বিচনাৰ কাষত এগিলাচ পানী ৰখাটো কেৱল পিয়াহ নিবাৰণৰ উপায় নহয়, ই আচলতে গভীৰ মানসিক সুৰক্ষা কবচ হিচাপে কাম কৰে। ৰাতিৰ আন্ধাৰত অৱচেতন মনটোক শান্ত কৰি ৰখা আৰু ৰাতি ভালকৈ টোপনি অহাৰ ক্ষেত্ৰত এই সৰু অভ্যাসটোৰ গুৰুত্ব অপৰিসীম। মনোবিজ্ঞানীসকলে কি কয়?
ৰাতি শুই উঠাৰ আগতে বিচনাৰ কাষত এগিলাচ পানী ৰখাৰ অভ্যাস বহুতৰে আছে। ৰাতিপুৱা সাৰ পাই সেই পানী নোখোৱাকৈয়ে পেলাই দিব লাগে, যিটো বাহিৰৰ পৰা অত্যন্ত অৰ্থহীন যেন লাগিব পাৰে। কিন্তু মনোবিজ্ঞানীসকলৰ মতে এই সাধাৰণ অভ্যাসৰ আঁৰত গভীৰ মানসিক কাৰণ আছে।
গৱেষকসকলৰ মতে, মানুহে অনিশ্চয়তা হ্ৰাস কৰি প্ৰস্তুতিৰ ভাৱ সৃষ্টি কৰিবলৈ সৰু সৰু পৰিৱেশৰ ইংগিতৰ ওপৰত নিৰ্ভৰ কৰে। এই সৰু সৰু অভ্যাসবোৰে প্ৰত্যক্ষভাৱে কোনো সমস্যাৰ সমাধান নকৰিলেও মগজুলৈ এক সান্ত্বনাদায়ক বাৰ্তা প্ৰেৰণ কৰে। ইয়াৰ ফলত অৱচেতন মনটোৱে সকলো ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ’বলৈ আগতীয়াকৈ সাজু বুলি ভাবিব পাৰে।
মনোবিজ্ঞানত ইয়াক ‘সুৰক্ষাৰ ইংগিত’ বা বিশেষ সুৰক্ষা সংকেত বুলি কোৱা হয়। ইয়াৰ চৌপাশৰ বাহ্যিক পৰিস্থিতি সলনি নকৰাকৈ মনৰ ভিতৰৰ ভয় বা অনিশ্চয়তা নিমিষতে হ্ৰাস কৰে। শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে এনে চিনাকি কামবোৰ মানসিক চাপ নিয়ন্ত্ৰণত অতি সহায়ক।
বিচনাৰ কাষত এগিলাচ পানী ৰাখিলে মগজুক গোটেই ৰাতিটো শান্ত হৈ থাকিবলৈ সহায় কৰে। ই অহৰহ আশ্বাস প্ৰেৰণ কৰে যে যদি আপুনি মাজনিশা হঠাতে পিয়াহ বা অস্বস্তি অনুভৱ কৰে তেন্তে ইয়াৰ সমাধান আপোনাৰ হাতৰ মুঠিত আছে। যদিও দিনৰ পোহৰত অৱস যেন লাগে, তথাপিও ৰাতিৰ আন্ধাৰত ই আপোনাৰ চিন্তাধাৰা সম্পূৰ্ণৰূপে সলনি কৰি পেলায়।
টোপনিৰ গৱেষকসকলৰ মতে টোপনিৰ সময়ত মানুহৰ মনৰ ভিতৰত এক প্ৰকাৰৰ লুকাই থকা সজাগতা বা অতি সতৰ্কতাই কাম কৰে। মানুহে নিজৰ শোৱা কোঠা নিৰাপদ আৰু আৰামদায়ক কৰি তুলিবলৈ ৰাতিৰ সময়ত বিভিন্ন সুৰক্ষা আচৰণত লিপ্ত হয়। এই গিলাচ পানীয়ে দুৱাৰৰ তলাটো বাৰে বাৰে পৰীক্ষা কৰি বা কোঠাটোৰ লাইটিং সামঞ্জস্য কৰি লোৱাৰ দৰেই কাম কৰে।
আমেৰিকাৰ নেচনেল হাৰ্ট, লাং এণ্ড ব্লাড ইনষ্টিটিউটৰ গৱেষণাৰ মতে সুস্থ টোপনিৰ বাবে শোৱা কোঠাৰ এক সামঞ্জস্যপূৰ্ণ পৰিৱেশ বজাই ৰখাটো অতি প্ৰয়োজনীয়। যেতিয়া মানুহে অনুভৱ কৰে যে তেওঁলোকৰ চৌপাশৰ ওপৰত নিয়ন্ত্ৰণ আছে, তেতিয়া তেওঁলোকৰ টোপনি গভীৰ আৰু ভাল হয়। গোটেই ৰাতি পানীৰ গিলাচটো হয়তো এবাৰো চুব নোৱাৰি, কিন্তু তাৰ উপস্থিতিয়ে অজ্ঞাতে মনটোক শাস্তি দিয়ে।
আধুনিক চিকিৎসা বিজ্ঞানত শোৱা কোঠাটোক মানসিক শান্তি বুলি কোৱা হয়। মগজুৱে অহৰহ চাৰিওফালৰ পৰিবেশৰ মূল্যায়ন কৰি ঠাইখন সম্পূৰ্ণ নিৰাপদ হোৱাটো নিশ্চিত কৰে। কোঠাটোৰ সৰু পোহৰ, বন্ধ দুৱাৰ বা প্ৰিয় কম্বলৰ দৰে এগিলাচ পানীয়েও শান্তিৰ প্ৰতীক হিচাপে কাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















