মাহেকীয়াৰ সময়খিনি মহিলাসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। এই সময়ছোৱাত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লগতে খোৱা-বোৱাত মহিলাসকলে যথেষ্ঠ গুৰুত্ব দিব লাগে। যদি ঋতুস্ৰাৱৰ সময়ত মহিলাসকলে নিজৰ যতন নলয়, তেন্তে বিভিন্ন সংক্ৰমণত ভুগিব পাৰে। সেয়ে এই সময়চোৱাৰ নিজৰ ধ্যান ৰাখিবলা নাপাহৰিব।
ঋতুস্ৰাৱৰ বিষয়ে আজিও একাংশলোকে মুকলিকৈ কথা পাতিবলৈ টান পায় বা লাজ কৰে। যাৰ ফলত তেওঁলোকে নিজৰ বহুতো সমস্যা লুকাই ৰাখে। গতিকে সমাজৰ ভিতৰত সজাগতা আৰু সংবেদনশীলতা বৃদ্ধি কৰাটো অতি গুৰুত্বপূৰ্ণ।
মাহেকীয়াৰ সময়ত ব্যক্তিগত অংগসমূহৰ সঠিক যত্ন লৈ সংক্ৰমণ, ফোহা আৰু দুৰ্গন্ধৰ পৰা হাত সাৰিব পাৰে। টিপছবোৰ জানক,
সঘনাই পেড সলনি কৰক: আপোনাৰ স্ৰাৱ কম বা বেছি হ’লেও, প্ৰতি ৪ৰ পৰা ৬ ঘণ্টাৰ মূৰে মূৰে আপোনাৰ পেড বা টেম্পন সলনি কৰক।
সঠিকভাৱে ধুব: দিনটোত কমেও ৩-৪ বাৰকৈ ব্যক্তিগত অংশ সাধাৰণ, কুহুমীয়া পানীৰে ধুব লাগে। সন্মুখৰ পৰা পিছলৈ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে।
চাবোন পৰিহাৰ কৰক: গুপ্তাংগ নিজে নিজে পৰিষ্কাৰ হয়, গতিকে ভিতৰত কেতিয়াও চাবোন, সুগন্ধিযুক্ত ধোৱা বা ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ নকৰিব।
শুকানকৈ ৰাখক: ধোৱাৰ পিছত পৰিষ্কাৰ কপাহী টাৱেল বা টিছু পেপাৰেৰে সেই ঠাইখিনি শুকুৱাই থ’ব লাগে, কিয়নো আৰ্দ্ৰতাই বেক্টেৰিয়াৰ জন্ম দিয়ে। ফলত খজুৱতি ৰঙা পৰা আদি হ’ব পাৰে।
কপাহী আণ্ডাৰৱেৰ পিন্ধক: এই সময়ত টাইট চিন্থেটিক কাপোৰ পিন্ধিব নালাগে। বায়ু চলাচল কৰিব পৰাকৈ সদায় ঢিলা, কপাহী আণ্ডাৰৱেৰ পিন্ধিব লাগে।
(অস্বীকাৰ- এই তথ্য সামাজিক মাধ্যমৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। অধিক তথ্যৰ বাবে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব।)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















