আপুনি হয়তো লক্ষ্য কৰিছে যে দীৰ্ঘ সময় পানী চুই থাকিলে হাতৰ তলুৱা আৰু ভৰিৰ তলুৱা অদ্ভুত ধৰণে সংকুচিত হৈ পৰে। ছালৰ এনে হোৱাটো যথেষ্ট আচৰিত যেন লাগে, কিন্তু কিয় জানেনে?
স্নায়ু ইয়াৰ বাবে দায়ী
মানুহে সাধাৰণতে বিশ্বাস কৰে যে দীৰ্ঘদিন পানীৰ সংস্পৰ্শলৈ আহিলে আমাৰ ছালৰ বাহিৰৰ তৰপটোৱে পানী শোষণ কৰে, যাৰ ফলত ছালখন ফুলি উঠে আৰু সংকুচিত হয়। অৱশ্যে বিজ্ঞানৰ মতে এইটো কোনো সহজ প্ৰক্ৰিয়া নহয়। আঙুলিৰ এই সংকোচন আমাৰ সহানুভূতিশীল স্নায়ুতন্ত্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত এক অভিযোজিত প্ৰক্ৰিয়া ।
চিম্পেথেটিক নাৰ্ভ ছালৰ সংকোচনৰ বাবে জগৰীয়া। বিজ্ঞানীসকলৰ মতে আমি পানী চুলে চিম্পেথেটিক নাৰ্ভ সক্ৰিয় হৈ আমাৰ ৰক্তবাহী নলী সংকুচিত হৈ পৰে। ৰক্তবাহী নলীৰ এই সংকোচনৰ ফলত ছালখন শোতোৰা পৰে ৷
ছালৰ সংকোচনে আঙুলি আৰু বস্তুৰ মাজৰ পৰা পানী আঁতৰাই আমাৰ গ্ৰিপ শক্তিশালী কৰে। প্ৰাচীন কালত আমাৰ পূৰ্বপুৰুষসকলৰ বাবে এইটো অতি উপযোগী আছিল, যাৰ ফলত তেওঁলোকে নদীত মাছ ধৰাত সহজ হৈ পৰিছিল।
এইটো স্বাভাৱিক নেকি?
এয়া স্বাভাৱিক প্ৰক্তিয়া। পানী চুলে ছালৰ এই সংকুচিত হোৱাটো সম্পূৰ্ণ স্বাভাৱিক আৰু নিৰাপদ। কিন্তু ই সকলোৰে লগত নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















