বিজ্ঞান আৰু প্ৰযুক্তিয়ে মানৱ সভ্যতাক এখন অন্য পৃথিৱীলৈ লৈ গৈছে। প্ৰযুক্তিৰ ফলত মানুহে চন্দ্ৰত ভৰি থ’লেও যেন জীয়াই থাকিবলৈ এতিয়াও সেই প্ৰকৃতিৰ ওপৰতেই নিৰ্ভৰশীল হৈ আছোঁ আজিও। প্ৰযুক্তিৰ ফলত অত্যাধুনিক ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিছোঁ, বিশ্বৰ যিকোনো চুকত থকা ব্যক্তিজনৰ লগতো সন্মুখত বহিয়েই কথা ক’ব পাৰিছোঁ ঠিকেই কিন্তু ভোক নিবাৰণৰ বাবে এতিয়াও আমি প্ৰকৃতিৰ ওপৰতেই নিৰ্ভৰশীল হৈ আছোঁ। প্ৰযুক্তিৰ অন্যতম আৱিষ্কাৰ বিভিন্ন ক্ষেপণাস্ত্ৰ, য’ত আঙুলিৰ এটা হেঁচা দিলেই নিমিষতে ধ্বংসস্তুপলৈ পৰিণত হৈ পৰিব পাৰে একো একোটা জাতি। প্ৰযুক্তিৰ সুবিধা, সুযোগ আৰু সাহসৰ বাবেই বৃদ্ধি পাইছে ইটো জাতিৰ সৈতে সিটো জাতিৰ মতভেদ-মতানৈক্য, ইখন দেশৰ সৈতে সিখন দেশৰ যুদ্ধ। যুদ্ধৰ ফলত প্ৰতিৰোধকাৰী দেশৰতো লাভ নহয়েই, নহয় আক্ৰমণকৰী দেশৰো লাভ। ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ অন্ত নপৰোতেই আৰম্ভ হোৱা মধ্য প্ৰাচ্যৰ দাৱানলে সম্পূৰ্ণ ৩ মাহ অতিক্ৰম কৰিলে। এতিয়াও এই যুদ্ধৰ শাম কটাৰ কোনো লক্ষণ দেখা দিয়া নাই। ইজৰাইল-আমেৰিকাৰ যুটীয়া আক্ৰমণতো হাৰ মনা নাই ইৰান। এই পৰ্যন্ত যুদ্ধত কিমান নীৰিহে প্ৰাণ হেৰুৱাইছে তাৰ কোনো সীমা সংখ্যা নাই, নাই কোনো এখন দেশৰে পৰা অহা সঠিক আৰু আনুষ্ঠানিক তথ্য। বিশ্বৰ অন্যতম বৃহৎ তৈল ভাণ্ডাৰ হিচাপে খ্যাত ইৰানক কৰা আক্ৰমণৰ ফলশ্ৰুতিত আকাশলংঘী হৈছে সকলো সামগ্ৰীৰ দাম। বিশ্বৰ ইখন দেশৰ পৰা সিখন দেশলৈ সামগ্ৰী কাঢ়িবলৈ প্ৰয়োজন ইন্ধন। ইন্ধনৰ দাম বৃদ্ধিৰ লগে লগে স্বয়ংক্ৰিয়ভাৱে বাঢ়িব সামগ্ৰীৰ দাম। এয়া অতি স্বাভাৱিক। সম্প্ৰতি বিশ্বৰ এনে এখন দেশ নাই যিয়ে দাম বৃদ্ধিৰে যুঁজা নাই। মধ্য প্ৰাচ্যৰ যুদ্ধত সবাটোকৈ ক্ষতিগ্ৰস্ত হোৱা ইৰানত অত্যাৱশ্যকীয় মূল্য দাম বৃদ্ধিৰ খবৰ শুনিলে আপোনাৰ চকু কপালত উঠিব।
বো*মা-বাৰু*দৰ শব্দতকৈও ভয়ংকৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম
তেহৰাণ, ইছফান, অহৱাজ, মছহদৰ দৰে ইৰানৰ মুখ্য চহৰসমূহৰ নাগৰিকসকলৰ বাবে কাৰ্যত সেয়াই হৈছে। যুদ্ধৰ পূৰ্বৰ তুলনাত সামগ্ৰীৰ দাম অবিশ্বাস্যভাৱে বৃদ্ধি পাইছে। মিঠাতেল, ৰিফাইন তেলকে ধৰি অন্যান্য খাদ্যজাত তেলৰ দাম ৪৩০% পৰ্যন্ত বৃদ্ধি পাইছে। কণীত ৩৪৫%, চাউলত ২৮৭%, গাখীৰত ১৩৯% পৰ্যন্ত দাম বাঢ়িছে। ইৰানত যুদ্ধৰ আগত প্ৰতি কিলো চাউলত ভাৰতীয় মূল্যত গড় দাম আছিল ২৪০টকা, যি এতিয়া হৈছেগৈ ৯২৮ টকা পৰ্যন্ত। একেদৰে খাদ্যজাত তেলৰ মূল্য প্ৰতি লিটাৰত ৮৪টকাৰ পৰা ৪৪৫ টকা পৰ্যন্ত হৈছেগৈ। প্ৰতিটো কণীৰ দাম ৬ টকাৰ পৰা বৃদ্ধি হৈ ২৭ টকা, প্ৰতি কিলো চিকেনৰ দাম ১৪৪টকাৰ পৰা ৪১৯টকা, প্ৰতি কিলো আলুৰ দাম ২৪টকাৰ পৰা ৯৬ টকা পৰ্যন্ত হৈছেগৈ। তেহৰানৰ মূল্যবৃদ্ধিত জুৰুলা এগৰাকী নাগৰিকে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে- ‘এতিয়া খাদ্য সামগ্ৰী কিনিবলৈও যেন সুদত ধন ল’বলগীয়াৰ দৰে পৰিস্থিতি আহি পৰিছে। এতিয়া বো*মা-বাৰু*দতকৈও সামগ্ৰীৰ দাম শুনিহে অধিক ভয় লগা হৈছে।’ বিভিন্ন ৰোগৰ দৰৱৰো ভীষণ নাটনিৰে যুঁজি আছে দেশখনো। ইজৰাইলৰ আক্ৰমণৰ ফলত দেশৰ অধিকাংশ ফাৰ্মা কোম্পানীৰ উৎপাদন বন্ধ হৈ আছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















