মধ্যপ্ৰদেশৰ জবলপুৰস্থিত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰি কেন্দ্ৰীয় মন্ত্ৰী তথা মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ পুত্ৰ কাৰ্তিকেয় সিং চৌহানে তৰা মানহানিৰ ফৌজদাৰী গোচৰত কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে চলি থকা আইনী কাৰ্যবিধি নিষ্পত্তি ঘোষণা কৰিছে। এই ৰায়ৰ জৰিয়তে প্ৰায় আঠ বছৰ ধৰি চলি থকা এক ৰাজনৈতিকভাৱে স্পৰ্শকাতৰ মানহানিৰ গোচৰ তথা বিতৰ্কৰ অন্ত পৰিল।
কিয় ৰাহুল গান্ধীৰ বিৰুদ্ধে দিয়া হৈছিল গোচৰ?
গোচৰটোৰ সূচনা হৈছিল ২০১৮ চনৰ ২৯ অক্টোবৰত অনুষ্ঠিত মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰকালীন সময়ত। সেইদিনা ঝাবুৱাত এক নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰাৰ সময়ত ৰাহুল গান্ধীয়ে কথিতভাৱে কাৰ্তিকেয় সিং চৌহানৰ নাম বিশ্বজুৰি চৰ্চিত পানামা পেপাৰ্ছ কেলেংকাৰীৰ সৈতে সংযোগ কৰিছিল। এই মন্তব্যৰ পিছতে মধ্যপ্ৰদেশৰ ৰাজনীতিত তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়। সেই সময়ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এই অভিযোগক সম্পূৰ্ণ ভিত্তিহীন বুলি অভিহিত কৰি তীব্ৰ প্ৰতিবাদ জনাইছিল। ইয়াৰ পিছতে কাৰ্তিকেয় সিং চৌহানে ভূপালস্থিত বিশেষ সাংসদ/বিধায়ক আদালতত মানহানিৰ অভিযোগ দাখিল কৰে। অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ (IPC) ধাৰা ৫০০ অনুসৰি ৰাহুল গান্ধীৰ বিৰুদ্ধে ফৌজদাৰী মানহানিৰ গোচৰ ৰুজু হয়। বহু বছৰ ধৰি গোচৰটো চলি থকাৰ পিছত বিশেষ আদালতে অভিযোগৰ প্ৰাথমিক ভিত্তি আছে বুলি ধৰি গোচৰটোৰ গ্ৰহণ কৰে আৰু ৰাহুল গান্ধীক আদালতত হাজিৰ হ’বলৈ সমন জাৰি কৰে। ইয়াৰ পিছতে ৰাহুল গান্ধীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ধাৰা ৫২৮ অনুসৰি মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ কাষ চাপি গোচৰটো বাতিল কৰাৰ আবেদন জনায়।
উচ্চ ন্যায়ালয়ত গুৰুত্বপূৰ্ণ ৰায়
উচ্চ ন্যায়ালয়ত শুনানিৰ সময়ত গোচৰটোৱে এক গুৰুত্বপূৰ্ণ মোৰ লয়। ৰাহুল গান্ধীয়ে আদালতত এক লিখিত বিবৃতি দাখিল কৰি স্বীকাৰ কৰে যে তেওঁৰ ভাষণত কাৰ্তিকেয় সিং চৌহানৰ নাম উল্লেখ কৰাটো ভুল হৈছিল। তেওঁ আদালতক জনায় যে ভাষণৰ ঠিক পিছদিনাই অৰ্থাৎ ২০১৮ চনৰ ৩০ অক্টোবৰতে তেওঁ ৰাজহুৱাভাৱে তেওঁৰ ভূল সন্দৰ্ভত স্পষ্টীকৰণ দিছিল। তেওঁৰ স্পষ্টীকৰণত উল্লেখ কৰিছিল যে পানামা পেপাৰ্ছ কেলেংকাৰি সন্দৰ্ভত তেওঁ যিজন ব্যক্তিৰ কথা ক’ব বিচাৰিছিল, তেওঁ মধ্যপ্ৰদেশৰ তদানীন্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ পুত্ৰ কাৰ্তিকেয় সিং চৌহান নহয়, বৰঞ্চ ছত্তীশগড়ৰ তদানীন্তন মুখ্যমন্ত্ৰীৰ পুত্ৰহে আছিল। ইয়াৰ উপৰিও ৰাহুল গান্ধীয়ে আদালতত স্পষ্টকৈ কয় যে-তেওঁ নিজৰ সেই ৰাজহুৱা স্পষ্টীকৰণৰ ওপৰত আজিও অটল আছে আৰু ভুলবশতঃ হোৱা এই উল্লেখৰ বাবে তেওঁ দুখ প্ৰকাশ কৰিছে। ৰাহুল গান্ধীৰ উক্ত স্বীকাৰোক্তি আৰু লিখিতভাৱে দুখ প্ৰকাশ কৰাটোৱে গোচৰটোৰ নিষ্পত্তিৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক হিচাপে পৰিগণিত হয়।
গোচৰ সন্দৰ্ভত কাৰ্তিকেয় সিং চৌহানৰ স্থিতি
ৰাহুল গান্ধীৰ এই স্পষ্টীকৰণ আৰু দুখ প্ৰকাশৰ পিছত কাৰ্তিকেয় সিং চৌহানেও উচ্চ ন্যায়ালয়ত লিখিতভাৱে জনায় যে তেওঁ এই গোচৰটো আৰু আগবঢ়াব নিবিচাৰে।

কাৰ্তিকেয় সিং চৌহানে আদালতক অনুৰোধ কৰে যে—ৰাহুল গান্ধীৰ আদালতত দাখিল কৰা বিবৃতিক চূড়ান্ত আদেশৰ অংশ হিচাপে অন্তৰ্ভুক্ত কৰা হওক। উচ্চ ন্যায়ালয় আৰু নিম্ন আদালত—দুয়োখন আদালতত চলি থকা সকলো আইনী কাৰ্যবিধি সমাপ্ত ঘোষণা কৰা হওক।
ৰাহুল গান্ধীৰ স্পষ্টীকৰণৰ পিছত উচ্চ ন্যায়ালয়ৰ ৰায়
ন্যায়াধীশ প্ৰমোদ কুমাৰ আগৰৱালে দুয়োপক্ষৰ যুক্তি আৰু আবেদন বিবেচনা কৰি ৰাহুল গান্ধীৰ দুখ প্ৰকাশ আৰু কাৰ্তিকেয় সিং চৌহানৰ আপত্তি নথকাৰ বিষয়টো গ্ৰহণ কৰে। ফলস্বৰূপে, আদালতে ৰাহুল গান্ধীৰ বিৰুদ্ধে চলি থকা সমগ্ৰ ফৌজদাৰী মানহানিৰ কাৰ্যবিধি বন্ধ কৰাৰ নিৰ্দেশ দিয়ে। কেৱল সেয়াই নহয়, উচ্চ ন্যায়ালয়ে বিশেষভাৱে এই নিৰ্দেশো দিয়ে যে ভূপালস্থিত বিশেষ সাংসদ/বিধায়ক আদালতত এই গোচৰ সন্দৰ্ভত চলি থকা সকলো আইনী কাৰ্যবিধিও সমাপ্ত বুলি গণ্য কৰা হ’ব।
আদালতৰ এই ৰায়ৰ তাৎপৰ্য
এই ৰায়ৰ সৈতে মধ্যপ্ৰদেশত বহুদিন ধৰি চলি থকা অন্যতম আলোচিত ৰাজনৈতিক মানহানিৰ গোচৰটোৰ আনুষ্ঠানিক অন্ত পৰিল। যি গোচৰৰ আৰম্ভণি হৈছিল নিৰ্বাচনী প্ৰচাৰৰ এখন ৰাজনৈতিক ভাষণৰ পৰা, সেয়া ক্ৰমে দুটা ৰাজনৈতিক পৰিয়ালৰ মাজৰ সন্মান আৰু সুনামৰ আইনী সংঘাতলৈ ৰূপান্তৰিত হৈছিল। অৱশেষত, ৰাহুল গান্ধীৰ স্পষ্টীকৰণ, ভুল স্বীকাৰ আৰু দুখ প্ৰকাশৰ, লগতে অভিযোগকাৰীৰ গোচৰ আগবঢ়াব নিবিচৰাৰ সিদ্ধান্তৰ ফলত এই দীৰ্ঘদিনীয়া আইনী বিবাদৰ শান্তিপূৰ্ণ সমাপ্তি ঘটিল।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















