কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে শেহতীয়াকৈ নতুন দিল্লীত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি জনাইছে যে, ভাৰত চৰকাৰে শীঘ্ৰেই E85 ইন্ধন প্ৰৱৰ্তনৰ পৰিকল্পনা কৰিছে। এই ইন্ধনৰ মূল্য বৰ্তমান ব্যৱহৃত E20 পেট্ৰ’লতকৈ প্ৰতি লিটাৰত প্ৰায় ২০ টকাকৈ কম হ’ব বুলি তেওঁ প্ৰকাশ কৰে। অৱশ্যে মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি কয় যে E85 ইন্ধন সকলো গাড়ীৰ বাবে উপযোগী নহয়। এই ইন্ধন কেৱল ফ্লেক্স-ফুৱেল (Flex-Fuel) বা E85সক্ষম ইঞ্জিনযুক্ত বাহনতহে ব্যৱহাৰ কৰিব পাৰিব। সাধাৰণ পেট্ৰ’লচালিত গাড়ীত E85 ব্যৱহাৰ কৰিলে ইঞ্জিনৰ কাৰ্যক্ষমতা আৰু স্থায়িত্বৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।
E85 কি?
E85 হৈছে এক প্ৰকাৰৰ ইথানল-মিশ্ৰিত ইন্ধন, য’ত প্ৰায় ৮৫ শতাংশ ইথানল আৰু ১৫ শতাংশ পেট্ৰ’ল থাকে। ইথানল মূলতঃ কুঁহিয়াৰ, মাকৈ, ধান বা অন্যান্য কৃষিৰ উৎপাদনৰ পৰা তৈয়াৰ কৰা এক নবীকৰণযোগ্য (Renewable) জৈৱ ইন্ধন। আনহাতে, E20ত ২০ শতাংশ ইথানল আৰু ৮০ শতাংশ পেট্ৰ’ল থাকে। চৰকাৰে E85 প্ৰৱৰ্তনৰ জৰিয়তে— সাধাৰণ গ্ৰাহকক তুলনামূলকভাৱে কম মূল্যত ইন্ধন যোগান ধৰা, বিদেশৰ পৰা কেঁচা তেল আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা, দেশীয় ইথানল উৎপাদন বৃদ্ধি কৰি কৃষকসকলৰ আয় বৃদ্ধিত সহায় কৰা, পৰিৱেশ প্ৰদূষণ আৰু কাৰ্বন নিঃসৰণ হ্ৰাস কৰা, Ethanol Blended Petrol (EBP) কাৰ্যসূচীক অধিক গতিশীল কৰাই মূল উদ্দেশ্য।
ইঞ্জিনৰ সমস্যাৰ আশংকা সন্দৰ্ভত কি মন্তব্য পুৰীৰ?
শেহতীয়াভাৱে দেশৰ বহু বাহনৰ গ্ৰাহকে ইথানল-মিশ্ৰিত পেট্ৰ’ল ব্যৱহাৰ কৰি বাহনৰ ইঞ্জিন ক্ষতিগ্ৰস্ত হোৱাৰ সমস্যাৰ অভিযোগ উত্থাপন কৰিছিল। এই সন্দৰ্ভত মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে চৰকাৰে এই বিষয়সমূহ বৈজ্ঞানিকভাৱে পৰ্যালোচনা কৰিছে। E85ৰ বাবে নিৰ্মাণ কৰা বাহনৰ ক্ষেত্ৰত ইঞ্জিনৰ কোনো বিশেষ ক্ষতি বা কাৰ্যক্ষমতা হ্ৰাসৰ আশংকা নাই বুলি মন্তব্য কৰে পুৰীয়ে। এই সন্দৰ্ভত চলি থকা বহু অপপ্ৰচাৰ আৰু বিভ্ৰান্তিকৰ দাবী নাকচ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
E-85 প্ৰৱৰ্তনৰ ফলত কোনে লাভৱান হ’ব?
E85 উপলব্ধ হ’লে বিশেষকৈ ফ্লেক্স-ফুৱেল বাহনৰ মালিকসকল লাভৱান হ’ব। যদি E85-ৰ মূল্য E20তকৈ প্ৰতি লিটাৰত প্ৰায় ২০ টকাকৈ কম হয়, তেন্তে নিয়মিত বাহন ব্যৱহাৰকাৰীসকলৰ ইন্ধন ব্যয় যথেষ্ট হ্ৰাস পাব। বৰ্তমান চৰকাৰে E85 ইন্ধন প্ৰৱৰ্তনৰ দিশত নীতি-প্ৰস্তুতি চলাই আছে। ইয়াৰ সফল ৰূপায়ণৰ বাবে দেশজুৰি E85 যোগান ব্যৱস্থা, ইন্ধন ভৰোৱাৰ ষ্টেচন আৰু ফ্লেক্স-ফুৱেল বাহনৰ সংখ্যা বৃদ্ধি কৰাটোও প্ৰয়োজন হ’ব। ভাৰতত ইতিমধ্যে ইথানল মিশ্ৰণ কাৰ্যসূচীত উল্লেখযোগ্য অগ্ৰগতি হৈছে আৰু E85 প্ৰৱৰ্তন সেই অভিযানৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















