গৰম আৰু বৰ্ষা কালত তেলীয়া ছালৰ সমস্যা বহুগুণে বৃদ্ধি পায়। মুখত অত্যধিক তেল জমা হোৱাৰ ফলত পোৰছ বন্ধ হৈ পিম্পলছ, ব্লেকহেডছৰ দৰে সমস্যাই সহজেই দেখা দিয়ে। কিন্তু এই সমস্যাৰ আঁৰত কেৱল বতৰেই নহয়, বহু সময়ত আমাৰ নিজৰ কিছুমান ভুল অভ্যাসো সমানে দায়ী। আজিকালি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা বিভিন্ন ঘৰুৱা টিপছ বা beauty hack দেখি বহুতে কোনো ধৰণৰ পৰামৰ্শ নোলোৱাকৈ মুখত বিভিন্ন বস্তু ব্যৱহাৰ কৰে। বিশেষজ্ঞসকলৰ মতে, এনে অভ্যাসে লাভৰ সলনি মুখমণ্ডলৰ ছালৰ অধিক ক্ষতিহে কৰিব পাৰে।
কিয় তেলীয়া হয় মুখমণ্ডলৰ ছাল?
আমাৰ ছালৰ তলত থকা Sebaceous Gland-এ Sebum নামৰ এক প্ৰাকৃতিক তেল উৎপাদন কৰে। যেতিয়া এই তেলৰ উৎপাদন অত্যধিক হয়, তেতিয়া ছাল oily হৈ পৰে। হৰম’নৰ পৰিৱৰ্তন, অনিয়মীয়া জীৱনশৈলী, পাচনতন্ত্ৰৰ সমস্যা আৰু ছালৰ ভুল যত্নৰ বাবেও এই সমস্যা বৃদ্ধি পাব পাৰে।
oily skinত ভুলতো এই বস্তুবোৰ ব্যৱহাৰ নকৰিব
১. ছিয়া বাটাৰ বা কোকো বাটাৰযুক্ত গধুৰ ক্ৰীম
এইধৰণৰ ক্ৰীমে মুখমণ্ডলৰ ছালৰ ওপৰত ডাঠ আৱৰণ সৃষ্টি কৰি পোৰছ বন্ধ কৰি দিয়ে। ফলত ছালৰ ভিতৰলৈ বতাহ চলাচলত ব্যাঘাত জন্মে আৰু পিম্পলছ ওলোৱাৰ আশংকা বহুগুণে বাঢ়ি যায়।
২. নাৰিকল তেল বা আন তেল পোনপটীয়াকৈ মুখত লগোৱা
বহুতে মুখমণ্ডলৰ ছাল কোমল কৰাৰ উদ্দেশ্যে মুখত তেল লগায়। কিন্তু অইলী স্কিনত এই অভ্যাস বিপদজনক হ’ব পাৰে। তেলে পোৰছ বন্ধ কৰি একনে আৰু পিম্পলছৰ সমস্যা অধিক জটিল কৰি তুলিব পাৰে।
৩. পেট্ৰ’লিয়াম জেলী
তেলীয়া ছালত পেট্ৰ’লিয়াম জেলী ব্যৱহাৰ কৰাটোও উচিত নহয়। ই ছালৰ ওপৰত এক স্তৰ সৃষ্টি কৰি অতিৰিক্ত তেল আবদ্ধ কৰি ৰাখে। ফলত মুখ অধিক চিপচিপীয়া হৈ পিম্পলছৰ সম্ভাৱনা বৃদ্ধি পায়।
৪. হাৰ্ড স্ক্ৰাব
বজাৰত পোৱা বহু স্ক্ৰাবে তেল কমোৱাৰ দাবী কৰে। কিন্তু এইধৰণৰ হাৰ্ড স্ক্ৰাবে ছালৰ প্ৰাকৃতিক সুৰক্ষা স্তৰ নষ্ট কৰি জ্বলা-পোৰা, খজুৱতি আৰু ৰঙা পৰা সমস্যাৰ সৃষ্টি কৰিব পাৰে।
মুখমণ্ডলৰ ছালৰ যত্ন কেনেকৈ ল’ব?
Oil-free আৰু Non-comedogenic Skincare প্ৰডাক্ট ব্যৱহাৰ কৰক। দিনে দুবাৰ কোমল ফেচ ৱাশ্বেৰে মুখ ধুব। মুখত বাৰে বাৰে হাত নিদিব। পৰ্যাপ্ত পানী পান কৰক আৰু সুষম আহাৰ গ্ৰহণ কৰক। নতুন কোনো প্ৰডাক্ট ব্যৱহাৰ কৰাৰ আগতে চাৰ্মৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















