• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

4 months ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

24 minutes ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

49 minutes ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

2 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

3 hours ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

4 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

5 hours ago
নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

7 hours ago
নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

7 hours ago
মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

8 hours ago
৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

8 hours ago
সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

9 hours ago
নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

চৰ্মৰোগ বিশেষজ্ঞৰ মতে Tanning-এ কেনেকৈ ছালক দিয়ে সুৰক্ষা?

editor by editor
June 30, 2026
in জীৱনশৈলী, ফেশ্বন, স্বাস্থ্য
0
প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম
0
SHARES
125
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গৰমৰ দিনকেইটাত প্ৰায় অধিকাংশই এটা সমস্যাৰ সন্মুখীন হয় সেইটো হৈছে ছালত হোৱা টেনিং। ৰ’দে পুৰি পেলোৱা মুখ, ডিঙি, হাত বা ভৰিৰ ৰং আগৰ তুলনাত অধিক গাঢ় হৈ পৰে। তেতিয়া বহুতে ইণ্টাৰনেট বা ছ’চিয়েল মিডিয়াত দেখা ঘৰুৱা উপায়, যেনে নেমুৰ ৰস, বেকিং ছ’ডা বা টুথপেষ্ট ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। কিন্তু এইবোৰে উপকাৰ কৰাতকৈ অপকাৰহে বেছি কৰিব পাৰে।
চৰ্মৰোগ বিশেষজ্ঞৰ মতে, ছাল ক’লা কৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ভালকৈ নজনাকৈ যিকোনো ঘৰুৱা উপায় ব্যৱহাৰ কৰাটো বিপজ্জনক হ’ব পাৰে। ইয়াৰ ফলত ছালত জ্বলা-পোৰা, খজুৱতি, জ্বলন, এলাৰ্জি আনকি স্থায়ী পিগমেণ্টেচনৰ সমস্যাও দেখা দিব পাৰে। সেয়েহে চিকিৎসকৰ পৰামৰ্শমতে বৈজ্ঞানিকভাৱে প্ৰমাণিত পদ্ধতিহে গ্ৰহণ কৰা উচিত।

Tanning কেনেকৈ হয়?

Tanning আচলতে আমাৰ ছালৰ এক স্বাভাৱিক সুৰক্ষা ব্যৱস্থা। সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি ছালত পৰিলে ছালৰ ভিতৰত থকা মেলানোচাইট নামৰ কোষে অধিক পৰিমাণে মেলানিন উৎপাদন কৰিবলৈ আৰম্ভ কৰে। এই মেলানিনেই ছালৰ ৰং গাঢ় কৰি দিয়ে আৰু UV ৰশ্মিৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা ছালৰ গভীৰ অংশক সুৰক্ষা দিয়ে। অৰ্থাৎ Tanning দেখিবলৈ ভাল নালাগিলেও ই আচলতে এই কথাৰেই প্ৰমাণ যে আপোনাৰ শৰীৰে সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ বিৰুদ্ধে নিজকে সুৰক্ষিত কৰাৰ চেষ্টা কৰে।

Tanning আৰু পিগমেণ্টেচন একেই নেকি?

বহুতে Tanning আৰু পিগমেণ্টেচনক একে সমস্যা বুলি ভাবে। কিন্তু দুয়োটাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। Tanning সূৰ্যৰ ৰশ্মিৰ ফলত হোৱা এক অস্থায়ী পৰিৱৰ্তন। কিছুদিন ৰ’দৰ পৰা আঁতৰি থাকিলে আৰু ছালৰ নতুন কোষ সৃষ্টি হোৱাৰ লগে লগে এই গাঢ় ৰং ধীৰে ধীৰে কমি যায়। আনহাতে পিগমেণ্টেচন হৈছে ছালৰ গভীৰ স্তৰত হোৱা এক বিশেষ সমস্যা। ইয়াৰ চিকিৎসা দীঘলীয়া হয় আৰু অভিজ্ঞ চৰ্মৰোগ বিশেষজ্ঞৰ তত্ত্বাৱধানতহে সঠিকভাৱে নিৰাময় কৰিব পাৰি।

Tanning আঁতৰোৱাৰ সুৰক্ষিত উপায়

Tanning এদিনতে আঁতৰি নাযায়। ইয়াৰ বাবে ধৈৰ্য্যৰ প্ৰয়োজন। অৱশ্যে সঠিক চিকিৎসা আৰম্ভ কৰিলে প্ৰথম ছেছনৰ পৰাই কিছু পাৰ্থক্য লক্ষ্য কৰিব পাৰি। Tanning কিমান সোনকালে আঁতৰিব সেয়া নিৰ্ভৰ কৰে—Tanning কিমান বেছি হৈছে, কিমান সময় ৰদত আছিল, আপোনাৰ ছালৰ ধৰণ কেনেকুৱা আৰু আপুনি নিয়মিতভাৱে ছানস্ক্ৰীন ব্যৱহাৰ কৰিছে নে নাই। সাধাৰণতে আমাৰ ছালে নিজেই নতুন কোষ সৃষ্টি কৰি পুৰণি কোষ আঁতৰাই দিয়ে। ফলত কিছুদিন সূৰ্যৰ প্ৰখৰ ৰ’দৰ পৰা আঁতৰি থাকিলেও Tanning স্বাভাৱিকভাৱেই কমিবলৈ আৰম্ভ কৰে।

বিশেষজ্ঞই পৰামৰ্শ দিয়া চিকিৎসা

ভিটামিন C ছিৰাম : ভিটামিন C-এ ছাল উজ্জ্বল কৰাত সহায় কৰাৰ লগতে সূৰ্যৰ ৰশ্মিৰ ফলত হোৱা অক্সিডেটিভ ক্ষতিও কমায়।
নিয়াচিনামাইড : এই উপাদানে ছালৰ ৰং সমান কৰি তোলে, স্কিন বেৰিয়াৰ শক্তিশালী কৰে আৰু ক্ষতিগ্ৰস্ত ছাল পুনৰ সুস্থ হোৱাত সহায় কৰে।
কেমিকেল পিল : অভিজ্ঞ ডাৰ্মেট’লজিষ্টৰ তত্ত্বাৱধানত কৰা কেমিকেল পিলে মৃত কোষ আঁতৰাই Tanning কমোৱাত সহায় কৰে।
প্ৰফেচনেল মেনিকিউৰ-পেডিকিউৰ : বিশেষ চিকিৎসামূলক উপাদান ব্যৱহাৰ কৰা মেনিকিউৰ-পেডিকিউৰে হাত-ভৰিৰ Tanning হ্ৰাস কৰি ছালক পুনৰ সতেজ কৰি তোলে। লেজাৰ চিকিৎসা : যদি কোনো অংশত জেদী Tanning বা UV ৰশ্মিৰ ফলত হোৱা দাগ সহজে নাযায়, তেন্তে লেজাৰ চিকিৎসা এক ফলপ্ৰসূ বিকল্প হ’ব পাৰে।
Tanningৰ পৰা কেনেকৈ বাচিব?
প্ৰতিদিনে Broad Spectrum Sunscreen ব্যৱহাৰ কৰক। প্ৰতি ২–৩ ঘণ্টাৰ মূৰে মূৰে পুনৰ ছানস্ক্ৰীন লগাওক। বাহিৰলৈ ওলালে টুপী, ছানগ্লাছ আৰু দীঘল হাতযুক্ত কাপোৰ পৰিধান কৰক। দুপৰীয়াৰ প্ৰখৰ ৰ’দত অযথা বাহিৰলৈ ওলোৱা এৰাই চলক। পৰ্যাপ্ত পানী খাওক আৰু ছালৰ স্বাভাৱিক সুৰক্ষা স্তৰ (Skin Barrier) সুস্থ কৰি ৰাখিবলৈ নিয়মিত স্কিন কেয়াৰ কৰক

বিশেষজ্ঞৰ পৰামৰ্শ কি?

নেমুৰ ৰস পোনপটীয়াকৈ ছালত লগালে জ্বলা-পোৰা, খজুৱতি আৰু ফাইট’ফ’ট’ডাৰ্মাটাইটিছৰ দৰে সমস্যা হ’ব পাৰে। বেকিং ছ’ডা স্ক্ৰাবৰ ফলত ছালৰ স্বাভাৱিক সুৰক্ষা স্তৰ নষ্ট হয় আৰু জ্বলন বৃদ্ধি পায়। ভিনেগাৰ পানী নোলোৱাকৈ ব্যৱহাৰ কৰিলে ছাল জ্বলি ৰঙা পৰিব পাৰে। বেছি জোৰেৰে স্ক্ৰাব কৰিলে ছাল ক্ষতিগ্ৰস্ত হয় আৰু পিগমেণ্টেচনৰ সম্ভাৱনা বৃদ্ধি পায়। এই ধৰণৰ ভুল উপায়ে ছালত বৰ্ণ, ৰঙা পৰা, ৰুক্ষ, এলাৰ্জি, জ্বলন, হাইপাৰপিগমেণ্টেচন আৰু ছাল অতিসংবেদনশীল হোৱাৰ দৰে সমস্যা সৃষ্টি কৰিব পাৰে। বিশেষজ্ঞৰ মতে Tanning কোনো ৰোগ নহয়; ই সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা ছালক দিয়া স্বাভাৱিক সুৰক্ষা ব্যৱস্থা। সেয়েহে Tanning আঁতৰাবলৈ তৎক্ষণাত ফল পোৱাৰ আশাত যিকোনো ঘৰুৱা উপায় ব্যৱহাৰ কৰাটো বুদ্ধিমানৰ কাম নহয়। বৈজ্ঞানিকভাৱে প্ৰমাণিত চিকিৎসা, নিয়মিত ছানস্ক্ৰীন ব্যৱহাৰ, ছালৰ সঠিক যত্ন আৰু প্ৰয়োজন অনুসৰি চৰ্মৰোগ বিশেষজ্ঞৰ পৰামৰ্শ ল’লেহে Tanning নিৰাপদভাৱে কমাব পাৰি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24skin care tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!
জীৱনশৈলী

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

October 17, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

October 17, 2026
সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!
জীৱনশৈলী

সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

October 17, 2026
নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!
জীৱনশৈলী

নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

October 17, 2026
Next Post
প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

জুলাই মাহটো আপোনাৰ কেনে যাব?

জুলাই মাহটো আপোনাৰ কেনে যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.