ্ধি পাব৷ একাধিক উৎসৰ পৰা অৰ্থ লাভৰ সম্ভাৱনা আছে৷ বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণো পাব পাৰে৷ কেৰিয়াৰত উন্নতি আৰু ব্যৱসায়ীসকলৰ বাবে এই সময় লাভজনক হ’ব৷ ব্যক্তিগত জীৱনো সুখৰ হ’ব৷
ধনু ৰাশি
বৃহস্পতি ধনু ৰাশিৰ অধিপতি আৰু ২জুনৰ পৰা ৩১ অক্টোবৰৰ ভিতৰত এই ৰাশিৰ জাতকে কেৰিয়াৰত উন্নতি কৰিব৷ প্ৰমোছন আৰু দৰমহা বৃদ্ধিৰো সম্ভাৱনা আছে৷ দীৰ্ঘদিন ধৰি চাকৰি বা কৰ্মসংস্থাপন সংক্ৰান্তিয় সমস্যাত ভূগি থাকিলে নিশাৰ ভিতৰতে স্বস্তি পাব৷
মীন ৰাশি
বৃহস্পতি মীন ৰাশিৰো অধিপতি৷ বৃহস্পতিৰ ৰাশি পৰিবৰ্তনৰ ফলত এই ৰাশিৰ জাতকৰ জীৱনত ইতিবাচক প্ৰভাৱ পৰিব৷ বৰ্তমান মীন ৰাশিৰ ওপৰিও শনিৰ চাৰেসাতিৰ দ্বিতীয় পৰ্যায় চলিছে৷ তেওঁলোকৰ কষ্টও কিছু লাঘৱ হ’ব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সফল হ’ব৷ অবিবাহিসকলৰ বাবে বিবাহৰ ভাল প্ৰস্তাব আহিব পাৰে৷ ধৰ্মীয় আৰু আধ্যাত্মিত কামত আগ্ৰহ বাঢ়িব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















