ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি
ইৰান-আমেৰিকাৰ যুদ্ধৰ ফলত পুনৰ অশান্ত হৈ পৰিছে মধ্য-প্ৰাচ্য আৰু আৰৱ সাগৰৰ উপকুলীয় অঞ্চল। যুদ্ধত ৩খনকৈ ভাৰতীয় জাহজত আক্ৰমণ কৰিছে আমেৰিকাই। আজি পুনৰ ওমানৰ উপকুলীয় অঞ্চলত থকা MT জলবীৰ নামৰ এখন জাহাজ আক্ৰমণৰ বলি হয়। ওমানৰ ছ’হাৰ বন্দৰৰ পৰা ২০ নটিকেল মাইল দূৰত্বত অৱস্থান কৰিছিল জাহাজখনে। এই জাহাজখনত ২৮গৰাকীকৈ ভাৰতীয় ক্ৰু মেম্বাৰ আছিল। অৱশ্যে এই পৰ্যন্ত স্পষ্ট হোৱা নাই জাহাজখনত কোনে আক্ৰমণ কৰিছে। এই ঘটনাৰ পিছতে ভাৰতীয় দূতাবাসে স্থানীয় বিষয়ববীয়াক ঘটনাৰ বুজ লোৱাৰ নিৰ্দেশ দিয়ে।
৩খনকৈ জাহাজত আক্ৰমণ আমেৰিকাৰ
ইয়াৰ পূৰ্বে বুধবাৰে হৰ্মুজ ষ্ট্ৰেইটৰ সমীপত MT চত্তেবেল্লো নামৰ এখন টেল তেংকাৰৰ ওপৰতো আক্ৰমণ চলাইছিল আমেৰিকাই। আমেৰিকাৰ এই আক্ৰমণত ৩গৰাকী ভাৰতীয়ই প্ৰাণ হেৰুৱাইছিল। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা সদৰী কৰে। জাহাজখনত আক্ৰমণ কৰাৰ পিছতে আমেৰিকাই এই সন্দৰ্ভত স্পষ্টীকৰণ দি কয় যে – MT চত্তেবেল্লোত ইৰানৰ তেল সৰবৰাহ কৰা হৈছিল। সেই সন্দৰ্ভত সাৱধানবাণীও দিয়া হৈছিল যদিও জাহাজখনৰ ক্ৰু মেম্বাৰে ইয়াক গুৰুত্ব নিদিয়াৰ বাবেই আক্ৰমণ কৰে। বিগত সোমবাৰেও আমেৰিকাই ভাৰতী ক্ৰু মেম্বাৰ থকা তেল কঢ়িওৱা দ্য মেৰিৱেক্স নামৰ জাহজখনতো আক্ৰমণ কৰিছিল। আক্ৰমণ প্ৰাণ হেৰুওৱা নাৱিককেইজন হৈছে আদিত্য শৰ্মা, শিৱানন্দ ছৌৰছিয়া আৰু পাটনালা সুৰেশে প্ৰাণ হেৰুৱায়। প্ৰাণ হেৰুওৱা নাৱিকৰ নশ্বৰ দেহ স্বদেশলৈ অনাৰ বাবে ইতিমধ্যে ব্যৱস্থা কৰা হৈছে লগতে আক্ৰমণ প্ৰাণ বচাবলৈ সক্ষম হোৱা নাৱিকসকলকো ভাৰতলৈ উভতাই অনাৰ ব্যৱস্থা ইতিমধ্যে কৰা হৈছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ