বহুতে কঁঠাল খোৱাৰ পিছত গুটিবোৰ পেলাই দিয়ে। কিন্তু এই গুটিবোৰত বহু মূল্যৱান পুষ্টি উপাদান লুকাই থাকে, যিবোৰ শৰীৰ সুস্থ আৰু সবল কৰি ৰখাত সহায়ক। কেঁচা কঁঠাল তৰকাৰী হিচাপে আৰু পকা কঁঠাল সুস্বাদু ফল হিচাপে জনপ্ৰিয় হোৱাৰ লগতে ইয়াৰ গুটিও এক পুষ্টিকৰ খাদ্য। কঁঠালৰ গুটিত কাৰ্বহাইড্ৰেট, প্ৰ’টিন, ডায়েটাৰী ফাইবাৰ, থাইয়ামিন, ৰাইবোফ্লেভিন, আইৰণ, কেলচিয়াম, পটাছিয়াম, মেগনেছিয়াম, জিংক আৰু কপাৰ আদি বহু গুৰুত্বপূৰ্ণ পুষ্টি উপাদান থাকে। এইবোৰে শৰীৰৰ বিভিন্ন কাৰ্য্য সঠিকভাৱে চলোৱাত সহায় কৰে।
১. হজম শক্তি উন্নত কৰে
কঁঠালৰ গুটিত থকা আঁহে অন্ত্ৰৰ গতি স্বাভাৱিক কৰি কোষ্ঠকাঠিন্যৰ সমস্যা হ্ৰাস কৰাত সহায় কৰে। নিয়মিত আৰু পৰিমিতভাৱে খাদ্যত অন্তৰ্ভুক্ত কৰিলে হজম প্ৰক্ৰিয়া উন্নত হয় আৰু অন্ত্ৰ সুস্থ থাকে।
২. শৰীৰত শক্তি যোগায়
কাৰ্বহাইড্ৰেট আৰু বি-ভিটামিনসমূহে খাদ্যক শক্তিলৈ ৰূপান্তৰ কৰাত সহায় কৰে। ফলস্বৰূপে দৈনন্দিন কাম-কাজ কৰাৰ বাবে শৰীৰে অধিক শক্তি লাভ কৰে আৰু সহজে ভাগৰি নপৰে।
৩. হাড় আৰু দাঁত মজবুত ৰাখে

কেলচিয়াম আৰু মেগনেছিয়াম হাড়ৰ গঠন আৰু দৃঢ়তা বজাই ৰখাৰ বাবে অতি প্ৰয়োজনীয়। কঁঠালৰ গুটি এই দুয়োটা খনিজৰ এক ভাল উৎস, যিয়ে হাড় আৰু দাঁতৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে।
৪. ৰক্তহীনতাৰ আশংকা হ্ৰাস কৰে
কঁঠালৰ গুটিত থকা আইৰনে হিম’গ্ল’বিন গঠনত সহায় কৰে। বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত আইৰনৰ অভাৱ পূৰণত ই সহায়ক হ’ব পাৰে আৰু ৰক্তহীনতাৰ আশংকা কমাব পাৰে।
৫. ছাল আৰু চুলিৰ যত্নত সহায়ক
ইয়াত থকা প্ৰ’টিন, ভিটামিন আৰু খনিজ পদাৰ্থই শৰীৰৰ কোষ পুনৰ গঠনত সহায় কৰে। ইয়াৰ ফলত ছাল সুস্থ ৰখা আৰু চুলিৰ স্বাভাৱিক বৃদ্ধিত ইতিবাচক ভূমিকা পালন কৰিব পাৰে।
৬. চকুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে
থাইয়ামিন আৰু ৰাইবোফ্লেভিনে শৰীৰৰ শক্তি উৎপাদনৰ লগতে চকুৰ স্বাভাৱিক কাৰ্যক্ষমতা বজাই ৰখাত সহায় কৰে।
৭. মানসিক সুস্থতাত সহায়
প্ৰয়োজনীয় খনিজ আৰু পুষ্টি উপাদানে স্নায়ুতন্ত্ৰৰ স্বাভাৱিক কাৰ্যক্ষমতা বজাই ৰখাত সহায় কৰে। সুষম আহাৰৰ অংশ হিচাপে কঁঠালৰ গুটি খালে মানসিক সুস্থতা ৰক্ষাত কিছু উপকাৰ পোৱা যাব পাৰে।

কঁঠাল গুটি কেনেদৰে খাব?
কঁঠালৰ গুটি সিজাই, ভাজি, তৰকাৰীত দি অথবা শুকুৱাই গুড়ি কৰি বিভিন্ন খাদ্যত ব্যৱহাৰ কৰিব পাৰি। খোৱাৰ আগতে গুটিবোৰ ভালদৰে সিজোৱা বা ৰন্ধা উচিত, যাতে সহজে হজম হয়।
মনত ৰাখিব
যদিও কঁঠালৰ গুটি পুষ্টিকৰ, তথাপি অতিমাত্ৰা খোৱাৰ সলনি পৰিমিত পৰিমাণে গ্ৰহণ কৰাটোৱেই উত্তম। বিশেষ স্বাস্থ্যজনিত সমস্যা থাকিলে বা বিশেষ খাদ্য নিয়ম মানি চলিলে চিকিৎসক বা পুষ্টিবিদৰ পৰামৰ্শ লোৱা ভাল। কঁঠালৰ গুটি সাধাৰণ বীজ নহয়; ই পুষ্টিৰে ভৰপূৰ এক মূল্যৱান খাদ্য। সঠিকভাৱে ৰন্ধি পৰিমিতভাৱে খাদ্যত অন্তৰ্ভুক্ত কৰিলে হজম শক্তি উন্নত কৰা, হাড় শক্তিশালী কৰা, আইৰণৰ যোগান বৃদ্ধি কৰা, শৰীৰত শক্তি যোগোৱা আৰু সামগ্ৰিক স্বাস্থ্য ৰক্ষাত ই উপকাৰী ভূমিকা পালন কৰিব পাৰে।
বিভিন্ন তথ্যৰ সহায়ত এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















