ইৰানৰ প্ৰখ্যাত কণ্ঠশিল্পী পৰস্তু আহমদী আৰু তেওঁৰ ৮ জন সহঃশিল্পীক হিজাব পৰিধান নকৰা আৰু অনলাইন কনচাৰ্ট আয়োজন কৰাৰ অপৰাধত শাস্তি বিহা হৈছে। শাস্তি স্বৰূপে আটাইকেইগৰাকীকে ৭৪ বাৰকৈ বেত্ৰাঘাত কৰাৰ উপৰিও দুবছৰৰ বাবে দেশৰ বাহিৰলৈ যোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰু কোনো ধৰণৰ শিল্পকৰ্মত অংশগ্ৰহণৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ২০২৪ৰ ডিচেম্বৰ পৰিৱেশন কৰা এটা কনচাৰ্টক লৈ কণ্ঠশিল্পীগৰাকীক ইৰানৰ কম প্ৰদেশৰ আদালতে এই শাস্তি বিহিছে। youtubeত কণ্ঠশিল্পীগৰাকীয়ে এটা শ্লীভলেছ পোছাক পৰিধান কৰি কনচাৰ্ট সম্প্ৰচাৰ কৰিছিল। ইৰানৰ কম আদালতে কণ্ঠশিল্পীগৰাকীৰ বিৰুদ্ধে অশ্লীল বিষয়বস্তু সম্প্ৰচাৰ কৰাৰ উপৰিও ৰাজহুৱা শালীনতা উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি এই ৰায় দিয়ে। ২৯ বছৰীয়া পৰস্তু আহমদীয়ে হিজাব পৰিধান নকৰাকৈ youtubeত লাইভ কনচাৰ্ট পৰিৱেশন কৰিছিল। কনচাৰ্টৰ সময়ত তেওঁ ইৰানৰ ‘আজ খুন-ই-জাভান-ই-ভাটান’ শীৰ্ষক দেশপ্ৰেমমূলক গানটো গাইছিল। কনচাৰ্টৰ ভিডিঅ’টো দ্ৰুতগতিত ভাইৰেল হৈ youtubeত লাখ লাখ ভিউ লাভ কৰিছিল। ২০২৪ত ভিডিঅ’টো youtubeত মুক্তি দিয়াৰ পিছত ইৰান কৰ্তৃপক্ষই পৰস্তু আহমদী আৰু তেওঁৰ সহযোগী সংগীত শিল্পীসকলক কিছু সময়ৰ বাবে আটক কৰি পিছত মুকলি কৰি দিয়ে যদিও ভিডিঅ’টো প্ৰকাশ কৰাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে আইনী কাৰ্যকলাপ অব্যাহত আছিল।
৪ জন পুৰুষ শিল্পীৰ সৈতে গান পৰিৱেশন কৰিছিল আহমদীয়ে
পৰস্তু আহমদীয়ে ২৭ মিনিটৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰে য’ত তেওঁ হাতৰ আঁচল নোহোৱা পোছাক পৰিধান কৰি আৰু হিজাব নোহোৱাকৈ চাৰিজন পুৰুষ সংগীতশিল্পীৰ সৈতে গীতটো গাইছিল। কেপচনত কণ্ঠশিল্পীগৰাকীয়ে ইয়াক কাল্পনিক কনচাৰ্ট বুলি অভিহিত কৰিছে। বহুতে ইয়াক মহিলাৰ মত প্ৰকাশৰ স্বাধীনতাৰ প্ৰতীক বুলি প্ৰশংসা কৰাৰ বিপৰীতে ইৰানৰ প্ৰশাসনে ইয়াক অবৈধ বুলি গণ্য কৰে। ইৰানত মহিলাসকলে ৰাজহুৱা স্থানত হিজাব পৰিধান কৰাটো বাধ্যতামূলক। ইৰানী মহিলাসকলে ৰাজহুৱা স্থানত অকলে গান গোৱাতো নিষেধাজ্ঞা আৰোপ কৰা আছে। এই আইন অনুসৰি ৰাজহুৱা স্থানত অকলে গান গোৱা বা হিজাব পৰিধান নকৰাকৈ ৰাজহুৱা স্থানত ওলোৱাতো নিষেধাজ্ঞা আৰোপ কৰা আছে। গায়ক পৰস্তু আহমদীয়ে মুকলিকৈ এই নিষেধাজ্ঞাক অৱমাননা কৰি হিজাব অবিহনে অনুষ্ঠান পৰিৱেশন কৰিছিল। ২০২২ চনত হিজাব বিৰোধী প্ৰতিবাদৰ সময়ত প্ৰথমবাৰৰ বাবে পৰস্তুৱে প্ৰাধান্য লাভ কৰিছিল।
ইৰানৰ বিৰুদ্ধে ক্ষোভ মানৱ অধিকাৰ সংগঠনৰ
ইৰানৰ আমেৰিকাস্থিত চেণ্টাৰ ফৰ হিউমেন ৰাইটছৰ এডভোকেচী ডাইৰেক্টৰ বাহাৰ গান্ধেৰীয়ে এই শাস্তিক তীব্ৰ সমালোচনা কৰে। কেৱল গান গোৱাৰ বাবে আৰু হিজাব নোহোৱাকৈ ৰাজহুৱা স্থানত ওলোৱাৰ বাবে ৭৪বাৰ বেত্ৰাঘাত কৰাটোৱে ইৰানত মানৱ অধিকাৰৰ পৰিস্থিতিৰ কোনো পৰিৱৰ্তন যে হোৱা ইয়াকেই প্ৰমাণ কৰে বুলিও তীব্ৰ সমালোচনা কৰে গান্ধেৰীয়ে। মানৱ অধিকাৰৰ অধিবক্তা মইন খাজায়েলীয়েও এই সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয় যে ইৰানৰ আইনত মহিলাসকলে গান গোৱা, কনচাৰ্টত অনুষ্ঠান পৰিৱেশন কৰা, সংগীত সম্পৰ্কীয় বিষয়বস্তু সৃষ্টি কৰাটো অপৰাধমূলক বুলি গণ্য কৰা হোৱা নাই। গতিকে এই কাৰ্য্যক অশ্লীলতা বিয়পাই শাস্তি দিয়াৰ দৰে অপৰাধ বুলি লেবেল লগোৱাটো আইনগতভাৱে দুৰ্বল যুক্তি।
ইৰানত হিজাবক লৈ দীৰ্ঘদিনীয়া বিতৰ্ক
১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পিছৰে পৰা ইৰানত মহিলাসকলে হিজাব পৰিধান কৰাটো আইনগতভাৱে বাধ্যতামূলক হৈ আহিছে। আইন অনুসৰি পুৰুষৰ সান্নিধ্যত মহিলাসকলে মূৰ ঢাকিব লাগে। অৱশ্যে বহু মহিলাই এই নিয়মৰ প্ৰতিবাদ কৰি আহিছে। ২০২২ চনত ২২ বছৰীয়া মাহছা আমিনীক হিজাব সঠিকভাৱে পৰিধান নকৰাৰ বাবে তেহৰাণত আটক কৰি ৰখাৰ সময়ত এই বিষয়টো বিশ্বব্যাপী চৰ্চাৰ বিষয় হৈ পৰিছিল। গ্ৰেপ্তাৰ হোৱাৰ তিনিদিন পিছতে আমিনীৰ মৃত্যু হৈছিল।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ