• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

2 hours ago
‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

24 minutes ago
কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

2 hours ago
সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

3 hours ago
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

3 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

6 hours ago
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

Relationship Tips: সংগী হ’ব চিৰদিনলৈ দূৰ! যদি আজিয়েই সলনি নকৰে এইকেইটা অভ্যাস

6 hours ago
শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

7 hours ago
মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

8 hours ago
মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

8 hours ago
কালসৰ্প যোগ আৰম্ভ, বৃষকে ধৰি এই ৪ ৰাশিৰ আহিব বিপদ!

আপোনাৰো কালসৰ্প যোগ আছে নেকি? ১৮ জুলাইলৈকে ৩ ৰাশিয়ে থাকক সাৱধান!

9 hours ago
“মোৰ উৰুত Ex Boyfriend-এ চিগাৰেটেৰে পুৰিছিল!” সকলো মুকলিকৈ ক’লে এইগৰাকী অভিনেত্ৰীয়ে

“মোৰ উৰুত Ex Boyfriend-এ চিগাৰেটেৰে পুৰিছিল!” সকলো মুকলিকৈ ক’লে এইগৰাকী অভিনেত্ৰীয়ে

9 hours ago
বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

দুৰ্নীতি নিবাৰকৰ জালত প্ৰাক্তন RTO

editor by editor
July 8, 2026
in অপৰাধ, ভাৰত, লেখা
0
১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি
0
SHARES
394
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘লোভেই পাপ পাপেই মৃত্যু’ এই আপ্তবাক্যশাৰী আমাৰ দেশৰ কিছু বিয়াগোম চৰকাৰী বিষয়াৰ ক্ষেত্ৰত সময়ে সময়ে বাৰুকৈয়ে প্ৰযোজ্য হৈ পৰে। লাখ টকাৰ ওচৰত মাহিলী দৰমহা পায়ো তেনে কিছুমান বিষয়াই ক্ষমতাৰ অপব্যৱহাৰেৰে দুৰ্নীতিৰ পাহাৰ গঢ়ে। আজি তেনে এজন দুৰ্নীতিগ্ৰস্ত বিষয়াৰ দুৰ্নীতিৰে গঢ়া সাম্ৰাজ্যত চলিছে ভিজিলেন্সৰ হাতোৰা। উত্তৰ প্ৰদেশ ভিজিলেন্সে আয় অনুপাতে অসামঞ্জস্য সম্পত্তি সঞ্চয়ৰ অভিযোগত ৰাজ্যখনৰ প্ৰাক্তন সহকাৰী আঞ্চলিক পৰিবহণ বিষয়া (ARTO) ললিত কুমাৰৰ লক্ষ্ণৌস্থিত বাসগৃহত বৃহৎ পৰিসৰৰ তালাচী অভিযান চলাই বিপুল পৰিমাণৰ নগদ ধন, সোণ-ৰূপ, হীৰাৰ গহনা আৰু বহু কোটি টকাৰ স্থাৱৰ সম্পত্তিৰ নথি উদ্ধাৰ কৰিছে।

জব্দ ১৩ কিলো সোণ, ৯ কিলো ৰূপ

আদালতে জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিত ৭ আৰু ৮ জুলাইত চলোৱা এই অভিযানত ভিজিলেন্সে ১.৬২ কোটি টকা নগদ ধন, প্ৰায় ১৩ কিলোগ্ৰাম সোণ, ৯ কিলোগ্ৰাম ৰূপ, মূল্যৱান হীৰাৰ অলংকাৰৰ লগতে ৰাজ্যখনৰ বিভিন্ন স্থানত থকা সম্পত্তিৰ নথি জব্দ কৰে। কেৱল উদ্ধাৰ হোৱা সোণ, ৰূপ আৰু অলংকাৰসমূহৰ আনুমানিক মূল্য প্ৰায় ২০ কোটি টকা বুলি ধাৰণা কৰা হৈছে।

ভিজিলেন্সৰ তথ্য অনুসৰি, ২০২৪ চনত ললিত কুমাৰৰ বিৰুদ্ধে দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত আয়তকৈ অধিক সম্পত্তি সঞ্চয় কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল। চৰকাৰৰ নিৰ্দেশ অনুসৰি চলি থকা তদন্তত বহু গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ অহাৰ পাছত আদালতৰ পৰা তালাচী পৰোৱানা সংগ্ৰহ কৰি লক্ষ্ণৌৰ আলীগঞ্জস্থিত তেওঁৰ বাসগৃহত এই অভিযান চলোৱা হয়। তালাচীৰ সময়ত বাসগৃহৰ পৰা ১.৬২ কোটি টকা নগদ ধনৰ লগতে প্ৰায় ১৩ কিলোগ্ৰাম সোণ, ৯ কিলোগ্ৰাম ৰূপ আৰু বহু মূল্যৱান হীৰাৰ গহনা উদ্ধাৰ কৰা হয়।

বিভিন্ন চহৰত আছে কেইবাটাও ফ্লেট, ভূমি

তদন্তকাৰী বিষয়াসকলে লক্ষ্ণৌ, নয়ডা, বাৰাবংকী আৰু ৰায় বৰে’লিকে ধৰি বিভিন্ন স্থানত থকা আৱাসিক গৃহ, কৃষিভূমি আৰু ফ্লেট বুকিঙৰ সৈতে জড়িত বহু নথি উদ্ধাৰ কৰিছে। প্ৰাৰম্ভিক তদন্ত অনুসৰি এই স্থাৱৰ সম্পত্তিসমূহৰ আনুমানিক মূল্য ১৩ কোটি টকাতকৈ অধিক।

বিলাসী বাহন আৰু ৰিভলভাৰ জব্দ

অভিযানৰ সময়ত বেংক একাউণ্ট, ডাকঘৰ, মিউচুৱেল ফাণ্ড আৰু ফিক্সড ডিপজিটত এক কোটিতকৈ অধিক টকাৰ বিনিয়োগৰ নথিও উদ্ধাৰ হয়। ইয়াৰ উপৰিও এখন টয়োটা ইনোভা আৰু এখন হুণ্ডাই i20 বাহনো জব্দ কৰা হৈছে। তদন্তকাৰী দলে এটা পঞ্জীয়নপ্ৰাপ্ত ৰিভলভাৰো জব্দ কৰিছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24cm vigilance
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য
জীৱনশৈলী

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

July 8, 2026
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ
অপৰাধ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

July 8, 2026
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ
বিশ্ব

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

July 8, 2026
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…
জীৱনশৈলী

Relationship Tips: সংগী হ’ব চিৰদিনলৈ দূৰ! যদি আজিয়েই সলনি নকৰে এইকেইটা অভ্যাস

July 8, 2026
Next Post
‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

'ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ'ব' জিকোৰ বিস্ফোৰক অভিযোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.