দুবাৰকৈ IPL ৰ ট্ৰফী জয় কৰি ৰেকৰ্ড গঢ়িছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে৷ ৰোহিত শৰ্মা, মহেন্দ্ৰ সিং ধোনীৰ সৈতে একেই তালিকাত স্থান লৈছে ৰজত পাতিদাৰেও৷ অৱশ্যে RCBতকৈয়ো বেছি চৰ্চাত আছে তৰুণ ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশী৷ মাত্ৰ ১৫ বছৰ বয়সতেই অৰেঞ্জ কেপ জয় কৰিও বিশেষ ৰেকৰ্ড গঢ়িছে বৈভৱে৷ এটা দুটা নহয় মুঠ চাৰিটা পুৰস্কাৰ জয় কৰিছে বৈভৱে৷ কেৱল পুৰস্কাৰেই নহয়, ১৬খন মেচ খেলিয়েই কোটিপতি হৈ উঠিছে ১৫বছৰীয়া এই কিশোৰ৷ এইবাৰৰ IPLৰ পৰা মুঠ কিমান টকা আয় কৰিছে বৈভৱে?
২৬ ৰ আই পিএলত ১৬খন মেচত ৭৭৬ৰান গঢ়িছে বৈভৱে৷ গড় আছিল ৪৮.৫০ আৰু ষ্ট্ৰাইক ৰেট ২৩৭.৩০৷ আছে এটা চেঞ্চুৰি আৰু পাঁচটা হাফ চেঞ্চুৰি৷ সমগ্ৰ আইপিএলত মুঠ ৬৩টা বাউণ্ডেৰি আৰু ৭২টা ছিক্স মাৰিছে ১৫ বছৰীয়া বৈভৱে৷ এই দুৰন্ত পাৰ্ফমেন্সৰ পাছত পাঁচটা পুৰস্কাৰ আৰু প্ৰচুৰ প্ৰাইজমানিও লাভ কৰিছে বৈভৱে৷ ইয়াৰ সৈতে আছে নিলামৰ মূল্যও৷ মেচ-ফি আৰু একাধিক বোনাছো বৈভৱে লাভ কৰিছে৷
IPLৰ পৰা মুঠ কিমান আয় হ’ল বৈভৱৰ?
২০২৫ চনৰ আইপিএলৰ মেগা নিলামত এক কোটি ১০লাখ টকাত বৈভৱক স্থান দিছিল ৰাজস্থান ৰয়েলছে৷ এইবাৰো একেই অংকতেই বৈভৱক ক্ৰয় কৰিছিল ৰাজস্থান ৰয়েলছে৷
বৈভৱে জয় কৰা পুৰস্কাৰ আৰু প্ৰাইজমানি
মুঠ ভেলুয়েবল প্লেয়াৰ বাবদ বৈভৱে পাইছে ১৫লাখ টকা৷
সৰ্বোচ্চ ৰানস্কোৰাৰ হোৱাৰ বাবে অৰেঞ্জ কেপ জিকি পাইছে ১০ লাখ টকা৷
ছুপাৰ ষ্ট্ৰাইকাৰ অফ দ্যা ছিজন পুৰস্কাৰৰ বাবদ পাইছে ১০লাখ টকা আৰু এখন বাহন৷
ছুপাৰ ছিক্সেছ অফ দ্যা ছিজন পুৰস্কাৰ জিকি পাইছে ১০ লাখ টকা৷
ইয়াৰোপৰি এমাৰ্জিং প্লেয়াৰ অফ দ্যা ছিজন পুৰস্কাৰ জিকি পাইছে আৰু ১০ লাখ টকা৷
অৰ্থাৎ কেৱল পুৰস্কাৰসমূহৰ পৰাই বৈভৱে আয় কৰিছে ৫৫লাখ টকা৷
ইয়াৰোপৰি আই পি এলৰ প্ৰতিখন মেচ খেলি ৭.৫লাখ টকাকৈ মেচ ফিও পাইছে বৈভৱে৷ অৰ্থাৎ ১৬খন মেচ খেলাৰ বাবদ মেচ ফি হিচাপে তেওঁ আয় কৰিছে মুঠ ১ কোটি ২০লাখ টকা৷
এই ছিজনত একাধিকবাৰ ইলেকট্ৰিক ষ্ট্ৰাইকাৰ অফ দ্যা মেচ, মষ্ট চিক্সেছ অফ দ্যা মেচ আৰু অন্যান্য পুৰস্কাৰো জয় কৰিছে বৈভৱে৷ প্ৰতিটোতে ১ লাখকৈ নগদ অৰ্থ তেওঁ পাইছে৷ ইয়াৰ পৰাই তেওঁৰ আয় আৰু কেইবালাখ আহিছে৷ সকলো মিলি আই পি এল ২০২৬ত বৈভৱ সূৰ্যবংশীৰ মুঠ আয় হৈছে আঢ়ৈ কোটিতকৈয়ো অধিক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















