ৰাজ্যত ইটোৰ পিছত সিটো সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এইবাৰ এক লোমহৰ্ষক কাণ্ডই কঁপাইছে নলবাৰী। দুই মিঞাই প্ৰাণ কাঢ়িলে আছু কৰ্মী মাধুৰ্য বৰ্মনৰ। এতিয়া ৰাজ্য কঁপোৱা এই নৃশংস কাণ্ডৰ আহিছে ডাঙৰ আপডেট।
প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবেই ৰোজ আলী,হিতেশ আলীয়ে সংঘটিত কৰে এই ভয়ংকৰ কাণ্ড। নলবাৰীৰ পূৱ কালাকুছি গাঁৱত ঘৰ ৰ’জ আলী আৰু হিতেশ আলীৰ। পলাতক ৰোজ আলী আৰু হিতেশ আলীৰ সন্ধান লাভ কৰিছে আৰক্ষীয়ে। ৰাজপথত হিন্দু যুৱতীৰ ককায়েকক হানি-খুচি হত্যা কৰে ৰোজ আলীয়ে। তেজেৰে লুতুৰি পুতুৰি অৱস্থাত উদ্ধাৰ কৰা হয় মাধুৰ্য বৰ্মনৰ মৃতদেহ।
প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবেই হিন্দু কিশোৰীগৰাকীক হত্যা কৰাৰ খবৰ পোহৰলৈ আহিছে। নলবাৰীৰ গংগাপুৰত সংঘটিত এই ভয়ংক কাণ্ডৰ ইটোৰ পিছত সিটো তথ্য পোহৰলৈ আহি আছে। ইয়াৰ মাজতে কিশোৰীগৰাকীৰ মাতৃয়ে আক্ৰমণকাৰী ২ মিঞাক লৈ দিয়ে বিস্ফোৰক মন্তব্য।
তেওঁ কয়, “নৱম শ্ৰেণীৰ পৰাই তাইৰ ওপৰত বেয়া চকু আছিল ৰ’জ আলীৰ। বিহুৰ আগৰে পৰা আমাক ভাবুকি দি আহিছিল আৰু মাক-দেউতাকে কেচ দিবলৈ বাধা দিছিল আমাক। কিন্তু ৰ’জ আলীৰ কাণ্ডত SLEEPING PARALYSIS হৈ গৈছিল তাইৰ।
জানুৱাৰী মাহত ঘৰলৈ আহি চুৰি দেখুৱাই ভাবুকি দিছিল ৰোজ আলীয়ে, যাৰ বাবেই স্কুলো সলনি কৰিবলগীয়া হৈছিল। পিতৃ-মাতৃকো অভিযোগ দিছিলো যদিও পিতৃ-মাতৃয়ে ক্ষমা বিচৰাৰ বাবেই থানালৈ যোৱা নাছিলোঁ। কোৰাণৰ শপত খাই কিশোৰীগৰাকীৰ ক্ষতি নকৰে বুলি কৈছিল ৰোজ আলীয়ে।” কান্দি কান্দি নলবাৰীৰ যুৱতীগৰাকীৰ মাতৃয়ে এই শিহৰণকাৰী বৰ্ণনা দিয়ে।
উল্লেখ্য যে, ২মিঞাৰ হাতত ৰাজপথতে প্ৰাণ গ’ল আছুৰ নেতা মাধুৰ্য বৰ্মনৰ। সেইদিনা নলবাৰীলৈ সম্বন্ধীয় ভগ্নীৰ বাবে কিতাপ ক্ৰয় কৰিবলৈ গৈছিল মাধুৰ্য। সেই সময়তে ৰোজ আৰু হিতেশ আলীয়ে আক্ৰমণ কৰিছিল দুয়োকে আৰু
হানি-খুঁচি হত্যা কৰিছিল আছু নেতা মাধুৰ্য বৰ্মনক। অৱশেষত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ কৰা হৈছিল মেধাৱী মাধুৰ্যৰ ভগ্নীক। বৰ্তমান আঘাতপ্ৰাপ্ত কিশোৰীগৰাকী জীৱন-মৃত্যুৰ সৈতে GMCHত যুঁজি আছে।
ইফালে এই ঘটনাৰ পিছতে জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা। নলবাৰীত লাভ জেহাদৰ চাঞ্চল্যকৰ কাণ্ডৰ পিছতে দুই মিঞা অভিযুক্তক শাস্তিৰ দাবীত নলবাৰীৰ ৰাজপথত আছুৰ বৃহৎ প্ৰতিবাদ। এই প্ৰতিবাদত আছুৰ নেতৃত্বৰ লগতে শ শ লোকে অংশগ্ৰহণ কৰিছে। এই কাণ্ডকলৈ আছুৰ নেতৃত্বই সকিয়াই দিছে যে, সহজভাৱে নলওঁ, উচিত ব্যৱস্থা হ’বই লাগিব, দোষীৰ কঠোৰতম শাস্তি হ’বই লাগিব।
এই ঘটনাকলৈ আছুৰ সভাপতিয়ে কয় যে, “ৰ’জ আলীয়ে ইমান সাহস ক’ৰ পৰা পালে। আমাৰ আছুৰ ল’ৰাটো ঢুকাইছে, আমাৰ সতীৰ্থ মাধুৰ্যক সংগ্ৰামী অভিবাদন জনাইছো। নিজৰ ভনীয়েকৰ সন্মান বচাবলৈ গৈ মাধুৰ্য হেৰাই গ’ল।
ৰ’জ আলী, হিতেশ আলীৰ শাস্তি নহ’লে প্ৰতিবাদ হ’ব, আজি নলবাৰীত হৈছে ন্যায় নাপালে অসমত প্ৰতিবাদ হ’ব।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















