আজিৰে পৰা আমেৰিকা, মেক্সিকো আৰু কানাডাৰ সেউজ ঘাঁহনিত আৰম্ভ হ’ব ফুটবল বিশ্বকাপ। বিশ্বৰ আগশাৰীৰ ৪৮খনকৈ দেশে শ্ৰেষ্ঠত্বৰ বাবে যুঁজ দিব ১৬খনকৈ ষ্টেডিয়ামত। কিন্তু বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত সোমাই পৰিছে আয়োজক আমেৰিকা। কেইবাখনো দেশেৰ ক্ষেত্ৰত আমেৰিকাই ভেদভাৱৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। বিশেষকৈ ছোমালিয়া, ছেনেগাল আৰু উজবেকিস্তানৰ খেলুৱৈসকলে আমেৰিকাৰ মাটিত ভৰি থোৱাৰ পিছতে তেওঁলোকৰ সৈতে আমেৰিকাৰ বৈদেশিক মন্ত্ৰালয়ৰ বিষয়ববীয়াই দুৰ্ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। বিমান বন্দৰৰ ৰানৱেতেই খেলুৱৈসকল কঠোৰ তালাচীৰ সন্মুখীন হয়। কেৱল এয়াই নহয় এই তিনিওখন দেশৰ খেলুৱৈ তথা চাপৰ্ট ষ্টাফে ড্ৰাগছ সৰবৰাহৰ সন্দেহত এণ্টি ড্ৰাগ স্কোৱাডকো তালাচীৰ বাবে অনা হয়। ইতিমধ্যে এই ঘটনাৰ কেইবাটাও ভিডিঅ’ ছ’চিয়েল মিডিয়াত দ্ৰুত গতিত ভাইৰেল হৈ পৰিছে।
মাৰ্কিন ভিছা থকাৰ পিছতো উভতাই পঠিয়ালে ৰেফাৰিক
কেৱল এয়াই নহয়, ছোমালিয়াৰ ৰেফাৰি ওমৰ আৰ্টনক বৈধ ভিছা থকাৰ পিছতো আমেৰিকাত প্ৰৱেশৰ অনুমতি দিয়া নহ’ল। বৈধ ভিছা থকাৰ পিছতো ওমৰ আৰ্টনক মিয়ামি বিমানবন্দৰৰ পৰাই স্বদেশলৈ উভতাই পঠিওৱা হয়। ওমৰ আৰ্টন ফুটবল বিশ্বকাপত ৰেফাৰি হিচাপে দায়িত্ব পালন কৰা প্ৰথমগৰাকী ছোমালিয়ান ৰেফাৰি আছিল কিন্তু আয়োজক আমেৰিকাৰ এই পদক্ষেপৰ বাবে এই বিৰল কৃতিত্বৰ পৰা বঞ্চিত হ’ল আৰ্টন। এই কাৰ্যৰ পিছতে-এয়া বিশ্বৰ সৰ্ববৃহৎ টুৰ্নামেণ্টখনত এয়া অখেলুৱৈসুলভ ব্যৱহাৰ বুলি আমেৰিকাক সমালোচনা কৰে ছোমালিয়াৰ খেল মন্ত্ৰালয়ে।
এই ঘটনাকেইটা ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে বিশ্বৰ ফুটবল অনুৰাগীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। খেলুৱৈসকলক এনেদৰে অপৰাধীৰ দৰে ব্যৱহাৰ কৰাৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হয় আয়োজক আমেৰিকা। লগতে এই বিষয় সন্দৰ্ভত FIFAই কোনো ধৰণৰ মন্তব্য প্ৰকাশ নকৰাত FIFAৰ বিৰুদ্ধেও ক্ষোভ উজাৰে অনুৰাগীসকলে। ইপিনে ইৰানেও আয়োজক আমেৰিকা আৰু FIFAৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ইৰান ফুটবল মহাসংঘই অভিযোগ উত্থাপন কৰে যে সংৰক্ষিত টিকটৰ পৰাও ইৰানক বঞ্চিত কৰিছে আমেৰিকাই। যাৰ বাবে এতিয়া ইৰানৰ সমৰ্থকে ষ্টেডিয়ামত খেল চোৱাৰ পৰা বঞ্চিত হ’ব। ইৰানৰ প্ৰথমখন খেল নিউজীলেণ্ডৰ বিৰুদ্ধে ১৬ জুনত মেক্সিকোত অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে ক্ৰমে ২২ জুনত বেলজিয়াম আৰু ২৭ জুনত ইজিপ্তৰ বিৰুদ্ধে খেলিব ইৰানে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ