• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

2 months ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

37 minutes ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

1 hour ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

2 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

2 hours ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

19 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

19 hours ago
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

20 hours ago
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

21 hours ago
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

21 hours ago
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

22 hours ago
ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

23 hours ago
ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

৩৪৫% পৰ্যন্ত দামবৃদ্ধিত জুৰুলা জনসাধাৰণ

editor by editor
June 10, 2026
in খাদ্য, জীৱনশৈলী, প্ৰযুক্তি, বাণিজ্য, বিবিধ, বিশ্ব, লেখা
0
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ
0
SHARES
256
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিজ্ঞান আৰু প্ৰযুক্তিয়ে মানৱ সভ্যতাক এখন অন্য পৃথিৱীলৈ লৈ গৈছে। প্ৰযুক্তিৰ ফলত মানুহে চন্দ্ৰত ভৰি থ’লেও যেন জীয়াই থাকিবলৈ এতিয়াও সেই প্ৰকৃতিৰ ওপৰতেই নিৰ্ভৰশীল হৈ আছোঁ আজিও। প্ৰযুক্তিৰ ফলত অত্যাধুনিক ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিছোঁ, বিশ্বৰ যিকোনো চুকত থকা ব‌্যক্তিজনৰ লগতো সন্মুখত বহিয়েই কথা ক’ব পাৰিছোঁ ঠিকেই কিন্তু ভোক নিবাৰণৰ বাবে এতিয়াও আমি প্ৰকৃতিৰ ওপৰতেই নিৰ্ভৰশীল হৈ আছোঁ। প্ৰযুক্তিৰ অন্যতম আৱিষ্কাৰ বিভিন্ন ক্ষেপণাস্ত্ৰ, য’ত আঙুলিৰ এটা হেঁচা দিলেই নিমিষতে ধ্বংসস্তুপলৈ পৰিণত হৈ পৰিব পাৰে একো একোটা জাতি। প্ৰযুক্তিৰ সুবিধা, সুযোগ আৰু সাহসৰ বাবেই বৃদ্ধি পাইছে ইটো জাতিৰ সৈতে সিটো জাতিৰ মতভেদ-মতানৈক্য, ইখন দেশৰ সৈতে সিখন দেশৰ যুদ্ধ। যুদ্ধৰ ফলত প্ৰতিৰোধকাৰী দেশৰতো লাভ নহয়েই, নহয় আক্ৰমণকৰী দেশৰো লাভ। ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ অন্ত নপৰোতেই আৰম্ভ হোৱা মধ্য প্ৰাচ্যৰ দাৱানলে সম্পূৰ্ণ ৩ মাহ অতিক্ৰম কৰিলে। এতিয়াও এই যুদ্ধৰ শাম কটাৰ কোনো লক্ষণ দেখা দিয়া নাই। ইজৰাইল-আমেৰিকাৰ যুটীয়া আক্ৰমণতো হাৰ মনা নাই ইৰান। এই পৰ্যন্ত যুদ্ধত কিমান নীৰিহে প্ৰাণ হেৰুৱাইছে তাৰ কোনো সীমা সংখ্যা নাই, নাই কোনো এখন দেশৰে পৰা অহা সঠিক আৰু আনুষ্ঠানিক তথ্য। বিশ্বৰ অন্যতম বৃহৎ তৈল ভাণ্ডাৰ হিচাপে খ্যাত ইৰানক কৰা আক্ৰমণৰ ফলশ্ৰুতিত আকাশলংঘী হৈছে সকলো সামগ্ৰীৰ দাম। বিশ্বৰ ইখন দেশৰ পৰা সিখন দেশলৈ সামগ্ৰী কাঢ়িবলৈ প্ৰয়োজন ইন্ধন। ইন্ধনৰ দাম বৃদ্ধিৰ লগে লগে স্বয়ংক্ৰিয়ভাৱে বাঢ়িব সামগ্ৰীৰ দাম। এয়া অতি স্বাভাৱিক। সম্প্ৰতি বিশ্বৰ এনে এখন দেশ নাই যিয়ে দাম বৃদ্ধিৰে যুঁজা নাই। মধ্য প্ৰাচ্যৰ যুদ্ধত সবাটোকৈ ক্ষতিগ্ৰস্ত হোৱা ইৰানত অত্যাৱশ্যকীয় মূল্য দাম বৃদ্ধিৰ খবৰ শুনিলে আপোনাৰ চকু কপালত উঠিব।

বো*মা-বাৰু*দৰ শব্দতকৈও ভয়ংকৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম

তেহৰাণ, ইছফান, অহৱাজ, মছহদৰ দৰে ইৰানৰ মুখ্য চহৰসমূহৰ নাগৰিকসকলৰ বাবে কাৰ্যত সেয়াই হৈছে। যুদ্ধৰ পূৰ্বৰ তুলনাত সামগ্ৰীৰ দাম অবিশ্বাস্যভাৱে বৃদ্ধি পাইছে। মিঠাতেল, ৰিফাইন তেলকে ধৰি অন্যান্য খাদ্যজাত তেলৰ দাম ৪৩০% পৰ্যন্ত বৃদ্ধি পাইছে। কণীত ৩৪৫%, চাউলত ২৮৭%, গাখীৰত ১৩৯% পৰ্যন্ত দাম বাঢ়িছে। ইৰানত যুদ্ধৰ আগত প্ৰতি কিলো চাউলত ভাৰতীয় মূল্যত গড় দাম আছিল ২৪০টকা, যি এতিয়া হৈছেগৈ ৯২৮ টকা পৰ্যন্ত। একেদৰে খাদ্যজাত তেলৰ মূল্য প্ৰতি লিটাৰত ৮৪টকাৰ পৰা ৪৪৫ টকা পৰ্যন্ত হৈছেগৈ। প্ৰতিটো কণীৰ দাম ৬ টকাৰ পৰা বৃদ্ধি হৈ ২৭ টকা, প্ৰতি কিলো চিকেনৰ দাম ১৪৪টকাৰ পৰা ৪১৯টকা, প্ৰতি কিলো আলুৰ দাম ২৪টকাৰ পৰা ৯৬ টকা পৰ্যন্ত হৈছেগৈ। তেহৰানৰ মূল্যবৃদ্ধিত জুৰুলা এগৰাকী নাগৰিকে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে- ‘এতিয়া খাদ্য সামগ্ৰী কিনিবলৈও যেন সুদত ধন ল’বলগীয়াৰ দৰে পৰিস্থিতি আহি পৰিছে। এতিয়া বো*মা-বাৰু*দতকৈও সামগ্ৰীৰ দাম শুনিহে অধিক ভয় লগা হৈছে।’ বিভিন্ন ৰোগৰ দৰৱৰো ভীষণ নাটনিৰে যুঁজি আছে দেশখনো। ইজৰাইলৰ আক্ৰমণৰ ফলত দেশৰ অধিকাংশ ফাৰ্মা কোম্পানীৰ উৎপাদন বন্ধ হৈ আছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24price hike
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে
বিনোদন

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

August 13, 2026
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?
জীৱনশৈলী

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

August 13, 2026
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?
নিয়োগ

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

August 13, 2026
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?
জীৱনশৈলী

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

August 13, 2026
Next Post
বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.