ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাকো লুলা দ্য ছিলভাই বিশ্বখ্যাত ফুটবল তাৰকা নেইমাৰ জুনিয়ৰক লৈ কৰা এক ৰসিক মন্তব্যই সম্প্ৰতি সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছে। এক অনুষ্ঠানত স্কুলীয়া ছাত্ৰৰ সৈতে মত-বিনিময় কৰাৰ সময়ত লুলাই নেমাৰৰ বিষয়ে কৰা মন্তব্যৰ ভিডিঅ’ দ্ৰুতগতিত ভাইৰেল হৈ পৰে।
কি কৈছিল লুলাই?
অনুষ্ঠানটোত এটা শিশুৱে নেমাৰক ব্ৰাজিলৰ শ্ৰেষ্ঠ খেলুৱৈ বুলি উল্লেখ কৰিছিল। ইয়াৰ উত্তৰত লুলাই হাঁহিৰে কৈছিল— ‘নেইমাৰ এতিয়া খেলেই নেখেলে! তেওঁ যেন পৃথিৱীৰ প্ৰথম ‘ৱৰ্ক ফ্ৰম হোম’ খেলা ৰাষ্ট্ৰীয় দলৰ খেলুৱৈ।’ লুলাৰ এই মন্তব্য মূলতঃ এক হাস্যৰসাত্মক টিপ্পনী আছিল। কিয়নো বিগত কেইবাবছৰো ধৰি নেইমাৰ আঘাতজনিত সমস্যাৰ বাবে বহু সময় খেলপথাৰৰ বাহিৰত থাকিবলগীয়া হৈছে। ফলস্বৰূপে ব্ৰাজিল ৰাষ্ট্ৰীয় দলৰ হৈ তেওঁৰ উপস্থিতি পূৰ্বৰ তুলনাত যথেষ্ট কমি গৈছে। লুলাই ইয়াতেই ক্ষান্ত নাথাকি আৰু মন্তব্য কৰি কয় যে-ভৱিষ্যতে হয়তো কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি ১১ জন পেলেৰে গঠিত এটা দল তৈয়াৰ কৰিবলগীয়া হ’ব পাৰে। এই মন্তব্যৰ জৰিয়তে তেওঁ ব্ৰাজিলিয়ান ফুটবলৰ সোণালী যুগৰ কথা সোঁৱৰাই দিয়ে। পেলে কেৱল ব্ৰাজিলৰেই নহয়, সমগ্ৰ বিশ্ব ফুটবল ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে স্বীকৃত। ১৯৫৮, ১৯৬২ আৰু ১৯৭০ চনৰ বিশ্বকাপ জয়ী পেলেৰ দৰে কিংবদন্তি খেলুৱৈ পুনৰ সৃষ্টি কৰাটো অসম্ভৱ বুলিয়েই সাধাৰণতে ধৰা হয়।
নেইমাৰৰ বৰ্তমান স্বাস্থ্য কি পৰ্যায়ত?
নেইমাৰ বিগত কিছু সময় ধৰি গুৰুতৰ আঘাতৰ সৈতে যুঁজ দি আছে। বিশেষকৈ আঁঠুৰ Anterior Cruciate Ligament আঘাতৰ বাবে তেওঁ দীঘলীয়া সময় খেলৰ পৰা আঁতৰি আছিল। এই কাৰণেই ক্লাব আৰু ৰাষ্ট্ৰীয় দল দুয়োটাতে তেওঁৰ উপস্থিতি সীমিত হৈছিল। তথাপিও ব্ৰাজিলৰ ফুটবলপ্ৰেমীসকলৰ বাবে আশাৰ খবৰ হৈছে যে নতুন মুখ্য প্ৰশিক্ষক কাৰ্লোই নেইমাৰৰ প্ৰত্যাৱৰ্তনৰ ইংগিত দিছে। নেইমাৰে সম্পূৰ্ণ ফিট হৈ পুনৰ ব্ৰাজিলৰ হৈ খেলপথাৰত নামিব পাৰে।
ৰাষ্ট্ৰপতি লুলাৰ ‘ৱৰ্ক ফ্ৰম হোম নেশ্যনেল প্লেয়াৰ’ শীৰ্ষক মন্তব্যটো মূলতঃ এক হাস্যৰসাত্মক মন্তব্য আছিল, কিন্তু ইয়াৰ আঁৰত নেইমাৰৰ দীৰ্ঘদিনীয়া অনুপস্থিতিৰ বিষয়টোৱেও প্ৰতিফলিত হৈছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ