প্ৰভিডেণ্ট ফাণ্ডৰ নিয়মৰ বৃহৎ পৰিৱৰ্তন হৈছে। ইপিএফৰ বৰঙণি বা দানৰ নিয়ম সলনি কৰা হৈছে। কৰ্মচাৰীসকলে প্ৰতিমাহে নূন্যতম ১৮০০ টকা পি এফ একাউণ্টত জমা কৰাটো বাধ্যতামূলক। যদি কোনোবাই ইয়াতকৈ বেছি জমা কৰিব বিচাৰে তেন্তে সেয়া বাধ্যতামূলক নহ’ব, সম্পূৰ্ণ Voluntary হ’ব।
নতুন কৰ্মচাৰী ভৱিষ্য নিধি আঁচনি ২০২৬ৰ অধীনত কোৱা হৈছে যে, যদি কৰ্মচাৰীসকলৰ মাহিলী দৰমহাৰ ১২ শতাংশ পৰ্যন্ত হয়, অৰ্থাৎ কৰ্মচাৰীসকলৰ মাহিলী দৰমহা যদি ১৫,০০০ টকা পৰ্যন্ত হয়, তেন্তে সেই দৰমহাৰ ১২ শতাংশ ইপিএফত বৰঙণি দিব লাগিব। দৰমহাৰ পৰিমাণ যিয়েই নহওক কিয়, কৰ্মচাৰীসকলে প্ৰতিমাহে পি এফ একাউণ্টত ১৮০০ টকা জমা দিব লাগিব।
ধৰি লওক, এজন ব্যক্তিৰ মৌলিক দৰমহা মাহে এক লাখ টকা। তেওঁৰ বাধ্যতামূলক পি এফ কৰ্তন অৰ্থাৎ পি এফত বৰঙণি ১৮০০ টকা হ’ব। যিটো কোম্পানীত কৰ্মচাৰীজনে কাম কৰে সেই কোম্পানীয়ে সমান পৰিমাণৰ ধন জমা কৰিব। যদি কোনো কৰ্মচাৰীয়ে বিচাৰে তেন্তে সেই নিৰ্দিষ্ট সীমালৈকে ধন জমা কৰিব পাৰে বা তেওঁ অধিক হাৰত বৰঙণি আগবঢ়াব পাৰে। তেনে ক্ষেত্ৰত কোম্পানী বা কাৰ্যালয়ে সেই অতিৰিক্ত বৰঙণিৰ সমান ধন জমা কৰিবলৈ বাধ্য নহ’ব। কৰ্মচাৰী বা কোম্পানীয়ে ইচ্ছা কৰিলে যিকোনো সময়তে তেওঁলোকৰ অৱদান হ্ৰাস কৰিব পাৰে।
বৰ্তমান প্ৰায় ৮ কোটি পি এফ গ্ৰাহক আছে। কৰ্মচাৰী ভৱিষ্য নিধিৰ এই সিদ্ধান্তৰ ফলত তেওঁলোকো প্ৰভাৱিত হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















