মাছ যিমানেই সুস্বাদু নহওক কিয়, খোৱাৰ সময়ত অজানিতে ডিঙিত কাঁইট লাগি ধৰিলে আঁতৰোৱাটো কঠিন। মাছৰ কাঁইটৰ ফলত হোৱা অস্বস্তি আৰু বিষৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতে চিকিৎসকৰ ওচৰলৈ যায়। কিন্তু চিকিৎসকৰ ওচৰলৈ যোৱাৰ আগতে ঘৰতে থকা কিছুমান সাধাৰণ উপাদানৰ সহায়ত এই সমস্যা সমাধান কৰাটো সম্ভৱ। কাঁইট সহজে আঁতৰাব পৰাকৈ ৩টা ঘৰুৱা উপায় জানি লওক…
- ডিঙিত কাঁইট লাগিলে এগিলাচ শীতল পানীয় বা কোকাকোলাই যাদুৰ দৰে কাম কৰিব পাৰে। শীতল পানীয়ত থকা কাৰ্বন ডাই অক্সাইড গেছে আপোনাৰ ডিঙিৰ কোমল কাঁইট গলাই বা কোমল কৰাত সহায় কৰে। ফলত কাঁইটটো আপোনাৰ ডিঙিৰ পৰা সহজেই ওলাই যাব পাৰে।
- নেমুৰ ৰসত থকা চাইট্ৰিক এচিডে কাঁইটো কোমল কৰাত অতি ফলপ্ৰসূ। ডিঙিত বিন্ধিলে নেমুৰ ৰস অলপ নিমখৰ লগত মিহলাই অলপ অলপকৈ পানী পান কৰক। নেমুৰ ৰসৰ এচিডিটিয়ে কোমল কৰি গলাই দিয়ে।
- ঘৰত অলিভ অইল থাকিলে এচামুচ তেল খাব পাৰে। তেলে ডিঙি পিছল কৰে, যাৰ ফলত আবদ্ধ কাঁইটটো পেটত সোমাই যায়। যদি আপোনাৰ অলিভ অইল নাথাকে, তেন্তে এগিলাচ পানীত দুচামুচ ভিনেগাৰ মিহলাই খালে নেমুৰ ৰসৰ দৰে সুফল পোৱা যায়।
- সাধাৰণ আৰু সৰু সৰু কাঁইটে বিন্ধিলে এই ঘৰুৱা উপায়েৰে সহজে আঁতৰাব পাৰি। কিন্তু যদি দীৰ্ঘদিন ধৰি তীব্ৰ বিষ হয়, কফৰ সৈতে তেজ ওলায়, বা উশাহ-নিশাহৰ দৰে সমস্যাৰ সৃষ্টি হয়, তেন্তে আৰু পলম নকৰাকৈ লগে লগে ই এন টি (কাণ, নাক, আৰু ডিঙি) বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















