প্ৰচণ্ড গৰম আৰু আৰ্দ্ৰতাৰ বাবে গ্ৰীষ্মকালত শৰীৰৰ পৰা ওলোৱা দুৰ্গন্ধ বহুতৰে বাবে এক সমস্যাৰ দৰে হৈ পৰে। যাৰ বাবে আপুনি গৰমত কোনো বিশেষ সভা, কাৰ্যালয় বা ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈও সংকোচবোধ কৰিব পাৰে। কিন্তু এই দুৰ্গন্ধ শৰীৰত কেনেকৈ উৎপত্তি হয় জানেনে? বহু বিশেষজ্ঞই মত ব্যক্ত কৰা অনুসৰি ঘামৰ নিজস্ব গোন্ধ নাথাকে। ইয়াৰ মূল কাৰণ হৈছে আমাৰ ছালত থকা বেক্টেৰিয়া।
বিশেষজ্ঞসকলে কি কয়?
বিশেষজ্ঞসকলৰ মতে আমাৰ ছালত প্ৰাকৃতিকভাৱে লাখ লাখ বেক্টেৰিয়া থাকে। এই বেক্টেৰিয়াসমূহে ছালত থকা চৰ্বি আৰু প্ৰটিন ভক্ষণ কৰে। এই প্ৰক্ৰিয়াৰ সময়ত ইহঁতে কিছুমান বিশেষ ৰাসায়নিক পদাৰ্থ উৎপন্ন কৰে, যাৰ বাবে আমাৰ শৰীৰৰ পৰা বেয়া গোন্ধ ওলায়। এই দুৰ্গন্ধৰ তীব্ৰতা তিনিটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰথমতে, আপোনাৰ শৰীৰত কোনে ধৰণৰ ঘামগ্ৰন্থি সক্ৰিয়। দ্বিতীয়তে, ছালত কি ধৰণৰ বেক্টেৰিয়া থাকে। তৃতীয়তে, আপোনাৰ জীৱনশৈলী, খাদ্য আৰু চাৰিওফালৰ পৰিৱেশ কেনেকুৱা।
শৰীৰৰ ঘামগ্ৰন্থি দুই প্ৰকাৰৰ
Eccrine Glands – এই ধৰণৰ ঘামগ্ৰন্থি আমাৰ শৰীৰৰ উন্মুক্ত অংশ যেনে মুখ, হাতৰ তলুৱা, কপালত থাকে। ইহঁতে পানী আৰু নিমখীয়া ঘাম উৎপন্ন কৰে। এই ধৰণৰ ঘামৰ ফলত অতি উত্তাপতো আমাৰ শৰীৰৰ উষ্ণতা শীতল কৰি ৰখাত সহায় কৰে। এই ঘাম ছালত থাকিলে শৰীৰৰ অতিৰিক্ত তাপ বাষ্প হিচাপে উৰুৱাই দিয়ে আৰু এই প্ৰক্ৰিয়াই শৰীৰ উষ্ণতা নিয়ন্ত্ৰণত সহায় কৰে।

এপ’ক্ৰাইন গ্ৰন্থি – এই গ্ৰন্থিবোৰ কান্ধৰ তলত, উৰুৰ দৰে অংশৰ পৰা ওলায়। কৈশোৰৰ পৰা প্ৰাপ্তবয়স্কলৈ বয়স পৰিৱৰ্তন হোৱাৰ লগে লগে এনেধৰণৰ গ্ৰন্থি সক্ৰিয় হৈ পৰে। মানসিক চাপ আৰু উদ্বেগেও এই গ্ৰন্থিসমূহ সক্ৰিয়কৰণত ভূমিকা পালন কৰে। বিশেষজ্ঞসকলে কয় যে কান্ধৰ তলি, উৰুৰ অংশত ওলোৱা ঘামৰ ঘনত্ব বেছি আৰু ইয়াত প্ৰটিন আৰু চৰ্বিৰ পৰিমাণ বেছি থাকে। ইয়াৰ ফলত বেক্টেৰিয়াই অধিক খাদ্যৰ সুবিধা লাভ কৰে, যাৰ ফলত দুৰ্গন্ধ বৃদ্ধি পায়। এই বেক্টেৰিয়াই অধিক দুৰ্গন্ধ সৃষ্টিকাৰী ৰাসায়নিক পদাৰ্থ উৎপন্ন কৰে।
মানসিক চাপো শৰীৰৰ দুৰ্গন্ধ ওলোৱাৰ আন এটা কাৰণ
বিশেষজ্ঞৰ মতে ষ্টেফাইলোক’কাছ আৰু ক’ৰিনে বেক্টেৰিয়াম নামৰ বেক্টেৰিয়াই ঘামৰ অনুবোৰ ভাঙি পেলায়, যাৰ ফলত প্ৰ’পিঅ’নিক এচিড নামৰ ৰাসায়নিক পদাৰ্থ নিৰ্গত হয়, যাৰ ফলত তীব্ৰ গোন্ধ ওলায়। অত্যধিক মানসিক চাপে এপ’ক্ৰাইন গ্ৰন্থি সক্ৰিয় কৰি শৰীৰৰ দুৰ্গন্ধ বৃদ্ধি কৰিব পাৰে। স্বাস্থ্যসন্মত আহাৰ বজাই ৰাখি এই দুৰ্গন্ধ নিয়ন্ত্ৰণ কৰিব পাৰি। পিঁয়াজ, নহৰু, টেঙা খাদ্য বেছিকৈ খোৱাৰ পৰা বিৰত থাকিলে শৰীৰ দুৰ্গন্ধ কমাব পাৰি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















