• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

ইৰাণক “নৰক”লৈ ৰূপান্তৰিত কৰিব আমেৰিকাই, কাৰ নামত ট্ৰাম্পে খালে শপত?

12 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

5 minutes ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

2 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

3 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

3 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

4 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

5 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

6 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

7 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

8 hours ago
হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

8 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ইলাচিয়ে জাগ্ৰত কৰিব কামনা! নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এইদৰে

8 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধে সলনি কৰিব ভাগ্য! ব্যৱসায়ৰ পৰা অৰ্থ অৰ্জনলৈ আহিব পৰিৱৰ্তন

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ইৰাণক “নৰক”লৈ ৰূপান্তৰিত কৰিব আমেৰিকাই, কাৰ নামত ট্ৰাম্পে খালে শপত?

পেন্টাগনে কি তথ্য লুকুৱাবলৈ বাধ্য হৈছে?

editor by editor
July 21, 2026
in বিবিধ, বিশ্ব, লেখা
0
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ
0
SHARES
134
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমেৰিকা আৰু ইৰাণৰ মাজত উত্তেজনা এতিয়া মুকলি যুদ্ধলৈ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে এই বিষয়টো মুকলিকৈ আলোচনা কৰা হোৱা নাছিল যদিও দুজন আমেৰিকান সৈনিকৰ মৃত্যুৰ পিছত ড’নাল্ড ট্ৰাম্পে আলোচনাৰ পৰা প্ৰতিশোধৰ দিশলৈ গুৰুত্ব আৰোপ কৰিছে। এক্সিয়াছৰ এক প্ৰতিবেদন অনুসৰি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিষয়াসকলে কয় যে ড’নাল্ড ট্ৰাম্পে বৰ্তমান কূটনৈতিক সমাধানৰ কথা বিবেচনা কৰা নাই আৰু কেৱল জৰ্ডানৰ বিমানঘাটি আক্ৰমণত দুজন আমেৰিকান সৈনিকৰ হ ত্যাৰ বাবে ইৰাণক পাঠ শিকোৱাতহে মনোনিৱেশ কৰিছে। একেৰাহে দশম দিন ধৰি ইৰাণত ধাৰাষাৰ বোমাবৰ্ষণ অব্যাহত ৰাখিছে আমেৰিকাৰ সেনাই।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ইমানেই ক্ষুব্ধ যে ইৰাণৰ পৰা আমেৰিকাৰ হাতত হোৱা এই লোকচানৰ প্ৰতিশোধ লোৱাৰ প্ৰতিশ্ৰুতি দিছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ট্ৰাম্পে এক সতৰ্কবাণী জাৰি কৰিছে:

এইবাৰ ইৰাণে আমেৰিকাৰ সৈন্যক লক্ষ্য কৰি লোৱাতকৈ বহুগুণ বেছি ক্ষতিগ্ৰস্ত হ’ব লাগিব।

আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে প্ৰকাশ কৰা অনুসৰি আমেৰিকাই ইৰাণৰ ওপৰত অধিক আক্ৰমণ চলাইছে। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সকীয়াই দিছিল যে বিগত কেইদিনত তিনিজন আমেৰিকান সৈনিকৰ মৃত্যুৰ বাবে তেহৰানে যথেষ্ট মূল্য দিব। ইৰাণৰ সংবাদ মাধ্যমে কেইবাটাও স্থানত বিস্ফোৰণৰ বাতৰি প্ৰকাশ কৰিছে। জৰ্ডানৰ মুৱাফ্ফক ছালটি এয়াৰ বেছত আক্ৰমণত দুজন আমেৰিকান জোৱানৰ মৃত্যু হোৱাটো নিশ্চিত কৰিছে পেন্টাগনে। প্ৰথম লেফটেনেণ্ট টাইলাৰ জেমছ ফিহান (২৫) আৰু প্ৰাইভেট ইছাবেলা গনজালেজ (১৯)ক হ ত্যা কৰা হয়। ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে। মাৰ্চ মাহৰ পিছত ইৰাণৰ আক্ৰমণত এয়া প্ৰথম আমেৰিকান মৃত্যু, যিয়ে ড’নাল্ড ট্ৰাম্পৰ ক্ষোভৰ সৃষ্টি কৰিছে।

পেন্টাগনে কি লুকুৱাই ৰাখিছে?

পেন্টাগনৰ মুখপাত্ৰ শ্বেন পাৰ্নেলে এক্সত লিখিছে যে ২০২৬ চনৰ ৭ জুলাইৰ পৰা প্ৰায় ১০০ জন আমেৰিকান সৈন্যই কোনো ধৰণৰ আঘাত পাইছে। ইয়াৰে ৯৬% সৈন্যই কৰ্তব্যলৈ ঘূৰি আহিছে। বেছিভাগ ক্ষেত্ৰতে মূৰত সামান্য আঘাতৰ সৈতে জড়িত। চাৰিজন জোৱান চিকিৎসালয়ত ভৰ্তি হৈছিল যদিও এতিয়া ছুটীত আছে।

চিএনএনৰ বাতৰি অনুসৰি পেন্টাগনে আঘাতৰ খবৰ দিয়াত পলম কৰে। নিউয়ৰ্ক টাইমছে দাবী কৰিছে যে পেন্টাগনে বহু আঘাত লুকুৱাই ৰাখিছে। বিগত ডেৰ-দুমাহ ধৰি পেন্টাগনে কোনো ধৰণৰ প্ৰেছ ব্রিফিং অনুষ্ঠিত কৰা নাই। প্ৰতিৰক্ষা সচিব পিট হেগছেথে সামৰিক কৌশল বা শেহতীয়াকৈ হোৱা মৃত্যুৰ সন্দৰ্ভত কোনো বিশদ বিবৃতি প্ৰকাশ নকৰাত তেওঁৰ এই কাৰ্যক লৈ প্ৰশ্ন উত্থাপন হৈছে।

মধ্যপ্ৰাচ্যত যুদ্ধ বিমানৰ সংখ্যা বৃদ্ধি কৰিছে আমেৰিকাই। ইজৰাইলত উপস্থিত হৈছে কেইবা ডজনো ইন্ধন ভৰোৱা বিমান। ট্ৰাম্প প্ৰশাসনে ইৰাণৰ ওপৰত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে যদিও ঘৰতে হতাহতিৰ খবৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাইছে।

পূৰ্বে সংবাদ মাধ্যমে সৈনিক, পৰিয়াল, আৰু জাতিটোক অৱগত কৰাৰ সুযোগ পাইছিল যদিও এতিয়া হেগছেথে সংবাদ মাধ্যমৰ সৈতে যুঁজি আছে। তেওঁ পেন্টাগন কমপ্লেক্সৰ পৰা সংবাদ মাধ্যমক নিষিদ্ধ কৰিছে আৰু তথ্য ৰখাই ৰাখিছে। চিএনএনৰ প্ৰশ্নৰ উত্তৰত পাৰ্নেলে কয় যে চৰকাৰে বাস্তৱ সময়ৰ আপডেট প্ৰদান কৰিছে যদিও সমালোচকসকলে ইয়াক যথেষ্ট বুলি নাভাবে।

ইৰাণৰ ওপৰত আক্ৰমণ বৃদ্ধি কৰি মধ্যপ্ৰাচ্যত আমেৰিকাই নিজৰ ক্ষমতা শক্তিশালী কৰি তুলিছে। ইজৰাইলত ৩০খনতকৈও অধিক টেংকাৰ নিয়োজিত হৈ আছে, আৰু যুঁজাৰু বিমানৰ নিয়োগও বৃদ্ধি কৰা হৈছে। ট্ৰাম্পে স্পষ্টকৈ উল্লেখ কৰিছিল যে তেহৰানে নিজৰ সৈনিকৰ মৃত্যুৰ মূল্য দিব লাগিব। এতিয়ালৈকে ইৰাণৰ আক্ৰমণত ১০০ৰো অধিক আমেৰিকান সৈনিক আহত হৈছে। এই ক্ষতি আমেৰিকাৰ বাবে অসহ্যকৰ, কিয়নো সৈনিকৰ কফিনৰ আগমনত চৰকাৰসমূহ জোকাৰি গৈছে। এনে পৰিস্থিতিত ড’নাল্ড ট্ৰাম্পে কঠোৰ স্থিতি ল’ব লাগিব, আৰু ইয়াৰ ফলত তেওঁৰ ধৈৰ্য্যৰ পৰীক্ষা কৰা ইৰাণৰ বাবে সংকট বৃদ্ধি পাব পাৰে।

ইৰাণেও তেওঁলোকক অহৰহ উচটনি দি আছে, সেয়া খামেনেইৰ “ছুপাৰ-ডেভিল” বক্তব্যই হওক বা আৰাঘচিৰ যুদ্ধত আগবাঢ়ি যোৱাৰ কথাই হওক। ড’নাল্ড ট্ৰাম্পৰ ওপৰত সকলো ফালৰ পৰা হেঁচা বাঢ়িছে, আৰু তেওঁৰ ভৱিষ্যতৰ কাৰ্য্য বিপজ্জনক হ’ব পাৰে। এই প্ৰেক্ষাপটত ট্ৰাম্প প্ৰশাসনে আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে আৰু জনসাধাৰণৰ আগত প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে যে সৈনিকৰ জীৱন ইয়াৰ বাবে কিমান গুৰুত্বপূৰ্ণ। ইফালে অন্তৱৰ্তীকালীন নিৰ্বাচন ওচৰ চাপিছে, আৰু এয়া হ’ব ট্ৰাম্পৰ যুদ্ধ নীতিৰ অগ্নিপৰীক্ষা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত
নিয়োগ

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

July 21, 2026
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!
ভাৰত

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

July 21, 2026
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য
জীৱনশৈলী

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

July 21, 2026
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি
ভাৰত

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

July 21, 2026
Next Post
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

নেটৱৰ্ক নথকা ঠাইতো হ'ব UPI, আহি আছে ‘Tap-to-Pay’ ফিচাৰ!

ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

কোটিপতি হ'ব বিচাৰে নেকি? মাত্ৰ ডাকঘৰৰ এই আঁচনিত ৰাখক ধন জমা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.