• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

2 months ago
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

11 minutes ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

50 minutes ago
ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

1 hour ago
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

2 hours ago
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

19 hours ago
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

20 hours ago
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

20 hours ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

21 hours ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

21 hours ago
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

22 hours ago
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

22 hours ago
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

কেতিয়া এই অভ্যাস চিন্তাৰ বিষয় হৈ পৰে?

editor by editor
June 30, 2026
in জীৱনশৈলী, বিবিধ, লেখা, স্বাস্থ্য
0
অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?
0
SHARES
236
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৰ্মব্যস্ততা, বিভিন্ন কৰ্তব্য আৰু দায়িত্বৰ বোজাৰ মাজত বহু সময়ত আমি নিজেও গম নাপাওঁ যে কেতিয়া মানসিক চাপে আমাক আৱৰি ধৰে। ব্যস্ততাৰে ভৰা জীৱনত নিজকে সময় দিয়াৰ সুযোগো বহু ক্ষেত্ৰত নাথাকে। আমাৰ দেশত এনে বহু লোক আছে, যিয়ে নিজেই নাজানে যে তেওঁলোক মানসিক চাপত ভুগি আছে। কেতিয়াবা মানসিকভাৱে অতিশয় ক্লান্ত বা বিপৰ্যস্ত অনুভৱ কৰাৰ ফলত কিছুমান লোকে লাহে লাহে অকলশৰীয়াকৈ থাকিবলৈ অধিক পছন্দ কৰিবলৈ ধৰে। কিন্তু প্ৰশ্ন হয়—অকলশৰীয়াকৈ থাকিব বিচৰাটো সঁচাকৈয়ে স্বাভাৱিক নে ই কোনো মানসিক সমস্যাৰ ইংগিত? এই বিষয়ত বিভিন্ন চিকিৎসা বিশেষজ্ঞই কয় যে সাম্প্ৰতিক পৃথিৱীৰ ব্যস্ততাৰে ভৰা পৰিৱেশত জনসমাগমৰ মাজত অধিক সময় থকাৰ বাবে বহু লোকে কিছু সময়ৰ বাবে হলেও নিজাকৈ কিছু সময় কটাবলৈ ভাল পায়। কিন্তু এই অভ্যাসক লৈ বহুতে সংশয়ত ভোগে যে ই স্বাভাৱিক নে মানসিক অসুস্থতাৰ চিন।

এই সন্দৰ্ভত বিশেষজ্ঞই কি কয়?

বিশেষজ্ঞৰ মতে, অকলশৰীয়াকৈ থাকিব ভাল পোৱাটো সাধাৰণতে কোনো মানসিক ৰোগৰ লক্ষণ নহয়। বহু লোকৰ বাবে ই আত্মচিন্তা, মানসিক শান্তি আৰু আৱেগিক ভাৰসাম্য বজাই ৰখাৰ এক সুস্থ উপায়। এনে ব্যক্তিয়ে নিজৰ সৈতে সময় কটাই নিজকে অধিক ভালদৰে বুজি পায়, মানসিক চাপ হ্ৰাস কৰে আৰু পুনৰ সতেজ অনুভৱ কৰে।

কেতিয়া এই অভ্যাস চিন্তাৰ বিষয় হৈ পৰে?

বিশেষজ্ঞসকলৰ মতে কিছুমান বিশেষ লক্ষণ দেখা দিয়া ব্যক্তিৰ ক্ষেত্ৰত অকলশৰীয়াকৈ থকাৰ অভ্যাসক কেৱল স্বাভাৱিক বুলি ধৰি লোৱাটো উচিত নহয়। তেনে কিছুমান লক্ষণ হৈছে মানুহৰ সৈতে মিলামিছা বা কথা-বতৰা এৰাই চলিবলৈ ধৰা, সামাজিক কাৰ্যকলাপৰ পৰা সম্পূৰ্ণ আঁতৰি যোৱা, আত্মীয়-স্বজন বা বন্ধুৰ সৈতে সম্পৰ্ক ৰখাৰ আগ্ৰহ হেৰুৱাই পেলোৱা, অকলশৰীয়াকৈ থকাৰ ফলত দুখ, নিৰাশা বা জীৱনৰ প্ৰতি উৎসাহ হ্ৰাস পোৱা। যদি এনে আচৰণ দীৰ্ঘদিন ধৰি অব্যাহত থাকে, তেন্তে ই মানসিক স্বাস্থ্যজনিত কোনো সমস্যাৰ লক্ষণ হ’ব পাৰে। এনে অৱস্থাত এইটো বুজাটো অত্যন্ত গুৰুত্বপূৰ্ণ যে ব্যক্তিজনে নিজৰ ইচ্ছাৰে অকলশৰীয়া হৈ আছে নে মানসিক চাপ, উদ্বেগ বা অন্যান্য সমস্যাৰ বাবে নিজকে সমাজৰ পৰা আঁতৰাই ৰাখিছে।

Healthy Solitude আৰু ক্ষতিকাৰক সামাজিক বিচ্ছিন্নতা

বিশেষজ্ঞসকলৰ মতে, Healthy Solitude আৰু ক্ষতিকাৰক সামাজিক বিচ্ছিন্নতাৰ মাজত পাৰ্থক্য বুজাটো অতি প্ৰয়োজনীয়। যদি অকলশৰীয়াকৈ সময় কটোৱাৰ অভ্যাসে আপোনাৰ দৈনন্দিন জীৱন, কৰ্মক্ষেত্ৰ, সম্পৰ্ক বা মানসিক সুস্থতাত কোনো বিৰূপ প্ৰভাৱ পেলোৱা নাই, তেন্তে চিন্তাৰ কোনো প্ৰয়োজন নাই। ইয়াক সুস্থ নিসংগতা বা Healthy Solitudeবুলি কব পাৰি। কিন্তু যদি এই অভ্যাসে জীৱনৰ মানদণ্ডত প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে, তেন্তে মানসিক স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো অত্যন্ত জৰুৰী।

মানসিক চাপ কমোৱাৰ উপায়

যদি আপুনি অকলশৰীয়াকৈ সময় কটাবলৈ ভাল পায়, তেন্তে সেয়া ভাল কথা। কিন্তু একেবাৰে পৰিয়াল আৰু আপোনজনৰ পৰা বিচ্ছিন্ন হৈ থকাটো উচিত নহয়। সম্পৰ্কসমূহ মজবুত কৰি ৰাখিবলৈ তেওঁলোকৰ বাবেও সময় উলিয়াওক। প্ৰতিদিনে কিছু সময় খোজ কাঢ়িবলৈ ওলাই যাওক। প্ৰকৃতিৰ মাজত বা মুকলি পৰিৱেশত সময় কটালে মন স্বাভাৱিকভাৱে শান্ত হয় আৰু মানসিক চাপ হ্ৰাস পায়। যোগ আৰু প্ৰাণায়ামৰ অভ্যাসেও মন-মানসিকতা শান্ত ৰাখিবলৈ সহায় কৰে।
বিভিন্ন তথ্যৰ সহায়ত এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24health
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক
জীৱনশৈলী

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

September 4, 2026
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম
ভাৰত

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

September 4, 2026
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা
অসম

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

September 4, 2026
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!
জীৱনশৈলী

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

September 3, 2026
Next Post
প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

প্ৰখৰ ৰ'দে ছাল ক'লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.